
মৰিগাও, ০৭ ফেব্ৰুৱাৰী (হি.স.)। অসম জনজাতি সাংস্কৃতিক মহাসভাৰ দ্বিতীয় জনজাতি সাংস্কৃতিক সমাৰোহ - ২০২৬ এইবেলি জাগীৰোডৰ তিৱা সাংস্কৃতিক ক্ষেত্ৰ চগ্ৰাছালত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব । অহা ২০ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব । ইতিমধ্যে উদ্যোক্তা সকলে আৰম্ভ কৰিছে ব্যাপক প্ৰস্তুতি । জাগীৰোডবাসী ৰাইজ তথা বিভিন্ন দল , সংগঠনৰ সহযোগত আয়োজন কৰা এই সমাৰোহৰ আদৰণী সমিতিৰ বাবে সভাপতি হিচাপে জাগীৰোডৰ বিধায়ক তথা মন্ত্ৰী পীয়ূষ হাজৰিকাক , কাৰ্যকৰী সভাপতি হিচাপে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীক আৰু সম্পাদক হিচাপে জুৰচিং বৰদলৈক দায়িত্ব অৰ্পণ কৰা হৈছে ।
বিষয়টোক কেন্দ্ৰ কৰি শুকুৰবাৰে চগ্ৰাছালত উদ্যোক্তা সকলে এখন সংবাদমেল সম্বোধন কৰি কাৰ্যসূচী সন্দৰ্ভত অৱগত কৰে । ৰাজ্যিক ভিত্তিত হ'বলগীয়া এই সাংস্কৃতিক সমাৰোহত ভালেমান বিশিষ্ট ব্যক্তিৰ লগতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব বুলি জানিবলৈ দিয়ে উদ্যোক্তা সকলে । ইফালে জনজাতীয় সাংস্কৃতিক সমাৰোহ খনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সাংস্কৃতিক দল সমূহে অংশগ্ৰহণ কৰিব । সমাৰোহত পতাকা উত্তোলন, সাংস্কৃতিক শোভাযাত্ৰা , সাংস্কৃতিক অনুষ্ঠান ইত্যাদিৰ লগতে অনুষ্ঠিত হ'ব এখন মুকলি সভা । সংবাদমেলত সম্পাদক জুৰচিং বৰদলৈ, জনজাতি সাংস্কৃতিক মহাসভাৰ কেন্দ্ৰীয় সমিতিৰ অতিৰিক্ত মুখ্য সম্পাদক নাদিৰাম দেউৰী , থানুৰাম আগৰৱালা আৰু অন্যান্য বিষয়ববীয়া সকল উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু