স্বেচ্ছাসেৱী সংগঠন “চিনে”ৰ উদ্যোগত-মুগা আৰু এৰি পলুৰ পেলনীয়া খোলাৰ পৰা সাজ-সজ্জা প্ৰদৰ্শনী
গোলাঘাট, ০৭ ফেব্ৰুৱাৰী (হি.স.)। স্বেচ্ছাসেৱী সংগঠন “চিনে”ৰ উদ্যোগত-মুগা আৰু এৰি পলুৰ পেলনীয়া খোলাৰ পৰা তৈয়াৰী সাজ-সজ্জা ৰ প্ৰদৰ্শনী। স্বেচ্ছাসেৱী সংগঠন পূৰ্বোত্তৰ পৰিবেশ শিক্ষা সমিটি, চমুকৈ “চিনে”ৰ উদ্যোগত আৰু অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ
স্বেচ্ছাসেৱী সংগঠন “চিনে”ৰ উদ্যোগত-মুগা আৰু এৰি পলুৰ পেলনীয়া খোলাৰ পৰা সাজ-সজ্জা প্ৰদৰ্শনী


গোলাঘাট, ০৭ ফেব্ৰুৱাৰী (হি.স.)। স্বেচ্ছাসেৱী সংগঠন “চিনে”ৰ উদ্যোগত-মুগা আৰু এৰি পলুৰ পেলনীয়া খোলাৰ পৰা তৈয়াৰী সাজ-সজ্জা ৰ প্ৰদৰ্শনী। স্বেচ্ছাসেৱী সংগঠন পূৰ্বোত্তৰ পৰিবেশ শিক্ষা সমিটি, চমুকৈ “চিনে”ৰ উদ্যোগত আৰু অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদৰ সহযোগিতাত আৰু কেন্দ্ৰীয় বন-পৰিবেশ আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰণালয়ৰ পৃষ্ঠপোষকতাত আজি গোলাঘাটৰ চান্দমাৰি হাইস্কুলত পৰিবেশ সম্প্ৰকীয় এক প্ৰদৰ্শনীৰ অনুষ্ঠিত হয় ৷

ইতিপূৰ্ব্বে অনুষ্ঠিত সভাত মুগা আৰু এৰি পলুৰ পেলনীয়া খোলাৰ পৰা কিদৰে সাজসজ্জা তৈয়াৰ কৰিব পাৰি সেই বিষয়ত এক প্ৰশিক্ষণ কাৰ্য্যসূচী অন্তত আজি এই প্ৰদৰ্শনীৰ অনুষ্ঠিত হয় ৷ আজি পুৱা প্ৰদৰ্শনী উন্মোচন কৰে অসম চৰকাৰৰ ৰেচম বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক ধ্ৰুৱজ্যোতি বৰাই ৷ অনুষ্ঠানত দুগৰাকী বিচাৰক আৰু সাংবাদিকক সম্বৰ্দ্ধনা জনোৱা হয় ৷

উক্ত প্ৰদৰ্শনীত জিলাখনৰ ৪০ খন বিদ্যালয়ৰ ২গৰাকীকৈ মুঠ ৮০ গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে ৷ সমল ব্যক্তি হিচাপে বিমান শৰ্মা, প্ৰাঞ্জুমণি ফুকন ৰিঞ্জুমণী বৰুৱা আৰু অচিন্ত হাজৰিকাই অংশগ্ৰহণ কৰে ৷ চিনেইৰ সম্পাদক ইমদাদ আলীয়ে আতঁধৰা শুভাৰম্ভ অনুষ্ঠানত সংগঠনটোৰ মুখ্য সচিৱ চক্ৰপাণি শৰ্মা , সমন্বয়ক পুলক ফুকন, সদস্য গৌৰৱজ্যোতি শৰ্মাকে ধৰি সকলো বিষয়ববীয়া আৰু বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলে অংশগ্ৰহণ কৰে ৷

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande