ইউআইডিএআইয়ে ১ কোটি স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ সম্পূৰ্ণ কৰিলে বায়’মেট্ৰিক আপডেট
নতুন দিল্লী, ০৮ ফেব্ৰুৱাৰী (হি.স.)। ভাৰতীয় একক চিনাক্তকৰণ কৰ্তৃপক্ষই বিশেষ ‘মিছন-ম’ড’ অভিযানৰ অংশ হিচাপে দেশৰ ৮৩ হাজাৰ বিদ্যালয়ত শিবিৰ আয়োজন কৰি দেওবাৰে এক কোটিৰো অধিক বাধ্যতামূলক বায়’মেট্ৰিক আপডেট (এমবিইউ) সফলতাৰে সম্পূৰ্ণ কৰে। ইলেক্ট্ৰনিকছ আ
বায়’মেট্ৰিক


নতুন দিল্লী, ০৮ ফেব্ৰুৱাৰী (হি.স.)। ভাৰতীয় একক চিনাক্তকৰণ কৰ্তৃপক্ষই বিশেষ ‘মিছন-ম’ড’ অভিযানৰ অংশ হিচাপে দেশৰ ৮৩ হাজাৰ বিদ্যালয়ত শিবিৰ আয়োজন কৰি দেওবাৰে এক কোটিৰো অধিক বাধ্যতামূলক বায়’মেট্ৰিক আপডেট (এমবিইউ) সফলতাৰে সম্পূৰ্ণ কৰে।

ইলেক্ট্ৰনিকছ আৰু আই টি মন্ত্ৰালয়ৰ তথ্য অনুসৰি ইউআইডিএআইৰ মুখ্য কাৰ্যবাহী বিষয়া ভুৱনেশ কুমাৰে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিবসকলৰ সৈতে সমন্বয় সাধন কৰি এই পদক্ষেপৰ নেতৃত্ব দিয়ে। আঞ্চলিক কাৰ্যালয় আৰু শিক্ষা বিভাগৰ অক্লান্ত প্ৰচেষ্টাৰ বাবে মাত্ৰ পাঁচ মাহত এই বৃহৎ লক্ষ্যত উপনীত হ’ল।

আধাৰ নিয়ম অনুসৰি ৫ বছৰৰ তলৰ শিশুৰ বাবে আঙুলিৰ ছাপ আৰু আইৰিছ স্কেন লোৱা নহয়, কিয়নো সেই সময়ত তেওঁলোক পূৰ্ণবয়স্ক নহয়। গতিকে ৫-১৫ বছৰ বয়সৰ গোটত প্ৰৱেশ কৰাৰ লগে লগে বায়’মেট্ৰিক্স আপডেট কৰাটো বাধ্যতামূলক। আপডেটৰ অভাৱত শিশুসকলে চৰকাৰী আঁচনি, বৃত্তি, আৰু নীট (NEET), জেইই (JEE), আৰু চিইউইটি (CUET)ৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে পঞ্জীয়ন কৰাৰ সময়ত বায়’মেট্ৰিক প্ৰমাণীকৰণৰ সমস্যাৰ সন্মুখীন হ’ব পাৰে।

শিশু আৰু অভিভাৱকক উৎসাহিত কৰিবলৈ ইউআইডিএআইয়ে কিছু শিথিলতাৰ ব্যৱস্থা কৰিছে। ইয়াৰ ভিতৰত ২০২৫ চনৰ ১ অক্টোবৰৰ পৰা ৭-১৫ বছৰ বয়সৰ শিশুৰ বাবে এবছৰৰ বাবে বায়’মেট্ৰিক আপডেট সম্পূৰ্ণৰূপে বিনামূলীয়া কৰা হৈছে।

বিদ্যালয় শিবিৰৰ উপৰিও সমগ্ৰ দেশৰ আধাৰ সেৱা কেন্দ্ৰ আৰু নামভৰ্তি কেন্দ্ৰসমূহতো প্ৰচণ্ড উৎসাহ দেখা গৈছে। এই সময়ছোৱাত প্ৰায় ১ কোটি ৩০ লাখ শিশুৱে এই কেন্দ্ৰসমূহত আধাৰ প্ৰ-পত্ৰ পূৰণ কৰিছে।

ইউআইডিএআইয়ে ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত এই অভিযান আৰম্ভ কৰিছিল। শিক্ষা মন্ত্ৰালয়ৰ ইউআইডিএআই (ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰ্মেশ্যন চিষ্টেম ফৰ এডুকেচন প্লাছ) পৰ্টেলৰ সৈতে কাৰিকৰী সংহতিৰ এই সফলতাত মূল ভূমিকা আছিল। এই সংহতিৰ ফলত যিসকল শিশুৰ বায়’মেট্ৰিক আপডেট বাকী আছিল তেওঁলোকক চিনাক্ত কৰাটো সহজ কৰি তুলিছিল।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande