(লিড) ভাৰত-কানাডাৰ মাজত ৮ খন চুক্তি, ৯ টা ঘোষণা, বাণিজ্য চুক্তিৰ বিষয়ত চুক্তি স্বাক্ষৰ
নতুন দিল্লী, ০২ মাৰ্চ (হি.স.)। ভাৰত আৰু কানাডাৰ মাজত সোমবাৰে হোৱা দ্বিপাক্ষিক আলোচনাৰ অন্তত দুয়োখন দেশে পাৰস্পৰিক সহযোগিতা শক্তিশালী কৰাৰ দিশত উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰে। আলোচনাৰ পিছত মুঠ আঠখন চুক্তি স্বাক্ষৰিত হয় আৰু ৯টা মূল ঘোষণা কৰা হয়, যা
दोनों देशों के प्रधानमंत्री समझौतों के आदान प्रदान के साक्षी बनते हुए


নতুন দিল্লী, ০২ মাৰ্চ (হি.স.)। ভাৰত আৰু কানাডাৰ মাজত সোমবাৰে হোৱা দ্বিপাক্ষিক আলোচনাৰ অন্তত দুয়োখন দেশে পাৰস্পৰিক সহযোগিতা শক্তিশালী কৰাৰ দিশত উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰে। আলোচনাৰ পিছত মুঠ আঠখন চুক্তি স্বাক্ষৰিত হয় আৰু ৯টা মূল ঘোষণা কৰা হয়, যাৰ লক্ষ্য হৈছে বিভিন্ন ক্ষেত্ৰত অংশীদাৰিত্ব সম্প্ৰসাৰণ কৰা।

এই আলোচনাত ভাৰত-কানাডা ব্যাপক অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তিৰ বিচাৰণীয় বিষয় (টাৰ্মছ অৱ ৰেফাৰেন্স) নিশ্চিত কৰা হয়। প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত ভাৰত-কানাডা-অষ্ট্ৰেলিয়া ত্ৰিপাক্ষিক চুক্তিত উপনীত হয়। ভাৰতলৈ ইউৰেনিয়াম যোগানৰ বাবে বাণিজ্যিক চুক্তি স্বাক্ষৰিত হয়।

সোমবাৰে দিল্লীৰ হায়দৰাবাদ হাউচত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। চৰ্চাৰ অন্তত প্ৰতিৰক্ষা, শিক্ষা, কৃষি, উদ্ভাৱন আদি ক্ষেত্ৰত সহযোগিতাৰ চুক্তিৰ আদান-প্ৰদান হয় দুয়োগৰাকী নেতাৰ উপস্থিতিত। ইয়াৰ পিছতে দুয়োগৰাকী নেতাই যৌথ প্ৰেছ বিবৃতি প্ৰদান কৰে। বৈঠকত প্ৰধানমন্ত্ৰীয়ে দুয়োখন দেশৰ মাজত সহযোগিতা ত্বৰান্বিত কৰাৰ বাবে কাৰ্নীক প্ৰশংসা কৰাৰ বিপৰীতে কাৰ্ণীয়ে প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বক প্ৰশংসা কৰে। তেওঁ স্বামী বিবেকানন্দৰ উদ্ধৃতি দি তেওঁৰ বিখ্যাত উক্তিটোৰ প্ৰতিধ্বনি দি কয় যে, “আমি আগবাঢ়ি যাম, উন্নত ভাৰত ২০৪৭ আৰু শক্তিশালী কানাডা ২০৪৭ৰ লক্ষ্যত উপনীত নোহোৱালৈকে আমি ৰৈ নাথাকো।”

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰত-কানাডা প্ৰতিৰক্ষা আলোচনা আৰু সংসদীয় বন্ধুত্ব গোট গঠন কৰা হ’ব, আৰু ভাৰত-কানাডাৰ চিইঅ’ ফ’ৰাম পুনৰ গঠন কৰা হ’ব। কানাডাই গ্ল’বেল বায়’ফুৱেলছ এলায়েন্স আৰু ইণ্টাৰনেশ্যনেল ছ’লাৰ এলায়েন্সত যোগদান কৰিব। তদুপৰি ভাৰতৰ সহযোগত কানাডাই ইণ্ডিয়ান অ’চেন ৰিম এছ’চিয়েশ্যনত আলোচনাৰ অংশীদাৰ হিচাপে যোগদান কৰিব।

মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰতত পালছ প্ৰটিনৰ যৌথ উৎকৃষ্টতা কেন্দ্ৰ স্থাপন কৰা হ’ব। ১৭-৩০ মাৰ্চৰ পৰা অনুষ্ঠিত হ’বলগীয়া আগন্তুক ইণ্ডিয়া ট্ৰাইবেল ফেষ্টিভেল ২০২৬ত কানাডাই অংশগ্ৰহণ কৰিব।

ইউনিভাৰ্চিটিজ কানাডাই আৰম্ভ কৰিব নতুন কানাডা-ভাৰত যুটীয়া দক্ষতা আৰু উদ্ভাৱন কৌশল। কৃত্ৰিম বুদ্ধিমত্তা, স্বাস্থ্যসেৱা, কৃষি, আৰু উদ্ভাৱনৰ দৰে ক্ষেত্ৰত বিশ্ববিদ্যালয়/প্ৰতিষ্ঠানৰ মাজত চৌবিশটা অংশীদাৰিত্ব চুক্তিৰ দিন ধাৰ্য কৰা হৈছে। ইয়াৰ উপৰিও গ্ল’বেলিংক ৰিচাৰ্চ ইন্টাৰশ্বিপ, জটিল খনিজ সহযোগিতা, নবীকৰণযোগ্য শক্তিৰ ব্যৱহাৰক প্ৰসাৰিত কৰা, আৰু সাংস্কৃতিক সহযোগিতাৰ ওপৰত বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হয়।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব (পূব) পি কুমাৰনে উল্লেখ কৰে যে এই ভ্ৰমণৰ ফলত পাঁচটা সুনিৰ্দিষ্ট ফলাফল পোৱা গৈছে। প্ৰথমে চিইপা আৰম্ভ কৰাৰ জৰিয়তে এক বহনক্ষম অৰ্থনৈতিক কুশ্বন প্ৰদানৰ বাবে এক চুক্তিত উপনীত হয়। চিইপিএৰ চৰ্তসমূহত স্বাক্ষৰ কৰিলে ২০২৬ চনৰ শেষৰ ফালে এক বিস্তৃত, সুষম আৰু পাৰস্পৰিকভাৱে লাভজনক চুক্তিৰ বাবে এক স্পষ্ট ৰোডমেপ প্ৰদান কৰা হয়।

কুমাৰনে উল্লেখ কৰে যে নৰেন্দ্ৰ মোডী আৰু কানাডাৰ প্ৰধানমন্ত্ৰীয়ে ইজৰাইল-ইৰাণৰ সংকটৰ বিষয়ে আলোচনা কৰে। ইৰাণ আৰু উপসাগৰীয় অঞ্চলৰ পৰিস্থিতিক লৈ ভাৰতে গভীৰ উদ্বেগ প্ৰকাশ কৰি সকলো পক্ষকে সংযম বজাই ৰাখিবলৈ, তীব্ৰতা বৃদ্ধিৰ পৰা হাত সাৰিবলৈ, সাধাৰণ নাগৰিকৰ সুৰক্ষাক অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনায়। আলোচনা আৰু কূটনীতিৰ জৰিয়তে সমাধানৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল।

অপৰাধৰ বিষয়ত কুমাৰনে উল্লেখ কৰে যে ভাৰত আৰু কানাডাৰ মাজত নিৰাপত্তা সহযোগিতা শক্তিশালী হৈছে। দিল্লী আৰু অট’ৱাত দুয়োখন দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাৰ মাজত বৈঠক অনুষ্ঠিত হয়। সন্ত্ৰাসবাদ বিৰোধী যুটীয়া কাৰ্য্যগোষ্ঠী সক্ৰিয় হৈ আছে। প্ৰত্যাৰ্পণ আৰু আইনী সহযোগিতাৰ আলোচনা চলি আছে। নিচাযুক্ত দ্ৰব্য আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠিত অপৰাধৰ বিৰুদ্ধে যুঁজিবলৈ সমন্বয় বৃদ্ধিৰ বাবে এক চুক্তিত উপনীত হয়।

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ ভাষণত দুয়োখন দেশৰ সম্পৰ্ক ত্বৰান্বিত কৰাৰ বাবে ভ্ৰমণকাৰী নেতাগৰাকীক প্ৰশংসা কৰে। তেওঁ উল্লেখ কৰে যে আগন্তুক বাণিজ্য চুক্তিয়ে দুয়োখন দেশৰ মাজত বাণিজ্য আৰু বিনিয়োগ বৃদ্ধি কৰিব। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে অত্যাৱশ্যকীয় খনিজ পদাৰ্থৰ চুক্তিয়ে যোগান শক্তিশালী কৰিব। দুয়োখন দেশৰ ষ্টাৰ্টআপ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানে মহাকাশ খণ্ডত সংযোগ স্থাপন কৰিব।

সন্ত্ৰাসবাদ আৰু উগ্ৰবাদক মানৱতাৰ বাবে এক উমৈহতীয়া প্ৰত্যাহ্বান বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিশ্ব শান্তি আৰু স্থিতিশীলতাৰ বাবে দুয়োখন দেশৰ বিৰুদ্ধে সহযোগিতা অতি প্ৰয়োজনীয়।

পশ্চিম এছিয়াৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে আলোচনা আৰু কূটনীতিৰ জৰিয়তে সকলো বিবাদ নিষ্পত্তি কৰাত সমৰ্থন আগবঢ়ায়। তেওঁ লগতে উল্লেখ কৰে যে সাম্প্ৰতিক পৰিস্থিতিত ভাৰতে সকলো দেশৰ সৈতে সকলো নাগৰিকৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে কাম কৰি যাব।

কানাডাৰ প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষণত উল্লেখ কৰে যে বিগত এটা বছৰত দুয়োখন চৰকাৰৰ মাজত সহযোগিতা বৃদ্ধি পাইছে। তেওঁ কয়, এয়া কেৱল সম্পৰ্কৰ নবীকৰণ নহয়, বৰঞ্চ নতুন উচ্চাকাংক্ষা, লক্ষ্য আৰু দৃষ্টিভংগী প্ৰতিফলিত কৰা এক মূল্যৱান অংশীদাৰিত্বৰ সম্প্ৰসাৰণ। এইটো ভৱিষ্যতৰ বাবে নিজৰ পথ নিৰ্ধাৰণ কৰা দুখন আত্মবিশ্বাসী দেশৰ অংশীদাৰিত্ব।

ভাষণত কানাডাৰ প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বক প্ৰশংসা কৰে। তেওঁ কয় যে তেওঁৰ নেতৃত্বত ভাৰতবৰ্ষ বিগত দশকত বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতি আৰু এক বৃহৎ শক্তি হিচাপে পৰিগণিত হৈছে। এই প্ৰেক্ষাপটত কানাডাই তেওঁৰ উচ্চাকাংক্ষা আৰু উদ্দেশ্যবোধৰ অংশীদাৰ।

কাৰ্নীয়ে কয় যে দুয়োখন দেশে স্বচ্ছ শক্তিৰ ক্ষেত্ৰত সহযোগিতা আৰু অধিক শক্তিশালী কৰি তুলিছে আৰু বতাহ, সৌৰ, আৰু হাইড্ৰজেন শক্তিৰ ক্ষেত্ৰত সহযোগিতা সম্প্ৰসাৰণ কৰিছে। ২০৫০ চনৰ ভিতৰত আমাৰ গ্ৰীড দুগুণ কৰাৰ পৰিকল্পনা কৰিছো, আৰু ভাৰত এই সম্প্ৰসাৰণৰ মূল অংশীদাৰ হ’ব পাৰে।’

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande