
গোলাঘাট, ১৫ এপ্ৰিল (হি.স.)। সদ্য় ঘোষিত চিবিএছই পৰীক্ষাত দেৰগাঁৱৰ সমীপৱৰ্তী মিছামৰা দুলীয়াগাঁৱৰ ভূয়সী বৰাই সফলতা বুটলি আনিছে । সদ্য ঘোষিত চিবিএছইৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়, গোলাঘাটৰ পৰা ৯৯.২% নম্বৰেৰে উৰ্ত্তীণ হৈ ভিতৰুৱা গৌৰৱ কঢ়িয়াই আনিলে সমগ্ৰ গোলাঘাট জিলালৈ ।
ভূয়সীৰ পিতৃ হৈছে উদয়ন কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ ভাস্কৰ জ্যোতি বৰা আৰু মাতৃ হৈছে ঢেকীয়াল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী পল্লৱী বৰা। ভূয়সীৰ ককাক দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ প্ৰাক্তন গ্ৰন্থাগাৰিক প্ৰয়াত খগেশ্বৰ বৰা আৰু আইতাক অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী সুৰপ্ৰভা বৰা । ভৱিষ্যতে ভূয়সীয়ে এগৰাকী সু- চিকিৎসক হোৱাৰ সপোন পুহি ৰাখিছে।
উল্লেখযোগ্য যে, পিতৃ ভাষ্কৰ বৰা আৰু পেহীয়েক সঞ্চিতা বৰাইও পূৰ্বতে স্থান লাভ কৰি গৌৰৱ কঢ়িয়াইছিল জিলাখনলৈ। ভূয়সীৰ এই সফলতাত আনন্দিত হৈ পৰিছে সকলো ।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা