
হায়দৰাবাদ, ১৫ এপ্ৰিল (হি.স.)। অন্ধ্ৰ প্ৰদেশৰ শ্ৰী সত্যচাই জিলা (পুট্টাপৰ্থী)ৰ কাম্মাৰাৱৰিপল্লী গাঁৱৰ এটা আৱাসিক ঘৰত ৰন্ধা-বঢ়া কৰি থকা অৱস্থাত এটা গেছ চিলিণ্ডাৰ বিস্ফোৰণত নিহত হয় তিনিজন লোক। দুৰ্ঘটনাটোত দুটা ঘৰ ভাঙি যোৱাৰ লগতে আন কেইবাটাও ঘৰৰ ক্ষতিসাধন হয়। আৰক্ষীয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।
তেলেংগানাৰ শ্ৰমিকসকলে কাম্মাৰাৱৰীপল্লী গাঁৱৰ কাদিৰি মণ্ডলৰ এটা ঘৰত ৰন্ধা-বঢ়া কৰি থকা অৱস্থাত হঠাতে নিশা প্ৰায় ১২:৩০ বজাত গেছ চিলিণ্ডাৰটো বিস্ফোৰণ ঘটে। বিস্ফোৰণ ইমানেই প্ৰবল আছিল যে দুটা ঘৰ ভাঙি কাষৰ কেইবাটাও ঘৰত ফাট মেলিছিল। এই দুৰ্ঘটনাত নিহত হয় তিনি শ্ৰমিক। আৰক্ষী অধীক্ষক এছ সতীশে জানিবলৈ দিয়া মতে, নিহত লোকক চিনাক্ত কৰা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া