বিধায়ক অতুল বৰাক সোণাপুৰ মহাবিদ্যালয়ৰ বিশেষ সম্বৰ্ধনা
গুৱাহাটী, ০৯ ফেব্ৰুৱাৰী (হি.স.)। আজি ৩৫ সংখ্যক সোণাপুৰ মহাবিদ্যালয়(স্বায়ত্বশাসিত)ৰ মহাবিদ্যালয় সপ্তাহৰ সৈতে সংগতি ৰাখি ৫২ নং দিছপুৰ বিধান সভা সমষ্টিৰ বিধায়ক অতুল বৰাক বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয়। উল্লেখ্য যে বৰা সোণাপুৰ মহাবিদ্যালয়ৰ অন্যতম প্ৰতি
বিধায়ক অতুল বৰাক সোণাপুৰ মহাবিদ্যালয়(স্বায়ত্বশাসিত)ৰ বিশেষ সম্বৰ্ধনা।।


বিধায়ক অতুল বৰাক সোণাপুৰ মহাবিদ্যালয়(স্বায়ত্বশাসিত)ৰ বিশেষ সম্বৰ্ধনা।।


গুৱাহাটী, ০৯ ফেব্ৰুৱাৰী (হি.স.)। আজি ৩৫ সংখ্যক সোণাপুৰ মহাবিদ্যালয়(স্বায়ত্বশাসিত)ৰ মহাবিদ্যালয় সপ্তাহৰ সৈতে সংগতি ৰাখি ৫২ নং দিছপুৰ বিধান সভা সমষ্টিৰ বিধায়ক অতুল বৰাক বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয়। উল্লেখ্য যে বৰা সোণাপুৰ মহাবিদ্যালয়ৰ অন্যতম প্ৰতিষ্ঠাপক আছিল আৰু ১৯৯১ চনৰ পূৰ্বৰে পৰা বিধায়ক বৰা সোণাপুৰ মহাবিদ্যালয়(স্বায়ত্বশাসিত)ৰ অন্যতম পৰিকল্পনাকাৰিও আছিল। স্মৰ্তব্য যে অতুল বৰাৰ মহাবিদ্যালয় খনলৈ আগবঢ়োৱা অৱদানৰ প্ৰতি স্বীকৃতিস্বৰূপে উক্ত সম্বৰ্ধনা জনোৱা হয়।

এই উপলক্ষে সোণাপুৰ মহাবিদ্যালয়(স্বায়ত্বশাসিত)ৰ পৰিচালনা সমিতিৰ সভাপতি ড০ জিত ৰাম দত্তৰ সভাপতিত্বত এখনি সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। উক্ত সভাত সভাৰ উদ্দেশ্য ব্যাখ্যা আৰু আদৰণি ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড০ বিমান পাটোৱাৰীয়ে। বিধায়ক বৰাক এখন শৰাই, চেলেং, ফুলৰ তুৰা আৰু এখনি সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনাৰ প্ৰত্যুত্তৰত বিধায়ক বৰাই সোণাপুৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা কালৰ কিছু কথা স্মৰণ কৰি নষ্টালজিক হয়।

তদুপৰি বৰাই ছাত্ৰ সংগঠনৰ পৰা কেনেদৰে ৰাজনীতিলৈ আহে তাৰো এক গুৰুত্বপূৰ্ণ বক্তৃতা প্ৰদান কৰে। ভাষণ প্ৰসংগত বৰাই দিছপুৰ সমষ্টিৰ বিধায়ক হলেও ডিমৰীয়াৰ ৰাইজৰ সৈতে সদায়ে থাকিব বুলি মন্তব্য কৰে। উপস্থিত ছাত্ৰ- ছাত্ৰী সকলক গুটখা আৰু শিখৰ খোৱাৰ পৰা বিৰত থাকিবৰ বাবে আহ্বান জনায়। সোণাপুৰ মহাবিদ্যালয়(স্বায়ত্বশাসিত)ৰ জ্যেষ্ঠ অধ্যাপক ড০ ধৰ্ম্ম ৰাম ডেকাই আঁত ধৰা অনুষ্ঠানত মহাবিদ্যালয় প্ৰতিষ্ঠাপক উপেন বড়া, হেৰম্ব প্ৰসাদ শইকীয়া, দীপক দাস, মহাবিদ্যালয়ৰ শিক্ষক- কৰ্মচাৰী, ছাত্ৰ- ছাত্ৰী উপস্থিত থাকে। সভাত প্ৰতিস্থাপক দীপক দাস আৰু অধ্যাপক ড০ ধৰ্ম্ম ৰাম ডেকাই উপস্থিত ৰাইজৰ হৈ ভাষণ প্ৰদান কৰে। ইফালে সভাত উপাধ্যক্ষ ড০ বিমান পাটোৱাৰীয়ে শলাগৰ শৰাই আগবঢ়ায়।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande