
আবুজা (নাইজেৰিয়া), ০৯ ফেব্ৰুৱাৰী (হি.স.)। উত্তৰ নাইজেৰিয়াৰ কানোত যাত্ৰী কঢ়িওৱা এখন ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত হৈ বাগৰি পৰাত কমেও ৩০ জন লোকৰ মৃত্যু হয়। দেওবাৰে বিষয়াসকলে জনোৱা মতে, চালকজনৰ গাফিলতিৰে গাড়ী চলোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত কমেও ৩০ জন লোকৰ মৃত্যু হয় আৰু কেইবাজনো লোক আহত হয়। আহতসকলক কানোৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
আমেৰিকাৰ চেনেল এবিচি নিউজৰ এক প্ৰতিবেদন অনুসৰি কানো গৱৰ্ণৰৰ কাৰ্যালয়ে এই দুৰ্ঘটনা সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰে। ইয়াত কোৱা হৈছে যে দেওবাৰে পুৱা কানোৰ গেজাৱা স্থানীয় চৰকাৰী এলেকাৰ কোৱানাৰ বাৰ্ডে চহৰৰ এটা ঘাইপথত নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাকখন বাগৰি পৰে। গুজং চহৰৰ পৰা আহিছিল যাত্ৰী কেইজন।
কানোৰ গৱৰ্ণৰ আব্বা কবিৰ ইউছুফৰ মুখপাত্ৰ চুনুছি বাটুৰে দাৱাকিন টোফাই কয় যে আহতসকলৰ বহুতৰে অৱস্থা সংকটজনক। বিবৃতিটোত কোৱা হৈছে যে ৰাজ্যপালগৰাকীয়ে এই কাণ্ডক হৃদয়বিদাৰক আৰু কেৱল ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ বাবেই নহয়, সামগ্ৰিকভাৱে কানো ৰাজ্যৰ জনসাধাৰণৰ বাবেও এক বৃহৎ ক্ষতি বুলি অভিহিত কৰিছে।
ইয়াৰ পূৰ্বে ডিচেম্বৰ মাহত নাইজেৰিয়াত সংঘটিত হোৱা এক গাড়ী দুৰ্ঘটনাত ব্ৰিটিছ হেভিৱেট চেম্পিয়ন এণ্টনি জোছুৱা আহত হোৱাৰ লগতে তেওঁৰ দুজন ঘনিষ্ঠ সহযোগীৰ মৃত্যু হৈছিল। তেওঁৰ চালকে লাগোছ-ইবাডান এক্সপ্ৰেছৱেত ৰখাই থোৱা ট্ৰাক এখনত গাড়ীখন খুন্দা মাৰে।
টি আৰ টি ৱৰ্ল্ডৰ এক প্ৰতিবেদন অনুসৰি কানোৰ গৱৰ্ণৰ আব্বা কবিৰ ইউছুফে জীৱিতসকলৰ বাবে বিনামূলীয়া চিকিৎসা সেৱাৰ নিৰ্দেশ দিছে। নাইজেৰিয়াত পথ দুৰ্ঘটনা সঘনাই সংঘটিত হয়। পথৰ নেটৱৰ্ক দুৰ্বল আৰু ঘাইপথৰ নিয়ম খুব কমেইহে পালন কৰা হয়। ২০২৩ চনত দেশখনৰ ফেডাৰেল ৰোড ছেফটি ব’ৰ্ডে প্ৰকাশ কৰা অনুসৰি দেশজুৰি ৯,৫৭০টা পথ দুৰ্ঘটনাত ৫,৪২১জন লোকৰ মৃত্যু হৈছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া