
- যাত্ৰীসকলে এতিয়া নিজৰ পছন্দৰ ৬০% আসন বাছি ল’ব পাৰিব, আৰু অতিৰিক্ত মাচুলও ৰোধ কৰা হ’ব
নতুন দিল্লী, ১৮ মাৰ্চ (হি.স.)। কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে বুধবাৰে জাৰি কৰিলে বিমান যাত্ৰা সহজ কৰি তোলাৰ বাবে নতুন নিৰ্দেশনা । যিকোনো বিমানত অতিৰিক্ত মাচুল নোহোৱাকৈ কমেও ৬০% আসন উপলব্ধ কৰিবলৈ বিমান সংস্থাক নিৰ্দেশ দিছে, যাতে সকলো যাত্ৰীৰ বাবে সমান সুযোগ সুনিশ্চিত হয়। ইয়াৰ লক্ষ্য হৈছে যাত্ৰীসকলৰ বাবে স্বচ্ছ আৰু সুবিধাজনক বিমান পৰিবহণ সুনিশ্চিত কৰা।
নতুন গাইডলাইনত একেটা পিএনআৰ (যাত্ৰীৰ নাম ৰেকৰ্ড)ত যাত্ৰা কৰা যাত্ৰীসকলক একেলগে বহিবলৈও নিৰ্দেশ দিয়া হৈছে, যাতে তেওঁলোকে কাষৰ আসনত বহিব পাৰে। ইয়াৰ দ্বাৰা পৰিয়াল বা গোট ভ্ৰমণকাৰীৰ বাবে অধিক সুবিধা লাভ কৰিব। এই গাইডলাইনসমূহ ঘৰুৱা বিমানৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব। বিমান সংস্থাসমূহে আসন বাছনিকে ধৰি বিভিন্ন সেৱাৰ বাবে অধিক মাচুল লোৱাৰ সময়ত এই ব্যৱস্থা গ্ৰহণ কৰিছে। অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে বিমান সংস্থাসমূহক নিৰ্দেশ দিছে যে প্ৰতিখন বিমানতে কমেও ৬০ শতাংশ আসন বিনামূলীয়াকৈ উপলব্ধ কৰি ন্যায্য প্ৰৱেশ সুনিশ্চিত কৰিব পাৰি।
অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কে ৰামমোহন নাইডুৱে উল্লেখ কৰে যে যাত্ৰীৰ সুবিধা আৰু অধিক বৃদ্ধিৰ বাবে গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে। তেওঁ কয় যে নতুন নিৰ্দেশনাৰ ভিতৰত ৬০ শতাংশ আসন বিনামূলীয়াকৈ প্ৰদান কৰা, পৰিয়ালৰ আসনৰ ব্যৱস্থা, ক্ৰীড়াৰ সঁজুলি, বাদ্যযন্ত্ৰ, পোহনীয়া জন্তু পৰিবহণৰ বাবে স্পষ্ট আৰু স্বচ্ছ নিয়ম আদি অন্তৰ্ভুক্ত কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে পলম আৰু টিকট বাতিল হ’লে যাত্ৰীৰ অধিকাৰ বলবৎ কৰাটো অধিক শক্তিশালী কৰা হ’ব।
মন্ত্ৰালয়ে জনোৱা মতে, বিমান সংস্থাৰ ৱেবছাইট, মোবাইল এপ্লিকেচন, বুকিং প্লেটফৰ্ম, বিমানবন্দৰৰ কাউণ্টাৰত যাত্ৰীৰ অধিকাৰৰ তথ্য বিশিষ্টভাৱে প্ৰদৰ্শন কৰিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে। যাত্ৰীসকলৰ অধিকাৰৰ বিষয়েও স্পষ্ট তথ্য আঞ্চলিক ভাষাত প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়া হৈছে যাতে ব্যাপক প্ৰৱেশ আৰু সজাগতা নিশ্চিত কৰিব পৰা যায়। অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে কয় যে যাত্ৰীৰ অভিজ্ঞতা উন্নত কৰা, স্বচ্ছতা নিশ্চিত কৰা, অভিযোগ হ্ৰাস কৰা, আৰু বিমান ব্যৱস্থাত সুৰক্ষাৰ উচ্চতম মানদণ্ড বজাই ৰখাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া