অপৰাধীক ধৰিবলৈ শ্ৰীভূমিত উপস্থিত হৈছে প্ৰথমখন মোবাইল ফৰেনছিক ভ্যান
শ্ৰীভূমি, ০৭ ফেব্ৰুৱাৰী (হি.স.)। অপৰাধীক ধৰিবলৈ শ্ৰীভূমিত উপস্থিত হৈছে প্ৰথমখন মোবাইল ফৰেনছিক ভ্যান। এই অত্যাধুনিক ভ্যানখনৰ জৰিয়তে আৰক্ষীয়ে অতি কম সময়ৰ ভিতৰতে যিকোনো অপৰাধৰ সমাধান কৰি সমাজৰ যিকোনো অপৰাধীক ধৰিব পাৰিব। এই ভ্যানখন গুৱাহাটী চি আই
অপৰাধীক ধৰিবলৈ শ্ৰীভূমিত উপস্থিত হৈছে প্ৰথমখন মোবাইল ফৰেনছিক ভ্যান


শ্ৰীভূমি, ০৭ ফেব্ৰুৱাৰী (হি.স.)। অপৰাধীক ধৰিবলৈ শ্ৰীভূমিত উপস্থিত হৈছে প্ৰথমখন মোবাইল ফৰেনছিক ভ্যান।

এই অত্যাধুনিক ভ্যানখনৰ জৰিয়তে আৰক্ষীয়ে অতি কম সময়ৰ ভিতৰতে যিকোনো অপৰাধৰ সমাধান কৰি সমাজৰ যিকোনো অপৰাধীক ধৰিব পাৰিব।

এই ভ্যানখন গুৱাহাটী চি আই ডি বিভাগৰ পৰা শ্ৰীভূমি আৰক্ষীৰ হাতলৈ গৈছে। আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়।

এই ভ্যানখন নেশ্যনেল ফৰেনছিক ইউনিভাৰ্চিটি গুজৰাটৰ দ্বাৰা নিৰ্মিত আৰু অত্যাধুনিক প্ৰযুক্তিৰে এই ভ্যানখনৰ সহায়ত যিকোনো অপৰাধৰ প্ৰমাণ অতি সহজে জানিব পৰা যাব বুলি জনোৱা হৈছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande