
কংগ্ৰেছৰ খিলঞ্জীয়া বিৰোধী চক্রান্ত প্ৰতিৰোধৰ বাবে সাজু ৰাজ্যবাসী: ৰাজ্যিক বিজেপি
গুৱাহাটী, ০৭ ফেব্ৰুৱাৰী (হি.স.)। এখন নতুন বৰ অসম গঢ়াৰ কথা কৈ ৰাজ্যজুৰি কংগ্ৰেছৰ প্ৰচাৰ আৰম্ভ কৰা গৌৰৱ গগৈয়ে আকাশলম্বী এখন গাড়ীৰে কংগ্ৰেছৰ একাংশ সমর্থক লৈ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মস্থান বৰদোৱা থানলৈ গৈ স্থানীয় ৰাইজৰ দ্বাৰা অপমানিত হৈ বিজেপিৰ বিৰুদ্ধে মন্তব্য কৰা কাৰ্যক ৰাজ্যিক বিজেপিয়ে তীব্র গৰিহণা দিছে। সংবাদ মাধ্যমলৈ আজি প্ৰেৰণ কৰা এক বিবৃতিত বিজেপিৰ মুখপাত্র ব্রজেন মহন্তই কয়, কংগ্রেছ আমোলত বাংলাদেশী মুছলমানৰ দখলত থকা ১৬০ বিঘা মাটি বিজেপি চৰকাৰে উচ্ছেদ কৰি নতুনকৈ ২২০ কোটি টকা ব্যয়ৰে বটদ্ৰৱাত নিৰ্মাণ কৰা শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ নিৰ্মাণৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ শলাগ নলৈ গৌৰৱ গগৈয়ে কৰা মন্তব্য সঁচাকৈয়ে নিন্দনীয়।
অসমীয়া সাংস্কৃতিৰ বিষয়ত সাম্যক জ্ঞান নথকা, অসমীয়া ভাষা শুদ্ধকৈ উচ্চাৰণ কৰিব নোৱাৰা, মতা-মাইকী মাছৰ বিশ্লেষণ কৰি পিতৃৰ হাতত ধৰি সাংসদ হোৱা গৌৰৱ গগৈয়ে নির্বাচন অহাৰ লগে লগে ৰাজ্যখনৰ ঐক্য-শান্তি-প্ৰগতিৰ কথাত গদগদ হৈ পৰিছে। নিজৰ পৰিয়ালৰ তিনিগৰাকী ব্যক্তিয়ে বিদেশী নাগৰিকত্ব গ্রহণ কৰি নিজৰ সতি-সন্তানক বিদেশী সংস্কৃতি গ্রহণ কৰিবলৈ উৎসাহিত কৰা গৌৰৱ গগৈয়ে অসমীয়া সাহিত্য-সংস্কৃতিৰ প্ৰতি অসমৰ যুৱক-যুৱতীক পৰামৰ্শ আগবঢ়োৱাতকৈ নিজৰ সতি-সন্ততিৰ প্ৰতিহে দৃষ্টি ৰখা উচিত। প্রয়াত মুখ্যমন্ত্রী তৰুণ গগৈয়ে কংগ্ৰেছৰ বহু স্বাধীনতা সংগ্ৰামীক গুৰুত্ব নিদি তেওঁ মুখ্যমন্ত্রীত্বৰ কালত নিজ ভাতৃ দ্বীপ গগৈ আৰু নিজ পুত্ৰ গৌৰৱ গগৈক সংসদলৈ পঠিয়ালে।
এই কথাবিলাক অসমৰ ৰাইজে পাহৰা নাই। গৌৰৱ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰীৰ সপোন দেখাৰ পূৰ্বে অসমৰ ইতিহাস অধ্যয়ন কৰিবলৈ আহ্বান জনাই বিজেপি মুখপাত্র ব্রজেন মহন্তই কয়- চাওলুং চ্যুকাফাই সকেলা জাতি-জনগোষ্ঠী, সৰু-বৰ ৰাজ্য এক কৰি থৈ যোৱা বৰ অসমখনক থানবান কৰি কংগ্ৰেছে অসমক কেইবাটাও ভাগত বিভক্ত কৰি বৰ অসমৰ পৰা ঐতিহাসিক জাতি-জনগোষ্ঠীসমূহক একাষৰীয়া কৰি অসমক বিভক্ত কৰি কেইবাখনো ৰাজ্য গঠিত কৰিলে। প্রধানমন্ত্রী জৱাহৰলাল নেহৰুৰ পৰা ইন্দিৰা গান্ধী দিনলৈকে অসম খন বিভক্ত হৈ ৭ খন সুকীয়া ৰাজ্যৰ হ'ল। সংখ্যালঘু মুছলমানৰ ভোটৰ আশাত বিদেশীক প্ৰবজনৰ সুবিধা দি অসমত বৰ পিৰা পাৰি দিয়াত কংগ্ৰেছে নিজৰ ৫০ বছৰীয়া শাসনকালত অসমত মিঞা তুষ্টিকৰণৰ বাবে কি কি কৰিলে অসমবাসীয়ে আজিও পাহৰা নাই। পুনৰ যাতে এই অবৈধ বাংলাদেশীয়ে দপদপনি অসমত চলাব নোৱাৰে অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ প্ৰভূত্ব কাঢ়িব নোৱাৰে তাৰ প্ৰতি অসমবাসী সজাগ হৈছে। ড০ হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত অসমৰ নতুন প্ৰজন্মই আশাৰ দাপোন দেখিছে।
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে 'পৰীক্ষা পে চর্চা'ত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যক কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীৰ সৈতে হোৱা বাৰ্তালাপৰ পূৰ্বে উপস্থিত সকলোকে অসমীয়া গামোচাৰে অভ্যর্থনা জনোৱা কাৰ্যক ৰাজ্যিক বিজেপিয়ে প্রধানমন্ত্রীক অভিনন্দন জনোৱাৰ লগতে অসমৰ মহিলাৰ কৰ্মতৎপৰতাক প্রশংসা কৰি গামোচা প্ৰস্তুতৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলৰ ওচৰত প্ৰশংসাসূচক মন্তব্য কৰাৰ বাবে ৰাজ্যিক বিজেপিয়ে প্রশংসা কৰে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী