নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে বালেন্দ্ৰ শ্বাহৰ শপত গ্ৰহণ
কাঠমাণ্ডু, ২৭ মাৰ্চ (হি.স.)। নেপালৰ ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টিৰ সংসদীয় দলৰ নেতা বালেন্দ্ৰ শ্বাহে (বালেন) শুকুৰবাৰে দেশখনৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। শীতল নিৱাসত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত ৩৬ বছৰীয়া বালেনক কাৰ্যভাৰ আৰু গোপনীয়তাৰ শপত গ্
प्रधानमंत्री पद की शपथ लेते बालेन्द्र शाह


কাঠমাণ্ডু, ২৭ মাৰ্চ (হি.স.)। নেপালৰ ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টিৰ সংসদীয় দলৰ নেতা বালেন্দ্ৰ শ্বাহে (বালেন) শুকুৰবাৰে দেশখনৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। শীতল নিৱাসত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত ৩৬ বছৰীয়া বালেনক কাৰ্যভাৰ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰোৱায় ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌডেলে।

ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি পৌডেলে সংবিধানৰ ৭৬(১) অনুচ্ছেদৰ অধীনত প্ৰতিনিধি সদনত সংখ্যাগৰিষ্ঠ দলৰ নেতা হিচাপে শ্বাহক প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিছিল । নেপালৰ সংবিধান ২০১৫ (২০৭২) প্ৰণয়ন হোৱাৰ পিছত এই দফা ব্যৱহাৰ কৰি প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী নিযুক্তি দিয়া হৈছে। ইয়াৰ লগে লগে প্ৰথমবাৰৰ বাবে মধেচী সম্প্ৰদায়ৰ এজন ব্যক্তি নেপালৰ প্ৰধানমন্ত্ৰী হৈ পৰিছে।

কাঠমাণ্ডু মহানগৰ পৌৰসভাৰ মেয়ৰৰ পদৰ পৰা পদত্যাগ কৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা শ্বাহ প্ৰথমবাৰৰ বাবে সংসদত প্ৰৱেশ কৰিয়েই প্ৰধানমন্ত্ৰী হয়। ঝাপা এৰিয়া-৫ সংসদীয় সমষ্টিৰ পৰা প্রাক্তন প্রধানমন্ত্রী কে পি শর্মা অলিক প্রায় ৫০ হাজাৰ ভোটৰ ব্যৱধানত পৰাস্ত কৰি তেওঁ প্রতিনিধি সদনৰ নির্বাচনত জয়লাভ কৰে ৷

শ্বাহৰ মন্ত্ৰীসভাত স্বৰ্ণিম ৱাগলেক বিত্তমন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ বিপৰীতে সুদন গুৰুঙক গৃহ মন্ত্ৰালয়ৰ দায়িত্ব দিয়া হৈছে। শিশিৰ খানালক বিদেশ মন্ত্ৰালয়ৰ দায়িত্ব দিয়া হৈছে। ভৌতিক আন্তঃগাঁথনি, পৰিবহণ, আৰু নগৰ উন্নয়ন মন্ত্ৰালয়ৰ দায়িত্ব দিয়া হৈছে সুনীল লামছালক।

ইফালে বিৰাজভক্ত শ্ৰেষ্ঠক শক্তি, জলসম্পদ, আৰু জলসিঞ্চন মন্ত্ৰালয়ৰ নেতৃত্ব দিয়াৰ বিপৰীতে খডকাৰজ পৌডেল (গণেশ)ক পৰ্যটন মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে। শিক্ষা, বিজ্ঞান আৰু প্ৰযুক্তি তথা যুৱ আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ দায়িত্ব প্ৰদান কৰা হৈছে সাস্মিত পোখাৰেলক। নিশা মেহতা স্বাস্থ্য আৰু জনসংখ্যা মন্ত্ৰী হোৱাৰ বিপৰীতে বিক্ৰম টিমিলছিনাক যোগাযোগ মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে।

একেদৰে প্ৰতিভা ৰাৱালক সাধাৰণ প্ৰশাসন মন্ত্ৰী, দীপক শ্বাহক শ্ৰম আৰু নিয়োগ মন্ত্ৰী, সোভিতা গৌতমক আইন মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে। গীতা চৌধুৰীক কৃষি আৰু পশুপালন, বন তথা পৰিৱেশ মন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ বিপৰীতে সীতা ৱাডীক মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande