তামাৰহাটৰ নাও দুৰ্ঘটনাৰ ৭ দিন পিছত উদ্ধাৰ সন্ধানহীন হোৱা ছাত্ৰৰ মৃতদেহ
ধুবুৰী, ০৯ ফেব্ৰুৱাৰী (হি.স.)। তামাৰহাটৰ নাও দুৰ্ঘটনাৰ ৭ দিন পিছত উদ্ধাৰ সন্ধানহীন হোৱা ছাত্ৰৰ মৃতদেহ । আজি পুবা দ্বিতীয়জন ছাত্ৰৰ মৃতদেহ গংগাধৰ নদীৰ কঠালতলিৰ পৰা ৰাইজে উদ্ধাৰ কৰে । এক সপ্তাহ ধৰি নদীত সন্ধানহীন হৈ আছিল মফিদা খাতুন আৰু সাহা আলম নামৰ
তামাৰহাটৰ নাও দুৰ্ঘটনাৰ ৭ দিন পিছত উদ্ধাৰ সন্ধানহীন হোৱা ছাত্ৰৰ মৃতদেহ


ধুবুৰী, ০৯ ফেব্ৰুৱাৰী (হি.স.)। তামাৰহাটৰ নাও দুৰ্ঘটনাৰ ৭ দিন পিছত উদ্ধাৰ সন্ধানহীন হোৱা ছাত্ৰৰ মৃতদেহ । আজি পুবা দ্বিতীয়জন ছাত্ৰৰ মৃতদেহ গংগাধৰ নদীৰ কঠালতলিৰ পৰা ৰাইজে উদ্ধাৰ কৰে ।

এক সপ্তাহ ধৰি নদীত সন্ধানহীন হৈ আছিল মফিদা খাতুন আৰু সাহা আলম নামৰ ছাত্ৰ দুই গৰাকী । য়াৰে সাহা আলমৰ মৃতদেহ আজি ঘটনাস্থলীৰ পৰা প্ৰায় ৪ কিলোমিটাৰ দূৰত উদ্ধাৰ হয় । ৩ ফেব্ৰুৱাৰীৰ বিয়লি গংগাধৰ নদীৰ বেলপাৰা চৰত নাও ডুবি তিনি ছাত্ৰ সন্ধানহীন হৈছিল ।এতিয়াও মফিদা খাতুন নামৰ ছাত্ৰী গৰাকী সন্ধানহীন হৈ আছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande