
কোকৰাঝাৰ, ০৭ ফেব্ৰুৱাৰী (হি.স.)। বাছুগাঁও ৰেল ষ্টেচনত আজি ধুবুৰী–গুৱাহাটী এক্সপ্ৰেছ ৰেলগাড়ী (ট্ৰেইন নং ১৫৬০১)ৰ পতাকা দেখুৱাই আনুষ্ঠানিক উদ্বোধন অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সংসদ জয়ন্ত বসুমতাৰীৰ লগতে ডিআৰইউচিচি (DRUCC)ৰ সদস্য সুব্ৰত আচাৰ্জী।
উদ্বোধনী অনুষ্ঠানত বাছুগাঁও আৰু পাৰ্শ্ববৰ্তী অঞ্চল সমূহৰ বিপুল সংখ্যক স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে। ৰেল সেৱাটোৰ আৰম্ভণিক লৈ জনসাধাৰণৰ মাজত দেখা যায় যথেষ্ট উৎসাহ আৰু আনন্দ, যিয়ে এই ৰেল সেৱাৰ অঞ্চলটোৰ বাবে গুৰুত্ব স্পষ্ট কৰি তোলে। এই উপলক্ষে আলিপুৰদুৱাৰ মণ্ডলৰ জ্যেষ্ঠ বিভাগীয় বাণিজ্য ব্যৱস্থাপক আছী আলিয়ে সমবেত ৰাইজক উদ্দেশ্য কৰি বক্তব্য প্ৰদান কৰে।
তেওঁ অঞ্চলটোত চলি থকা বিভিন্ন ৰেল উন্নয়নমূলক কাম-কাজ আৰু যাত্ৰী সেৱা উন্নয়নৰ বিষয়ে অৱগত কৰাৰ লগতে নতুনকৈ বিভিন্ন ষ্টেচনত দিয়া ৰেলৰ স্থগিত ব্যৱস্থা সমূহৰ কথাও উল্লেখ কৰে।উল্লেখযোগ্য যে ধুবুৰী–গুৱাহাটী এক্সপ্ৰেছ ৰেলগাড়ীৰ চলাচলে বাছুগাঁও সহ সমগ্ৰ অঞ্চলটোৰ যাতায়াত ব্যৱস্থাক অধিক সুদৃঢ় কৰাৰ লগতে সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত ইতিবাচক প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ