
নগাঁও, ১৬ এপ্ৰিল (হি.স.)। ৰাজ্য়ত ৰঙালী উৎসৱৰ তৃতীয় দিনা আজি গোসাঁই বিহু উপলক্ষে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত উখল মাখল পৰিৱেশ বিৰাজ কৰে । সত্ৰৰ আয়তী সকলে পূৰ্ব পৰম্পৰা অনুসৰি গুৰুজনাৰ গুনানুকীৰ্তনৰে সত্ৰ পদক্ষিন কৰে। গুৰুজনাৰ সংস্কৃতিৰে মহীয়ান শলগুৰি সত্ৰৰ এইসকল আয়তীয়ে অধীৰ আগ্ৰহেৰে বাট চাই থাকে ব'হাগৰ এই দিনটোলৈ। বুঢ়া মেথা জীয়ৰী, বোৱাৰীৰ পৰা কণমানি লৈকে সকলোৱে পৰম্পৰা ৰক্ষা কৰি উলাই আহি এনেদৰে কৰিলে আনন্দ উল্লাস।
উল্লেখযোগ্য যে, গুৰুজনাৰ পদৰেণুৰে ৰঞ্জিত বটদ্ৰৱাবাসীৰ লোকবিশ্বাস অনুসৰি আজিৰ গোসাঁই বিহুৰ এই বিশেষ দিনটোত তেল হালধি সানি মানুহ বিহুৰ দৰে পৰম্পৰা ৰক্ষা কৰি আহিছে। ইফালে মংগল কামনা কৰি সত্রৰ প্রতিঘৰ গৃহস্থই পদূলিয়ে পদূলিয়ে গুৱা-পান-দক্ষিণা আগবঢ়াই আইমাতৃ সকলৰ পৰা
আশীৰ্বাদ গ্রহণ কৰে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা