
গুৱাহাটী, ০৯ ফেব্ৰুৱাৰী (হি.স.)। সেৱা ভাৰতী পূৰ্বাঞ্চল, ৰাষ্ট্ৰীয় চিকিৎসা সংস্থা (এন এম অ’) আৰু আয়ুৰ্বেদিক চিকিৎসা সংস্থাৰ যৌথ উদ্যোগত ‘২৩তম ধনবন্তৰী সেৱা যাত্ৰা-২০২৬’ শীৰ্ষক সাতদিনীয়া শিবিৰৰ সফলতাৰে সামৰণি পৰে। আমেৰিকাকে ধৰি ভাৰতৰ ২১ খন ৰাজ্যৰ ১৫৬ জন জ্যেষ্ঠ এলোপেথিক আৰু আয়ুৰ্বেদিক চিকিৎসককে ধৰি মুঠ ৩২১ জন লোকে এই মহান কাৰ্যসূচীত অংশগ্ৰহণ কৰি উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ ২৬১খন দুৰ্গম অঞ্চলত একেৰাহে সাত দিন বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰি এক আদৰ্শ দাঙি ধৰিছে।
পহিলা ফেব্ৰুৱাৰীত মালিগাঁৱৰ আদিংগীত অৱস্থিত সেৱা ভাৰতী জনজাতি হোষ্টেলৰ প্ৰেক্ষাগৃহত ‘২৩ সংখ্যক ধনবন্তৰী সেৱা যাত্ৰা-২০২৬’ৰ শুভাৰম্ভ কৰে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই। দেওবাৰে এই শিবিৰৰ সামৰণি পৰে। সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ‘তুলাৰাম বাফনা কৃত্ৰিম অংগ আৰু কেলিপাৰ চেণ্টাৰ’ৰ অধ্যক্ষ শুভকৰণ বাফনা, সন্মানীয় অতিথি হিচাপে কেলিফৰ্ণিয়াত অৱস্থিত ‘আমেৰিকা হিন্দু বিশ্ববিদ্যালয়’ৰ সভাপতি তথা স্নায়ুচাৰ্জন ড০ যশুভাই পাটাল, আৰু বিশেষ অতিথি হিচাপে উপস্থিত থাকে ডাঃ মল্লিকা ভট্টাচাৰ্য, অতিথি হিচাপে উপস্থিত থাকে সুৰেন্দ্ৰ তালখেকাৰ,... ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সহ-সেৱাপ্ৰমুখ আৰু সেৱা ভাৰতীৰ পৃষ্ঠপোষক, ‘ৰাষ্ট্ৰীয় চিকিৎসা সংস্থা’ (এন এম অ’)ৰ ৰাষ্ট্ৰীয় সভাপতি অধ্যাপক (ডাঃ) চি বি ত্ৰিপাঠী আৰু এন এম অ’ৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক ডাঃ অশ্বিনী টণ্ডন।
দেওবাৰৰ প্ৰথম অধিবেশনত চিকিৎসক আৰু চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন দুৰ্গম অঞ্চলত আয়োজিত শিবিৰ পৰিদৰ্শন কৰি নিজৰ অভিজ্ঞতা আৰু অনুভৱৰ বৰ্ণনা কৰে। দুৰ্দশাগ্ৰস্ত লোকসকলৰ আতিথ্যৰ বিভিন্ন কাহিনী বৰ্ণনা কৰি থাকোঁতে বহুতে আৱেগিক হৈ পৰিল ।
দ্বিতীয় অধিবেশনত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ক্ষেত্ৰ সহ-সেৱাপ্ৰমুখ তথা সেৱা ভাৰতীৰ পৃষ্ঠপোষক সুৰেন্দ্ৰ তালখেকাৰে আদৰণি ভাষণ প্ৰদান কৰাৰ সময়ত ‘ধনবন্তৰী সেৱা যাত্ৰা’ৰ প্ৰৱৰ্তনৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ ওপৰত আলোকপাত কৰে। ইয়াৰ পিছত অতিথিসকলে ভাষণ প্ৰদান কৰে। আজিৰ সামৰণি অনুষ্ঠানত অতিথিসকলে ‘ধন্বন্তৰী’ শীৰ্ষক এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী