
গুৱাহাটী, ০৯ ফেব্ৰুৱাৰী (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেলৰ পিছত আজি গৌৰৱ গগৈয়ে ৰাজীৱ ভৱনত এক সংবাদমেলৰ আয়োজন কৰি মুখ্যমন্ত্ৰীৰ সংবাদমেলক ফ্লপ শ্বো আখ্যা দিয়ে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগ নস্যাৎ কৰি তেওঁ সংবাদমেলত কয়, ‘‘মুখ্যমন্ত্ৰীক প্ৰতিক্ৰিয়া দিবলৈ এই সংবাদমেল আয়োজন কৰা নাই ৷ অসমৰ ৰাইজ যাতে বিভ্ৰান্ত নহয় তাৰ বাবে আমি সংবাদমেল দিছোঁ । মোক যিমান আক্ৰমণ কৰে কৰক, সিমানখিনি সহ্য কৰিবলৈ মোৰ সাহস আছে, মই লাচিতৰ বংশৰ মানুহ, মই প্ৰয়াত তৰুণ গগৈৰ পুত্ৰ । কিন্তু যদি আমাৰ কৰ্মীৰ ওপৰত আক্ৰমণ কৰে, সাধাৰণ নাগৰিকৰ ওপৰত আক্ৰমণ কৰে, তেতিয়া মই বহি নাথাকিম ।’’
মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিবেদনক ভেল্কিবাজী আখ্যা দি গৌৰৱ গগৈয়ে কয়, ‘‘মুখ্যমন্ত্ৰীয়ে কৰা অভিযোগৰ এটাও প্ৰমাণ দিব নোৱাৰিলে, যাৰ কাৰণে আমি ৰাজনৈতিকভাৱে জয়ী হ’লো ৷ মুখ্যমন্ত্ৰী ইমান তললৈ গ’ল যে, মোৰ ১০ বছৰীয়া, ৫ বছৰীয়া ল’ৰা-ছোৱালীৰ কথা ৰাজহুৱাকৈ ক’বলৈও কুণ্ঠাবোধ নকৰিলে ৷ এইক্ষেত্ৰত আমি আইনী ব্যৱস্থা গ্ৰহণ কৰিম৷’
পাকিস্তানলৈ যোৱা সন্দৰ্ভত গৌৰৱ গগৈয়ে কয়, ‘‘যোৱা বৰ্ষৰ জুন মাহত দিল্লীত সংবাদমেলত মই নিজেই কৈছিলোঁ যে মোৰ পত্নীৰ লগত মই পাকিস্তানলৈ গৈছিলোঁ আৰু সেই তথ্য কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আছে। মোদী চৰকাৰ ২০১৪ চনতেই সকলো জ্ঞাত হৈছিল, এতিয়া কি নতুন কথা আহিল । ২০১২ত মোৰ পত্নী এটা আন্তঃৰাষ্ট্ৰীয় প্ৰজেক্টৰ বাবে আমেৰিকাত আছিল I যাৰ ফাণ্ডিং কৰে ব্ৰিটিছ চৰকাৰ, নেদাৰলেণ্ড চৰকাৰে I এই কামৰ বাবে তেওঁ যাব লগা হয় আৰু তেওঁৰ স্বামী হিচাপে গৈছোঁ । মই মোৰ পত্নী তাত কেনেকৈ আছে জানিবলৈ মই যোৱাটোত অপৰাধ নেকি?’’
নৱ বিবাহিত পত্নীয়ে পাকিস্তানত চাকৰি কৰিছিল বাবেই পত্নীৰ সৈতে পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈ । পত্নী এলিজাবেথে পাকিস্তানত ক’ত থাকে, ক’ত কি খায়, কোনখন বজাৰত বজাৰ কৰে, কোনখন পাৰ্কত ফুৰিবলৈ যায়, কোনখন ৰেষ্টুৰেণ্টত পত্নী এলিজাবেথে খাবলৈ যায়, এলিজাবেথৰ অফিচ ক’ত এই কথাবোৰেই পাকিস্তানত থকা কালত খা-খবৰ লৈছিল বুলি কয় গৌৰৱ গগৈয়ে ।
গৌৰৱ গগৈয়ে কয়, ‘‘২০১৪ চনত মই মোৰ পত্নীৰ সৈতে পাকিস্তানলৈ গৈছিলোঁ ৷ মই যে পাকিস্তান গৈছিলোঁ কেন্দ্ৰীয় চৰকাৰে এই বিষয়ে অবগত ৷ মোৰ পাছপ’ৰ্ট মই কেন্দ্ৰীয় চৰকাৰক ঘূৰি আহি জমা দিছোঁ ৷ মই যি কৈ আছোঁ তাকেই মুখ্যমন্ত্ৰীয়ে কৈ আছে ৷ কি নতুন কথা ক’লে মুখ্যমন্ত্ৰীয়ে ৷ মই জলবায়ু পৰিৱৰ্তনক লৈ মোৰ পত্নীয়ে এটা প্ৰকল্পত পাকিস্তানত এবছৰ কাম কৰিছিল ৷ মই স্বামী হিচাপে, সংগী হিচাপে ময়ো গৈছিলো । তাত কেনেকৈ থাকে, কেনেকুৱা পৰিৱেশ, তক্ষশীলা বিশ্ববিদ্যালয়ৰ প্ৰত্নতাত্বিক ঠাইলৈ গৈছিলো ৷
গৌৰৱ গগৈয়ে কয়, ‘‘হয় মই প্ৰথম লাহোৰ গৈছিলোঁ আৰু তাত মোৰ তক্ষশীলালৈ যাবলৈ মন গৈছিল, প্ৰাচীন কীৰ্তিচিহ্ন হিচাপে । পাকিস্তানলৈ গৈ মই ক’ত ক’ত ঘূৰি ফুৰিছোঁ মইটো কৈছোঁ। আমি মোদী চৰকাৰক ২০১৪তে ক’ত ক’ত গৈছোঁ সকলো ষ্টাম্প দি দিছোঁ ।
তেওঁ কয় মই উত্তৰ দিবলৈ সাজু আছিলোঁ, কিন্তু মুখ্যমন্ত্ৰীয়ে ১০ দিন ১০ দিন কৈ থকা এচআইটিৰ সাহস নহ’ল মোক এবাৰ সুধিবলৈ । এচআইটিয়ে মই পাকিস্তানত গৈ ১০ দিন ক’ত কি কৰিলোঁ মোক কিয় এবাৰো নুসুধিলে বুলি প্ৰশ্ন কৰে, মইটো কৈ দিছিলোঁ এচআইটিয়ে বিচাৰিলে মই নিজেই খোজ কাঢ়ি তেওঁলোকৰ কাৰ্যালয়লৈ যাম।’’
পত্নীৰ পাকিস্তানত সক্ৰিয় বেংক একাউণ্ট থকাৰ অভিযোগ সন্দৰ্ভত গৌৰৱ গগৈয়ে কয়, ‘‘বৰ্তমান সময়ত মোৰ পত্নীৰ পাকিস্তানত বেংক একাউণ্ট নাই I পাকিস্তানৰ পৰা আহোতেই বেংক একাউণ্ট বন্ধ কৰি আহিছে । মোৰ পত্নীয়ে পাকিস্তানত কৰা প্ৰগ্ৰেমটো এটা আন্তঃৰাষ্ট্ৰীয় প্ৰগ্ৰেম I মুখ্যমন্ত্ৰীয়ে কৈ থকা মোৰ পত্নীৰ দৰমহা পাকিস্তানৰ টকা নহয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা অহা টকা । যি সময়ত মোৰ পৰিবাৰ পাকিস্তানত আছিল, সেই সময়ত তেওঁৰ একাউণ্টত বাহিৰৰ এনজিঅ’ৰ পৰা সোমাইছিল ৷ সেয়া আন্তঃৰাষ্ট্ৰীয় ফাণ্ড ৷ যেতিয়া পাকিস্তানৰ পৰা ভাৰতলৈ আহিল তেতিয়া এমাহৰ কাৰণে পত্নীৰ একাউণ্টত ধন সোমাইছিল, সেয়া সকলো তথ্য আছে ৷’
গৌৰৱ গগৈয়ে কয়, ‘‘দেশৰ সুৰক্ষাক লৈ সদনত প্ৰশ্ন কৰাক লৈ মুখ্যমন্ত্ৰীয়ে যি অভিযোগ আনিছে, আমি কি দেশৰ নিৰাপত্তাক লৈ প্ৰশ্ন কৰিব নোৱাৰিব নেকি, তথ্য জানিব নোৱাৰিম নেকি, লোকসভাত উত্থাপন কৰা কোনো প্ৰশ্ন যদি দেশৰ নিৰাপত্তাক লৈ ভাবুকি হয়, তেনেহ'লে লোকসভা কৰ্তৃপক্ষই ৰদ কৰে ৷ প্ৰশ্নটো যদি ভাবুকিস্বৰূপ নহয়, তেতিয়া চৰকাৰে উত্তৰ দিয়ে ৷’’
আটাৰী সীমান্তৰে পাকিস্তানলৈ যোৱাৰ কথা স্বীকাৰ কৰি গৌৰৱ গগৈয়ে নিয়ম অনুসৰিয়ে পাকিস্তানলৈ যোৱা বুলি সংবাদমেলত জনায় । তেওঁ কয়, ‘‘আমি আইনী প্ৰক্ৰিয়া পালন কৰিয়ে গৈছোঁ I আইনী প্ৰক্ৰিয়া পালন কৰি যোৱাটো মুখ্যমন্ত্ৰীৰ মতে কাৰোবাৰ নিমন্ত্ৰণত যোৱা হ’ল নেকি ?’’ ইণ্টেলিজেঞ্চ ব্যুৰ’ৰ স্পৰ্শকাতৰ তথ্য, আলী তৌকিৰ শ্বেখক মেইল কৰাৰ বিষয়ে মুখ্যমন্ত্ৰীৰ অভিযোগ সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন বুলি উল্লেখ কৰে গৌৰৱ গগৈয়ে ৷
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ