
গুৱাহাটী, ০৬ ফেব্ৰুৱাৰী (হি.স.)। পাকিস্তানী এজেণ্ট গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছৰ সময় পৰিৱৰ্তনৰ এই যাত্ৰা প্ৰকৃততে পূৰ্বৰ কংগ্ৰেছৰ শাসনৰ ক’লা দিনৰ পুনৰাবৃত্তিৰ যাত্ৰা বুলি অভিহিত কৰে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ জয়ন্ত কুমাৰ গোস্বামীয়ে ৷
আজি ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত আয়োজিত কৰা এক সংবাদমেলত মুখপাত্ৰগৰাকীয়ে এই বক্তব্য প্ৰকাশ কৰি কয় যে, কংগ্ৰেছৰ যাত্ৰাই অসমৰ জনসাধাৰণক কংগ্ৰেছৰ শাসনৰ দিনৰ গঁড় হত্যা, দুৰ্নীতি, স্বজন-তোষন আদিৰ কথা মনত পেলাই দিছে৷ যাৰ ফলত খিলঞ্জীয়া অসমীয়া হিন্দু-মুছলমান তথা ভাৰতীয় মূলৰ জনসাধাৰণৰ অধ্যুষিত অঞ্চলত এই যাত্ৰাই সমাদৰ লাভ কৰা নাই আৰু সেয়েহে বৰদোৱা আদি অঞ্চলত জনসাধাৰণৰ তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে কংগ্ৰেছৰ যাত্ৰাই, কিন্তু মিঞা অধ্যুষিত অঞ্চলত এই যাত্ৰাই ব্যাপক সমাদৰ লাভ কৰিব ৷
তেওঁ লগতে উল্লেখ কৰে যে, কংগ্ৰেছৰ নতুন বৰ অসমে মিঞাৰ আধিপত্য থকা অসমক বুজাইছে আৰু পৰৱৰ্তী সময়ত এই সিদ্ধান্তই গৌৰৱ গগৈয়ে মিঞাক অসমৰ সকলো অঞ্চলতে সংস্থাপিত কৰাৰ পণ লৈছে৷ কিন্তু ভাৰতীয় জনতা পাৰ্টিয়ে খিলঞ্জীয়া অসমীয়া হিন্দু-মুছলমান তথা ভাৰতীয় মূলৰ জনসাধাৰণৰ স্বাৰ্থত কেতিয়াও কংগ্ৰেছৰ এই উদ্দেশ্য সফল হ’বলৈ নিদিয়ে ৷
মুখপাত্ৰগৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰীগৰাকী সুৰক্ষিত অসমীয়া জাতিৰ ভৱিষ্যত দ্ৰষ্টা বুলি উল্লেখ কৰি কয় যে, তেওঁৰ বিৰুদ্ধে কংগ্ৰেছে ৰচনা কৰা ষড়যন্ত্ৰ অসমীয়া মানুহে কেতিয়াও সফল হ’বলৈ নিদিয়ে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে মিঞাৰ বিৰুদ্ধে অসমীয়াৰ সুৰক্ষাৰ স্বাৰ্থত নিৰৱিচ্ছিন্নভাৱে কাম কৰি আছে আৰু অসমৰ জনসাধাৰণ তেখেতৰ লগত৷ অন্যহাতে, অসমৰ উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক লগত লৈ অহোপুৰুষাৰ্থ কৰিছে ৷ যাৰ ফলত যোৱা ১০ বছৰত অসম এখন উন্নতিৰ দিশে গতি কৰিছে বুলি সংবাদমেলত মুখপাত্ৰগৰাকীয়ে উল্লেখ কৰে৷
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী