
গুৱাহাটী, ০২ এপ্ৰিল (হি.স.)। সমাগত বিধানসভা নিৰ্বাচন উপলক্ষে নিৰ্বাচনী আচৰণ বিধি বলৱৎ হৈ থকাৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলাৰ আবকাৰী বিভাগে জিলাখনত অভিযান তীব্ৰতৰ কৰি তুলিছে।
যোৱা তিনিটা দিনত বিভিন্ন স্থানত অভিযান চলাই ৬২৫০ লিটাৰ দেশীয় আৰু বিদেশী সুৰা জব্দ কৰে কামৰূপ জিলা আবকাৰী বিভাগে। ইয়াৰ সমান্তৰালকৈ বিভাগটোৱে আন্তঃজিলা সীমান্ত তথা আন আন স্থানত নাকা অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী