
চিৰং, ১৬ এপ্ৰিল (হি.স.)। ৰঙালী বিহুৰ আনন্দত মতলীয়া ৰাজ্যবাসী । এইক্ষেত্ৰত পিছপৰি থকা বিটিচিবাসী সকলো । খাম, ছিফুং, জোথা, ছেৰজাৰ সংগীতৰ তালে তালে ৰংজালি বৈছাগুৰ আনন্দ মতলীয়া হৈ পৰে বড়ো জনগোষ্ঠীয় লোক সকল ।
অসমীয়া সমাজৰ প্ৰচলিত বিহুৰ নীতি নিয়মৰ দৰে বড়ো সমাজতো যুৱক, যুৱতী, পুৰুষ মহিলা সকলোৱেই একত্ৰিত হৈ গৃহস্থৰ চোতালত আহি ৰংজালী বৈছাগু উপলক্ষে লাংদাং বৈছাগু নৃত্য পৰিৱেশ কৰে আৰু কণিষ্ঠ জনে জেষ্ঠ্যজনক সেৱা জনায় আৰু জেষ্ঠ্য সকলেও আশীৰ্বাদ কৰে ।
চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতা স্থিত অসম ফুটবল সন্থাৰ সাধাৰণ সম্পাদক ডঃ ছাংগ্ৰাং ব্ৰহ্মৰ বাসগৃহত ৰংজালি বৈছাগু উদযাপনৰ এক সুন্দৰ দৃশ্য পৰিলক্ষিত হয়। ডঃ ছাংগ্ৰাং ব্ৰহ্মই নিজে খাম বজাই বজাই বড়ো ছিখলা সকলৰ সৈতে লাংদাং বৈছাগু নৃত্যত অংশগ্ৰহণ কৰা দেখা পোৱা গল।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা