আয়কৰ আইন ২০২৫ৰ নিয়মৰ ওপৰত অংশীদাৰসকলৰ পৰা পৰামৰ্শ বিচাৰিছে চিবিডিটিয়ে
নতুন দিল্লী, ০৮ ফেব্ৰুৱাৰী (হি.স.)। আয়কৰ ব্যৱস্থাত স্বচ্ছতা আৰু সৰলতা অনাৰ লক্ষ্যৰে কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ ব’ৰ্ডে (চিবিডিটি) আয়কৰ আইন ২০২৫ৰ প্ৰস্তাৱিত নিয়ম আৰু প্ৰপত্ৰৰ ওপৰত অংশীদাৰসকলৰ পৰা পৰামৰ্শ বিচাৰিছে। চিবিডিটিয়ে দেওবাৰে স্পষ্ট কৰি দিয
আয়কৰ আইন ২০২৫ৰ নিয়মৰ ওপৰত অংশীদাৰসকলৰ পৰা পৰামৰ্শ বিচাৰিছে চিবিডিটিয়ে


নতুন দিল্লী, ০৮ ফেব্ৰুৱাৰী (হি.স.)। আয়কৰ ব্যৱস্থাত স্বচ্ছতা আৰু সৰলতা অনাৰ লক্ষ্যৰে কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ ব’ৰ্ডে (চিবিডিটি) আয়কৰ আইন ২০২৫ৰ প্ৰস্তাৱিত নিয়ম আৰু প্ৰপত্ৰৰ ওপৰত অংশীদাৰসকলৰ পৰা পৰামৰ্শ বিচাৰিছে।

চিবিডিটিয়ে দেওবাৰে স্পষ্ট কৰি দিয়ে যে পৰামৰ্শসমূহ মূলতঃ তলত উল্লেখ কৰা চাৰিটা মাপকাঠীৰ ওপৰত ভিত্তি কৰি দিয়া উচিত: সৰল ভাষা, মামলা হ্ৰাস, অনুসৰণৰ বোজা হ্ৰাস আৰু অপ্ৰয়োজনীয় নিয়ম চিনাক্তকৰণ।

উল্লেখযোগ্য যে ২০২৫ চনৰ আগষ্ট মাহত আয়কৰ আইন ২০২৫ য়ে ৰাষ্ট্ৰপতিৰ সন্মতি লাভ কৰিছিল। ২০২৬ চনৰ ১ এপ্ৰিলৰ পৰা সমগ্ৰ দেশতে কাৰ্যকৰী হ’ব এই নতুন আইন । চূড়ান্ত অধিসূচনা জাৰি কৰাৰ পূৰ্বে চৰকাৰে বিচাৰে কৰদাতা আৰু বিশেষজ্ঞসকলে নিজৰ মতামত ভাগ কৰি নিয়মসমূহ অধিক ব্যৱহাৰিক কৰি তুলিব।

অংশীদাৰসকলৰ সুবিধাৰ্থে আয়কৰ বিভাগৰ ই-ফাইলিং পৰ্টেলত এক বিশেষ উপযোগীতা মুকলি কৰা হৈছে।

অংশীদাৰসকলে অফিচিয়েল ৱেবছাইটত গৈ নিজৰ নাম আৰু মোবাইল নম্বৰ দিব পাৰিব। তাৰ পিছত তেওঁলোকে নিজৰ পৰামৰ্শসমূহ অ’টিপি ভিত্তিক পৰীক্ষণৰ জৰিয়তে পৰ্টেলত আপলোড কৰিব পাৰিব।

পৰামৰ্শ দাখিল কৰাৰ সময়ত প্ৰাসংগিক নিয়ম, উপ-নিয়ম, বা প্ৰ-পত্ৰৰ নম্বৰ স্পষ্টকৈ উল্লেখ কৰাটো প্ৰয়োজনীয়। লাভ কৰা সকলো পৰামৰ্শ বিশেষজ্ঞৰ এখন সমিতিৰ দ্বাৰা বিশ্লেষণ কৰা হ’ব, তাৰ পিছত আয়কৰ নিয়ম, ২০২৬ চূড়ান্ত কৰা হ’ব। ১৯৬২ চনৰ প্ৰাচীন নিয়মৰ ঠাইত আধুনিক আৰু ডিজিটেল অনুকূল নিয়মৰ ব্যৱস্থা কৰাৰ লক্ষ্য চৰকাৰৰ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande