প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ লিয়াণ্ডাৰ পেজৰ, ক্ৰীড়া আৰু ৰাষ্ট্ৰ-নিৰ্মাণৰ বিষয়ে চৰ্চা
নতুন দিল্লী, ০১ এপ্ৰিল (হি.স.)। বিজেপি নেতা তথা প্ৰাক্তন টেনিছ খেলুৱৈ লিয়েণ্ডাৰ পেজে বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে। দুয়োজনে ক্ৰীড়া, যুৱসকলৰ ভূমিকা, আৰু ৰাষ্ট্ৰ-নিৰ্মাণৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে। ছ’চিয়েল মিডি
भाजपा नेता और पूर्व टेनिस खिलाड़ी लिएंडर पेस ने बुधवार को प्रधानमंत्री नरेन्द्र मोदी से मुलाकात की।


নতুন দিল্লী, ০১ এপ্ৰিল (হি.স.)। বিজেপি নেতা তথা প্ৰাক্তন টেনিছ খেলুৱৈ লিয়েণ্ডাৰ পেজে বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে। দুয়োজনে ক্ৰীড়া, যুৱসকলৰ ভূমিকা, আৰু ৰাষ্ট্ৰ-নিৰ্মাণৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত বৈঠকৰ বিষয়ে তথ্য ভাগ-বতৰা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, লিয়াণ্ডাৰ পেজৰ সৈতে এই বৈঠকখন আছিল এক সুন্দৰ বৈঠক। টেনিছত তেওঁৰ কৃতিত্বৰ বাবে ভাৰতে অতি গৌৰৱান্বিত। আমি বহু বিষয়ত আলোচনা কৰিলোঁ। ক্ৰীড়া আৰু ৰাষ্ট্ৰ গঠনৰ প্ৰতি তেওঁৰ আকৰ্ষণ সঁচাকৈয়ে প্ৰশংসনীয়।

ক্ৰীড়া জগতলৈ পেজৰ অৱদানৰ কথা সোঁৱৰণ কৰি মোদীয়ে কয় যে তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে আৰু যুৱক-যুৱতীসকলৰ বাবে প্ৰেৰণা হৈয়েই আছে।

প্ৰধানমন্ত্ৰীৰ পোষ্টৰ প্ৰতি সঁহাৰি জনাই লিয়েণ্ডাৰ পেজে 'এক্স'ত লিখিছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্ব, শক্তি আৰু ৰাষ্ট্ৰৰ প্ৰতি থকা আকৰ্ষণত মই আপ্লুত হৈছো। আপোনাৰ দলৰ অংশ হৈ আপোনাৰ নিৰ্দেশনাত দেশৰ সেৱা কৰাটো মোৰ বাবে এক সন্মান। জয় হিন্দ, জয় ভাৰত।

উল্লেখযোগ্য যে লিয়াণ্ডাৰ পেজ ভাৰতৰ অন্যতম সফল টেনিছ খেলুৱৈ হিচাপে পৰিগণিত হৈছে আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসংখ্য খিতাপ জয় কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। তেওঁ যোৱাকালি মঙলবাৰে দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৰ উপস্থিতিত বিজেপিত যোগদান কৰে। তেতিয়াৰ পৰাই তেওঁ বিজেপিৰ জ্যেষ্ঠ নেতাসকলক সৌজন্যমূলক সাক্ষাৎ কৰি আহিছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande