অসম বংগ সীমান্তৰ বাউসেৰকুটি খোৱাপানী যোগান আঁচনিৰ কমিটিক লৈ উত্তেজনা
অসম বংগ সীমান্তৰ বাউসেৰকুটি খোৱাপানী যোগান আঁচনিৰ কমিটিক লৈ উত্তেজনা।
অসম বংগ সীমান্তৰ বাউসেৰকুটি খোৱাপানী যোগান আঁচনিৰ কমিটিক লৈ উত্তেজনা


ধুবুৰী, ০৯ ফেব্ৰুৱাৰী (হি.স.): অসম বংগ সীমান্তৰ বাউসেৰকুটি খোৱাপানী যোগান আঁচনিৰ কমিটি খনক লৈ উত্তেজনাৰ সৃষ্টি হয়। ভোট দান প্ৰক্ৰিয়াৰে পুৰণি কমিটি খনকে বাহাল ৰখা হয় । বাউসেৰকুটি খোৱাপানী যোগান আঁচনিৰ কমিটিক লৈ গাওঁখনত সৃষ্টি হয় দুটা ফৈদৰ। এটা ফৈদে নতুন কমিটি গঠনৰ দাবী জনায়। আন এটা ফৈদে পুৰণি কমিটি বাহালৰ দাবী জনায়। ইয়াকে লৈ গাঁও খনত ৰাইজৰ মাজত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। অৱশেষত ভামনডাঙা গাওঁ পঞ্চায়তৰ সভানেত্ৰী মনিষা খাতুনৰ সভাপতিত্বত যোৱা কালি বিয়লি এখন সভা অনুষ্ঠিত হয়।

সভাত পঞ্চায়ত সচিৱ ইজাজুল হক, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তা ৰাজ কুমাৰ চৌধুৰী আৰু কৰ্মচাৰী মহিবুৰ ৰহমান, মেহবুব আলমো উপস্থিত থাকে। সভাত নতুন কমিটি গঠন আৰু পুৰনি কমিটি বাহালক লৈ মতানৈক্যৰ সৃষ্টি হয়। অৱশেষত সভাই ভোট দান প্ৰক্ৰিয়াৰে সমাধানৰ প্ৰস্তাৱ গ্ৰহণ কৰে। সেই মৰ্মে সভাত উপস্থিত ৰাইজৰ মাজত ভোট দান অনুষ্ঠিত হয়। ভোটত পুৰণি কমিটি বাহালৰ‌ পক্ষত অধিকাংশ ৰাইজে ভোটদান কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande