
নতুন দিল্লী, ০৮ ফেব্ৰুৱাৰী (হি.স.)। ভাৰতৰ দাইল নীতি আৰু কৃষককেন্দ্ৰিক কৃষি পদক্ষেপৰ এক নতুন অধ্যায় আজি দেওবাৰৰ পৰা মধ্যপ্ৰদেশৰ ছেহোৰ জিলাৰ আমলাহাৰ খাদ্য মাহজাতীয় শস্য গৱেষণা কেন্দ্ৰ (এফ এল আৰ পি)ত আৰম্ভ হৈছে । ইয়াৰ পৰাই আজি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ তথা গ্ৰামোন্নয়ন দপ্তৰৰ মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানৰ অধ্যক্ষতাত দেশজোৰা দাইল বিপ্লৱ আৰম্ভ হয়।
আজি অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় দাইল সম্পৰ্কীয় পৰামৰ্শ আৰু কৌশল বিষয়ক বৈঠকত কেন্দ্ৰীয় কৃষি মন্ত্ৰী শ্ৰী চৌহান, কেন্দ্ৰীয় কৃষি ৰাজ্যিক মন্ত্ৰী, মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী ড° মোহন যাদৱ, ওড়িশাৰ উপ মুখ্যমন্ত্ৰী, কেইবাখনো ৰাজ্যৰ কৃষি মন্ত্ৰী, শীৰ্ষ বিজ্ঞানী, আইচিএআৰ- আইচিএআৰডিএৰ প্ৰতিনিধি, প্ৰগতিশীল কৃষক, এইপিঅ', বীজ আৰু মাহজাতীয় শস্যৰ মিলৰ প্ৰতিনিধিসকলক একত্ৰিত কৰা এই অনুষ্ঠানৰ বাৰ্তা আছিল স্পষ্ট : দাইল জাতীয় শস্যৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল ভাৰতৰ পৰিকল্পনা এতিয়া দিল্লীৰ শীততাপ নিয়ন্ত্ৰিত কোঠাৰ পৰা নহয়, পথাৰৰ পৰাই প্ৰস্তুত কৰা হ’ব।
ভাৰতৰ দাইল নীতি আৰু কৃষকৰ স্বাৰ্থৰ বিষয়ত দুটা ডাঙৰ ঘোষণা
অনুষ্ঠানত এহাতে আমলাহা (ছেহোৰ)ৰ খাদ্য মাহজাতীয় শস্য গৱেষণা কেন্দ্ৰ (এফ এল আৰ পি)ৰ পৰা ‘ দাইলত আত্মনিৰ্ভৰশীলতা অভিযান’ৰ পৰিকল্পনা চূড়ান্ত কৰা হয়, আনহাতে কেন্দ্ৰীয় কৃষি মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে বিৰোধীৰ আশংকাক অস্বীকাৰ কৰি এইবুলি স্পষ্ট বাৰ্তা দিয়ে যে দাইল আমদানি কৰাটো আমাৰ বাবে লজ্জাজনক বিষয়; এতিয়া ভাৰত দাইলৰ ৰপ্তানিকাৰক দেশ হৈ পৰিব আৰু শেহতীয়া আন্তঃৰাষ্ট্ৰীয় চুক্তিয়ে ভাৰতীয় কৃষকৰ স্বাৰ্থত সামান্যতমো বিৰূপ প্ৰভাৱ নেপেলায়।
কৃষকৰ পৰা প্ৰধানমন্ত্ৰীলৈ ধন্যবাদসূচক বাৰ্তা; বিৰোধীক চোকা সমালোচনা
কেন্দ্ৰীয় কৃষি মন্ত্ৰীগৰাকীয়ে স্পষ্টৰূপত উল্লেখ কৰে যে “দেশ বিক্ৰী হ’ল, কৃষক বিক্ৰী হ’ল, কৃষক উদ্ধাস্ত হ’ব” বুলি বিৰোধীয়ে প্ৰচাৰ কৰা আখ্যান আজিৰ এই অনুষ্ঠানৰ পিছত আৰু টিকি থাকিব নোৱাৰে। শ্ৰী চৌহানে কয় যে শেহতীয়াকৈ কৰা চুক্তি এক ঐতিহাসিক আৰু উল্লেখযোগ্য চুক্তি, যিয়ে ভাৰতৰ প্ৰগতি আৰু উন্নয়নৰ বাবে নতুন দুৱাৰ মুকলি কৰিব, ৰপ্তানি বৃদ্ধি কৰিব, কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব আৰু কৃষকৰ আয় বৃদ্ধি কৰিব। কিয়নো আমাৰ মছলা ৰপ্তানি হ’ব, সেই দেশসমূহলৈ ধানৰ ৰপ্তানি বৃদ্ধি পাব, আমাৰ দুগ্ধজাত সামগ্ৰী সুৰক্ষিত হ’ব আৰু তেনেকৈয়ে ভাৰতীয় কৃষকসকলে যথেষ্ট উপকৃত হ’ব।
ভাষণ প্ৰসংগত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়- ‘এই ঐতিহাসিক চুক্তিৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰতৰ কৃষকসকলৰ হৈ – ইয়াত থিয় হৈ থকা আমি সকলো কৃষি মন্ত্ৰীয়ে তেওঁক আন্তৰিক অভিনন্দন জনাইছো, তেওঁক আদৰণি জনাইছো আৰু তেওঁক এইবাবেই ধন্যবাদ জনাইছো যে তেওঁৰ নেতৃত্বত আমাৰ কৃষকৰ স্বাৰ্থ সম্পূৰ্ণৰূপে সুৰক্ষিত হৈছে।ভাৰতৰ প্ৰতিগৰাকী কৃষকে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন আৰু ধন্যবাদ জনাইছে । কৃষকৰ স্বাৰ্থ ৰক্ষা কৰাৰ বাবে আমি সকলোৱে তেওঁৰ ওচৰত কৃতজ্ঞ।
দাইলৰ ক্ষেত্ৰত দৃঢ় বাৰ্তা: “বিদেশৰ পৰা দাইল আমদানি কৰাটো আনন্দৰ নহয়, লাজৰহে কথা”
দাইলৰ প্ৰসংগত শ্ৰী চৌহানে স্পষ্টভাবে কয় যে দাইল আমদানি কৰাটো ভাৰতৰ বাবে গৌৰৱৰ বিষয় নহয়। তেওঁ কয়-প্ৰধানমন্ত্ৰীয়ে সিদ্ধান্ত লৈছে যে “দাইলৰ উৎপাদন বৃদ্ধি কৰিব লাগিব। বৰ্তমান আমি বিদেশৰ পৰা দাইল আমদানি কৰিব লাগে... যদি আমি বিদেশৰ পৰা দাইল আমদানি কৰিবলগীয়াই হয়, তেন্তে সেয়া আমাৰ বাবে আনন্দৰ কথা নহয়, বৰঞ্চ লাজৰহে কথা।”
মধ্যপ্ৰদেশৰ কৃষকসকলক অভিনন্দন জনাই তেওঁ কয় যে মধ্যপ্ৰদেশ দাইল উৎপাদনৰ ক্ষেত্ৰত এতিয়াও দেশৰ ভিতৰতে প্ৰথম স্থানত আছে। তেওঁ সতৰ্ক কৰি দিয়ে যে দাইলৰ খেতি কৰা অঞ্চল হ্ৰাস পাইছে, যিটো বৃদ্ধি কৰাটো প্ৰয়োজন। তেওঁ স্বীকাৰ কৰে যে কৃষকসকলে তেনে শস্যৰ খেতি কৰে যি শস্যই তেওঁলোকক অধিক লাভ দিয়ে – লাভজনক হ’লে ঘেঁহুৰ খেতি কৰে , যদি লাভজনক হয় তেন্তে বুটৰ খতি কৰে – গতিকে দাইলজাতীয় শস্যৰ উৎপাদনশীলতা তথা লাভ প্ৰদান , দুয়োটাই বৃদ্ধিৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া