খাৰুৱা তেলৰ মূল্য ছয় শতাংশতকৈ অধিক হ্ৰাস, ভাৰতৰ দৰে তেল আমদানিকাৰকৰ বাবে সকাহ
নতুন দিল্লী, ১০ মাৰ্চ (হি.স.)। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ সৈতে যুদ্ধ শীঘ্ৰে শেষ হ’ব বুলি ঘোষণা কৰাৰ পিছতে আন্তঃৰাষ্ট্ৰীয় বজাৰতো খাৰুৱা তেলৰ মূল্য তীব্ৰভাৱে হ্ৰাস পোৱাৰ কথা উল্লেখ কৰে। আজি খাৰুৱা তেলৰ মূল্য প্ৰায় ছয় শতাংশ হ্ৰাস প
प्रतीकात्मक


নতুন দিল্লী, ১০ মাৰ্চ (হি.স.)। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ সৈতে যুদ্ধ শীঘ্ৰে শেষ হ’ব বুলি ঘোষণা কৰাৰ পিছতে আন্তঃৰাষ্ট্ৰীয় বজাৰতো খাৰুৱা তেলৰ মূল্য তীব্ৰভাৱে হ্ৰাস পোৱাৰ কথা উল্লেখ কৰে। আজি খাৰুৱা তেলৰ মূল্য প্ৰায় ছয় শতাংশ হ্ৰাস পায়। এই হ্ৰাসৰ ফলত ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ৯৩ ডলাৰ আৰু পশ্চিম টেক্সাছ ইণ্টাৰমিডিয়েট (ডব্লিউ টি আই) খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ৮৮ ডলাৰ হয়।

ইয়াৰ পূৰ্বে সোমবাৰে খাৰুৱা তেলৰ মূল্যই ১১৯ ডলাৰৰ সীমা অতিক্ৰম কৰিছিল। অৱশ্যে ড’নাল্ড ট্ৰাম্পে যুদ্ধ শেষ হ’ব বুলি ঘোষণা কৰাৰ পিছত কালি ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ৯৮.৯৬ ডলাৰলৈ হ্ৰাস পায় । ইয়াৰ পাছতে ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ৯১.৪৯ ডলাৰত ব্যৱসায় আৰম্ভ হয়। ব্যৱসায় আৰম্ভ হোৱাৰ লগে লগে প্ৰতি বেৰেলত ৮৮.২২ ডলাৰলৈ হ্ৰাস পায়। অৱশ্যে ইয়াৰ পিছত ইয়াৰ দাম আকৌ এবাৰ বৃদ্ধি পাবলৈ ধৰিলে। পুৱা ১১ বজালৈকে ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ৯২.৯১ ডলাৰত বিক্ৰী হৈছিল, যিটো ৬.১৪ শতাংশ হ্ৰাস পাইছে।

সোমবাৰে প্ৰতি বেৰেলত ১১৯ ডলাৰ স্পৰ্শ কৰাৰ পিছত পশ্চিম টেক্সাছ ইণ্টাৰমিডিয়েট (ডব্লিউ টি আই) খাৰুৱা তেলৰ মূল্যও ৯৪.৭৭ ডলাৰত বন্ধ হয়। আজি ইয়াৰ মূল্যও প্ৰতি বেৰেলত ৮৭.৮১ ডলাৰত ব্যৱসায় আৰম্ভ হয়। ব্যৱসায় আৰম্ভ হোৱাৰ পিছত ডব্লিউ টি আই খাৰুৱা তেলৰ মূল্য হ্ৰাস পাই প্ৰতি বেৰেলত ৮৪.৪৩ ডলাৰ হয়। ইয়াৰ পিছত ইয়াৰ গতিবিধিৰ উন্নতি ঘটিল। পুৱা ১১ বজালৈকে ডব্লিউ টি আই খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ৮৮.৩৮ ডলাৰত বিক্ৰী হৈছিল, যিটো ৬.৭৯ শতাংশ হ্ৰাস পাইছে।

একেদৰে ফ্যুচাৰ বজাৰত ব্ৰেণ্ট খাৰুৱা তেলৰ ফ্যুচাৰ বৰ্তমান প্ৰতি বেৰেলত ৯২.৪৫ ডলাৰত ব্যৱসায় কৰা হৈছে, যিটো প্ৰতি বেৰেলত ৬.৫১ ডলাৰ বা ৬.৬৬ শতাংশ হ্ৰাস পাইছে। ডব্লিউ টি আইৰ খাৰুৱা তেলৰ ফ্যুচাৰ প্ৰতি বেৰেলত ৮৮.৬৫ ডলাৰ, প্ৰতি বেৰেলত ৬.১২ ডলাৰ বা ৬.৫০ শতাংশ হ্ৰাস পাইছে ।

মন কৰিবলগীয়া যে পশ্চিম এছিয়াত চলি থকা সামৰিক উত্তেজনাৰ বাবে সোমবাৰে খাৰুৱা তেলৰ মূল্য তীব্ৰভাৱে বৃদ্ধি পাই ১১৯ ডলাৰ অতিক্ৰম কৰি প্ৰতি বেৰেলত প্ৰায় ১২০ ডলাৰত উপনীত হয় । কিন্তু পিছত ড’নাল্ড ট্ৰাম্পে ইৰাণৰ সৈতে চলি থকা যুদ্ধৰ আগতীয়া অন্ত পেলোৱাৰ প্ৰতিশ্ৰুতি দি আন্তঃৰাষ্ট্ৰীয় খাৰুৱা তেলৰ যোগানৰ উদ্বেগ দূৰ কৰে। ইয়াৰ ফলত খাৰুৱা তেলৰ মূল্য হ্ৰাসৰ ধাৰা দেখা গ’ল।

খবৰ অনুসৰি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনেও সোমবাৰে ড’নাল্ড ট্ৰাম্পৰ সৈতে ইৰাণ যুদ্ধৰ ক্ষিপ্ৰ অন্ত পৰাৰ বিষয়ে কথা পাতিছিল। কোৱা হৈছে যে এই কথা-বতৰাৰ সময়ত পুটিনেও শান্তিৰ প্ৰস্তাৱ দাখিল কৰিছিল । এই কথা-বতৰাৰ পিছতে আমেৰিকাৰ সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ড’নাল্ড ট্ৰাম্পে ইৰাণ যুদ্ধৰ অচিৰেই অন্ত পৰাৰ ইংগিত দিয়ে। কিন্তু ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ডে (আই আৰ জি চি) ট্ৰাম্পৰ এই বক্তব্য নাকচ কৰি কয় যে ইৰাণে যুদ্ধৰ অন্ত পেলোৱাৰ সিদ্ধান্ত ল’ব আৰু যদিহে আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণ অব্যাহত থাকে তেন্তে পশ্চিম এছিয়াৰ পৰা এলিটাৰ তেলও ৰপ্তানি কৰিবলৈ দিয়া নহ’ব।

বজাৰ বিশেষজ্ঞসকলে কয় যে বিগত ২৪ ঘণ্টাত ইৰাণ যুদ্ধ সন্দৰ্ভত বিভিন্ন ধৰণৰ বক্তব্যৰ বাবে অনাগত কেইদিনমানৰ বাবে খাৰুৱা তেলৰ মূল্য অবিৰতভাৱে উঠা-নমা হোৱাৰ সম্ভাৱনা আছে। তথাপিও শেহতীয়াকৈ খাৰুৱা তেলৰ মূল্য হ্ৰাস পোৱাটো খাৰুৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰশীল ভাৰতৰ দৰে এখন দেশৰ বাবে এক উল্লেখযোগ্য সকাহ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande