
কাঠমাণ্ডু, ০৮ ফেব্ৰুৱাৰী (হি.স.)। নেপাল আৰু ভাৰতৰ মাজত অপৰাধমূলক বিষয়ত পাৰস্পৰিক আইনী সহায়ৰ চুক্তি স্বাক্ষৰ কৰাৰ প্ৰস্তুতি চলি আছে। অৱশ্যে নিৰ্বাচনৰ পূৰ্বে বা পিছত এই কাম কৰা হ’ব সেই সন্দৰ্ভত এতিয়াও আলোচনা অব্যাহত আছে।
এই চুক্তি সন্দৰ্ভত বিগত বছৰৰ জুলাই মাহত নতুন দিল্লীত অনুষ্ঠিত গৃহ সচিব পৰ্যায়ৰ বৈঠকত এক প্ৰাৰম্ভিক সহমতত উপনীত হৈছিল। যোৱা অক্টোবৰ মাহত সুশিলা কাৰ্কি নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰে স্বাক্ষৰ কৰাৰ সিদ্ধান্ত লৈছিল।
নেপালৰ প্ৰধানমন্ত্ৰী কাৰ্যালয় আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বিষয়াসকলে জনোৱা মতে, বৰ্তমান এই চুক্তি স্বাক্ষৰ সন্দৰ্ভত আলোচনা চলি আছে। বৈদেশিক সচিব অমৃত ৰায়ে উল্লেখ কৰে যে পাৰস্পৰিক চুক্তিৰ ভিত্তিত শীঘ্ৰে স্বাক্ষৰৰ তাৰিখ চূড়ান্ত কৰা হ’ব।
এই চুক্তিয়ে সীমা অতিক্ৰম কৰি হোৱা অপৰাধ নিয়ন্ত্ৰণ কৰিব, তথ্য বিনিময়ৰ সুবিধা প্ৰদান কৰিব, তদন্তমূলক প্ৰমাণ ভাগ-বতৰা কৰিব, বিচাৰত সহযোগ কৰিব, আৰু দুয়োখন দেশৰ আইনী সংস্থাৰ মাজত অপৰাধমূলক তদন্তত সমন্বয় শক্তিশালী কৰিব। এই বিষয়ত দুয়োখন দেশে বছৰ বছৰ ধৰি যোগাযোগ কৰি আহিছে।
পাৰস্পৰিক আইনী সহায় আৰু প্ৰত্যাৰ্পণ চুক্তিৰ অভাৱত নিৰাপত্তা বিষয়াসকলে দীৰ্ঘদিন ধৰি অপৰাধীক ইজনে সিজনক গতাই দিয়াৰ ক্ষেত্ৰত আইনী আৰু প্ৰশাসনিক জটিলতাৰ সন্মুখীন হৈ আহিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া