প্ৰদেশ কংগ্ৰেছ সভাপতি গৌৰৱ গগৈৰ পাকিস্তানৰ সম্পৰ্কৰ বিৰুদ্ধে নলবাৰী জিলা বিজেপিৰ প্ৰতিবাদী সমদল
প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ পাকিস্তানৰ সম্পৰ্কৰ বিৰুদ্ধে নলবাৰী জিলা বিজেপিৰ প্ৰতিবাদী সমদল।
প্ৰদেশ কংগ্ৰেছ সভাপতি গৌৰৱ গগৈৰ পাকিস্তানৰ সম্পৰ্কৰ বিৰুদ্ধে নলবাৰী জিলা বিজেপিৰ প্ৰতিবাদী সমদল


নলবাৰী, ০৯ ফেব্ৰুৱাৰী (হি.স.): প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে সম্পৰ্কৰ বিৰুদ্ধে যোৱা কালি দেওবাৰে বিয়লি নলবাৰী জিলা বিজেপিয়ে প্ৰতিবাদী সমদল বাহিৰ কৰে। গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত ভাৰতীয় জনতা পাৰ্টি নলবাৰী জিলা সমিতিৰ উদ্যোগত চৰকাৰী গৰ্ডন খেলপথাৰৰ পৰা নগৰৰ মাজেৰে ৰাজহচক্ৰ চকলৈ এক প্ৰতিবাদী সমদল বাহিৰ কৰে ।

সমদলত জিলা বিজেপিৰ সভাপতি জয়ন্ত বুজৰবৰুৱা, সম্পাদক পুলক শৰ্মা সহ বিজেপিৰ কাৰ্যকৰ্তা সহিতে কেইবা সহশ্ৰাধিক সাধাৰণ কৰ্মীয়ে অংশ গ্ৰহণ কৰে। প্ৰতিবাদকাৰী সকলে পাকিস্তানৰ লগত সম্পৰ্ক থকা গৌৰৱ গগৈ মুৰ্দাবাদ, গৌৰৱ গগৈক গ্ৰেপ্তাৰ কৰক আদি,ধ্বনিৰে উত্তাল কৰি তোলে । প্ৰতিবাদী সমদলৰ শেষত ৰাজহ চক্ৰ চকত এখন প্ৰতিবাদী সভা আয়োজন কৰে । প্ৰতিবাদকাৰীৰ সকলৰ লগত প্ৰাক্তন বিধায়ক তথা জি এম ডি এৰ অধ্যক্ষ নাৰায়ন ডেকা, জিলা বিজেপিৰ সভাপতি জয়ন্ত বুজৰবৰুৱা সহ বিজেপিৰ কাৰ্যকৰ্তা সহিতে কেইবা সহশ্ৰাধিক সাধাৰণ কৰ্মীয়ে অংশগ্ৰহণ কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande