
তিনিচুকীয়া, ০৯ ফেব্ৰুৱাৰী (হি.স.): তিনিচুকীয়া জিলাৰ মাকুমত সদৌ অসম ছাত্ৰ সন্থা (আছু)ৰ উদ্যোগত আয়োজিত ৰাজ্যিক পয্যায়ৰ দিবা-নৈশ ফুটবল প্ৰতিযোগিতাৰ যোৱা কালি সন্ধিয়া চূড়ান্ত খেল খনত উপস্থিত থাকে আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকন । সদৌ তিনিচুকীয়া জিলা ছাত্র সন্থাৰ উদ্যোগত প্ৰথম বাৰ্ষিক ৰাজ্যিক পৰ্যায়ৰ আমন্ত্ৰণমূলক দিবা-নৈশ ফুটবল প্ৰতিযোগিতা যোৱা ১ ফেব্ৰুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰী ২০২৬ লৈ মাকুম ছাত্র সন্থাৰ উদ্যোগত আৰু মাকুমবাসী ৰাইজৰ আতিথ্যত জ্যোতিনগৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হৈছে।
এই প্ৰতিযোগিতাৰ দেওবাৰে অনুষ্ঠিত চূড়ান্ত ফুটবল খেলখনত মাজুলীৰ খাৰচাং ফুটবল দ’ল বনাম যোৰহাট টাউন ক্লাৱে অংশ লয় । চূড়ান্ত খেলখনত উপস্থিত থাকি আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে আগন্তুক উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে পৰীক্ষাৰ্থীসকলক শুভেচ্ছা জনায়। এই গুৰুত্বপূৰ্ণ পৰীক্ষা যাতে নিয়াৰিকৈ সম্পন্ন হয় তাৰ বাবে প্ৰশাসনলৈ আহ্বান জনায়। সমান্তৰালভাৱে গৌৰৱ গগৈৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ সন্দৰ্ভত স্পষ্টীকৰণ দিবলৈ আহ্বান জনাইছে সাধাৰণ সম্পাদকগৰাকীয়ে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ