ৰন্ধন গেছৰ পিছত ডিজেলৰ সংকট সৃষ্টি তামাৰহাটত
ধুবুৰী, ১৭ এপ্ৰিল (হি.স.)। ৰন্ধন গেছৰ পিছত এইবাৰ তেল ডিপো, তেল ডিপোয়ে দেখা দিছে ডিজেলৰ সংকট । ফলত হাহাকাৰ কৰিব লগীয়া হৈছে কৃষক তথা ডিজেল চালিত বাহনৰ গৰাকীয়ে । তামাৰহাটৰ হাতীধুৰাস্থিত তামাৰহাট গ্ৰাহক সেৱা কেন্দ্ৰ নামৰ তেল ডিপো লৈ নিতৌ ডিজেলৰ বাবে
ৰন্ধন গেছৰ পিছত ডিজেলৰ সংকট সৃষ্টি তামাৰহাটত


ধুবুৰী, ১৭ এপ্ৰিল (হি.স.)। ৰন্ধন গেছৰ পিছত এইবাৰ তেল ডিপো, তেল ডিপোয়ে দেখা দিছে ডিজেলৰ সংকট । ফলত হাহাকাৰ কৰিব লগীয়া হৈছে কৃষক তথা ডিজেল চালিত বাহনৰ গৰাকীয়ে । তামাৰহাটৰ হাতীধুৰাস্থিত তামাৰহাট গ্ৰাহক সেৱা কেন্দ্ৰ নামৰ তেল ডিপো লৈ নিতৌ ডিজেলৰ বাবে আহি উভতি যাবলগীয়া হৈছে গ্ৰাহক সকল ।

বিশেষকৈ ডিজেল চালিত পাম্পছেট মেচিনৰ সহায়ত ইৰি ধানৰ খেতি কৰা কৃষক সকলে পৰিছে বিপাঙত । ডিজেল অবিহনে খেতিপথাৰত যোগান ধৰিব পৰা পানী নাই । আনহাতে ট্ৰেক্টৰকে ধৰি ডিজেল চালিত বাহন চলাচল একপ্ৰকাৰ বন্ধ হৈ পৰিছে তামাৰহাট অঞ্চলত । ইপিনে উৰ্দ্ধতন কতৃপক্ষৰ পৰা ডিপো সমূহত কতৃপক্ষই পৰ্যাপ্ত পৰিমানে ডিজেলৰ যোগান নোপোৱাত গ্ৰাহকক যোগান ধৰিব পৰা নাই ডিজেলৰ । ইয়াৰ উপৰিও কৃষক সকলক অৰ্থাৎ কোনো ড্ৰাম জাতীয় পাত্ৰত ডিজেল যোগানৰ বাবে উৰ্দ্ধতন কতৃপক্ষই নিষেধজ্ঞা জাৰি কৰিছে ডিপো কতৃপক্ষক । ফলত খেতিপথাৰত পানী যোগান ধৰা মেচিনৰ বাবে ডিজেল বিচাৰি হাহাকাৰ কৰিব লগীয়া হৈছে ডিপো সমূহত ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande