
ধুবুৰী, ০৭ ফেব্ৰুৱাৰী (হি.স.)। ধুবুৰী চহৰত এজন ব্যক্তিক মাৰপিট কৰি হত্যাৰ চেষ্টা কৰি লুট-পাট কৰাৰ অভিযোগ। গুৰুতৰভাবে আহত ব্যক্তিজন।
দিন দুপৰতেই ধুবুৰীত দলবদ্ধ ভাৱে এজন ব্যক্তিক আক্ৰমণ কৰাক কেন্দ্ৰ কৰি চাঞ্চল্য। আক্ৰমণৰ সমগ্ৰ দৃশ্য বন্দী চিচিটিভি কেমেৰাত।
ধুবুৰী চহৰৰ মাজমজিয়াৰ দুই নম্বৰ পুলিছ পইণ্টৰ সন্মুখত দলবদ্ধ ভাৱে এজন ব্যক্তিক আক্ৰমণ কৰে।
অভিযোগ মতে নুনিয়াপট্টি অঞ্চলৰ প্ৰকাশ কুমাৰ শ্বাহ নামৰ ব্যক্তিজনে ছোৱালীক বাইকেৰে স্কুলত ৰাখিবলৈ যোৱাৰ সময়ত এখন ই-ৰিক্সা তীব্ৰ বেগেৰে ঘূৰাবলৈ লওঁতে প্ৰকাশ কুমাৰ শ্বাহ নামৰ ব্যক্তিজনৰ বাইকত লগাই দিয়াৰ ফলত ব্যক্তিজনৰ লগতে ছোৱালীজনীয় বাইকৰ পৰা পঢ়ি যায়।
তাৰ পিছতে ই-ৰিক্সা চলাক জনে কেইবাজনক লগত লৈ প্ৰকাশ কুমাৰ শ্বাহক দলবদ্ধ ভাৱে আক্ৰমণ কৰি হত্যা চেষ্টাৰ কৰাৰ লগতে লুট পাট কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভুগী গৰাকীয়ে। ঘটনা সন্দৰ্ভত প্ৰকাশ কুমাৰ শ্বাহই ধুবুৰী সদৰ আৰক্ষী থানাৰ এখন লিখিত অভিযোগ দাখিল কৰিছে ।
উক্ত এজাহাৰ ভিত্তিত ধুবুৰী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু