
মুম্বাই, ০৮ ফেব্ৰুৱাৰী (হি.স.)। আইচিচি টি-২০ বিশ্বকাপ ২০২৬ত দেওবাৰে ইংলেণ্ড আৰু নেপালৰ মাজত এক ৰোমাঞ্চকৰ প্ৰতিদ্বন্দ্বিতা হোৱা দেখা যায়।মুম্বাইৰ ৱানখেডে ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই গ্ৰুপ চি মেচখনত নেপালক শেষৰ অভাৰত জয়ী হ’বলৈ ১০ ৰানৰ প্ৰয়োজন হৈছিল যদিও মাত্ৰ ৫ ৰানহে সংগ্ৰহ কৰিব পাৰিছিল। ফলত ইংলেণ্ডে মেচখন চাৰি ৰাণত জয়লাভ কৰি প্ৰতিযোগিতাখনত বিজয়েৰে আৰম্ভ কৰিলে।
টছত জয়ী হৈ প্ৰথমে বেটিং কৰি ইংলেণ্ডে ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১৮৪ ৰান সংগ্ৰহ কৰে। ইয়াৰ উত্তৰত নেপালে ২০ অভাৰত ৬ উইকেটৰ বিনিময়ত মাত্ৰ ১৮০ ৰানহে সংগ্ৰহ কৰিব পাৰিছিল।
ইংলেণ্ডৰ দৰে শক্তিশালী দলৰ বিৰুদ্ধে ১৮৫ ৰানৰ লক্ষ্য খেদি নেপালে চতুৰ্থ অভাৰত প্ৰথমটো বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয়। আছিফ শ্বেখ ৭ ৰানত আউট হয়। ইয়াৰ পিছতে অ’পেনাৰ কুছাল ভুৰটেলে ১৭ বলত ২৯ ৰান সংগ্ৰহ কৰি দলৰ ৪২ ৰানত পেভিলিয়নলৈ ওভতে। নেপালৰ ইনিংছত অধিনায়ক ৰোহিত পৌডেল আৰু দিপেন্দ্ৰ সিঙে দায়িত্বসহকাৰে বেটিং কৰে আৰু ১২ অভাৰত দলটোক ১০০ ৰান অতিক্ৰম কৰে। অৱশ্যে ১৫ নং অভাৰত দীপেন্দ্ৰই ২৯টা বলত ৪৪ ৰান সংগ্ৰহ কৰি আউট হয়, য’ত ৬টা চাৰি আৰু এটা ছয় আছিল। তাৰ পিছৰ অভাৰত অধিনায়ক ৰোহিত পৌডেলেও ৩৪টা বলত ৩৯ ৰান সংগ্ৰহ কৰি গুচি যায়। নেপালৰ পঞ্চম উইকেট আৰিফ শ্বেখৰ ৰূপত ১৪৬ ৰানত আউট হয়, যিয়ে ৮টা বলত ১০ ৰান কৰে। অন্তিম অভাৰত লোকেশ বামে নিজৰ যুঁজ অব্যাহত ৰাখি ১৮ অভাৰত জোফ্ৰা আৰ্চাৰৰ বলত দুটা ছয় কোবায়। শেষৰ দুটা অভাৰত জয়ী হ’বলৈ নেপালক ২৪ ৰানৰ প্ৰয়োজন হৈছিল যদিও দলটোৱে লক্ষ্যত উপনীত হ’ব নোৱাৰিলে। লোকেশ বামে ২০টা বলত ৩৯ ৰান কৰি অপৰাজিত হৈ থাকে, য’ত চাৰিটা চাৰিটা আৰু দুটা ছয়ো আছিল।
ইংলেণ্ডৰ হৈ লিয়াম ড’ছনে দুটা উইকেট দখল কৰাৰ বিপৰীতে ছেম কাৰাণ, উইল জেকছ, লুক উড আৰু জোফ্ৰা আৰ্চাৰে এটাকৈ উইকেট দখল কৰে।
ইয়াৰ পূৰ্বে ইংলেণ্ডৰ আৰম্ভণি দুৰ্বল আছিল। অ’পেনাৰ ফিল ছল্ট এক ৰান কৰি আউট হোৱাৰ বিপৰীতে উইকেটকীপাৰ বেটছমেন জোছ বাটলাৰে মাত্ৰ ২৬ ৰানহে কৰিবলৈ সক্ষম হয়। টম বেণ্টনেও মাত্ৰ দুটা ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি যায়। ইয়াৰ পাছত জেকব বেথেল আৰু অধিনায়ক হেৰী ব্ৰুকে ইনিংছ স্থিৰ কৰি ৰানৰ হাৰ বৃদ্ধি কৰে। বেথেলে ৪টা চাৰি আৰু চাৰিটা ছয়ৰ সহায়ত ৩৫টা বলত ৫৫ ৰানৰ ত্বৰিত ইনিংছ খেলিছিল। ব্ৰুকছে ৩২টা বলত চাৰিটা চাৰিটা আৰু তিনিটা ছয়ৰে ৫৩ ৰান সংগ্ৰহ কৰে। অন্তিম অভাৰত উইল জেকছে আক্ৰমণাত্মক ইনিংছ খেলি মাত্ৰ ১৮টা বলত অপৰাজিত ৩৯ ৰান সংগ্ৰহ কৰি ইংলেণ্ডক ১৮৪ ৰান সংগ্ৰহ কৰাত সহায় কৰে।
নেপালৰ হৈ দিপেন্দ্ৰ সিং আইৰী আৰু নন্দন যাদৱে দুটাকৈ উইকেট দখল কৰাৰ বিপৰীতে শ্বেৰ মল্ল আৰু সন্দীপ লমিছানে এটাকৈ উইকেট দখল কৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ