
গোলাঘাট, ১৬ এপ্ৰিল (হি.স.)। ব'হাগৰ পহিলা দিনটোতে বোকাখাতত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় ৷ বোকাখাত পৌৰসভাৰ ৯ নং ৱাৰ্ডৰ পূব জ্যোতিপুৰ ম'হমাইকী গাঁৱত সংঘটিত হয় এই অগ্নিকাণ্ড সংঘটিত হয় ৷ পত্নীৰ সৈতে পাৰিবাৰিক কণ্ডলৰ বাবে নিচাসক্ত অৱস্থাত থকা ভাইটি ৰাজোৱাৰ নামৰ লোকজনে পত্নীক মাৰধৰ কৰি খেদি দি নিজৰ ঘৰতেই অগ্নি সংযোগ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷
নিজৰ ঘৰতেই অগ্নি সংযোগ কৰি ভাইটি ৰাজোৱাৰ নামৰ লোকজন পলায়ন কৰে বুলি জানিবলৈ দিয়ে স্থানীয় গাঁওৰক্ষী বাহিনীয়ে ৷ তাৎক্ষণিকভাৱে ঘটনাস্থলীত বোকাখাত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰে যদিও অগ্নিত বাসগৃহতো সম্পূৰ্ণৰূপে ভস্মিভূত হয় ৷ অৱশ্যে অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে ৷
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা