(অপডেট) মেঘালয়ৰ অবৈধ কয়লা খনি বিস্ফোৰণত ১৬ জন শ্ৰমিকৰ মৃত্যু, উদ্ধাৰ অভিযান অব্য়াহত
- সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে গুৱাহাটীৰ পৰা প্ৰেৰণ কৰা হৈছে তিনিটা এন ডি আৰ এফৰ দল শ্বিলং, ০৫ ফেব্ৰুৱাৰী (হি.স.)। মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰ জিলাৰ তাছখাইত বৃহস্পতিবাৰে এক অবৈধ কয়লা খনিত সংঘটিত হোৱা বৃহৎ বিস্ফোৰণত ১৬ জন শ্ৰমিক নিহত হয়। ইফ
मेघालयः ईस्ट जयंतिया हिल्स जिले के अवैध कोयला खदान में विस्फोट के बाद लगी आग के चलते खदान से निकलता धुंआ


- সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে গুৱাহাটীৰ পৰা প্ৰেৰণ কৰা হৈছে তিনিটা এন ডি আৰ এফৰ দল

শ্বিলং, ০৫ ফেব্ৰুৱাৰী (হি.স.)। মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰ জিলাৰ তাছখাইত বৃহস্পতিবাৰে এক অবৈধ কয়লা খনিত সংঘটিত হোৱা বৃহৎ বিস্ফোৰণত ১৬ জন শ্ৰমিক নিহত হয়। ইফালে উদ্ধাৰ অভিযান তীব্ৰতৰ হোৱাৰ লগে লগে মৃত্যুৰ সংখ্যা আৰু অধিক বৃদ্ধি পাব পাৰে বুলি অনুমান কৰা হৈছে। ঘটনাস্থলীৰ ভিডিঅ’ ক্লিপত শ্ৰমিকসকলে কান্দি কান্দি চিঞৰিছে যে খনিৰ ভিতৰত শ শ শ্ৰমিক আবদ্ধ হৈ আছে।

প্ৰাৰম্ভিক খবৰ অনুসৰি কয়লা খনিৰ ভিতৰত বিস্ফোৰণ সংঘটিত হোৱাৰ ফলত স্থানত উপস্থিত থকা শ্ৰমিকসকলৰ মাজত বিস্তৰ ক্ষতিসাধন হয়। বিষয়াসকলে সন্দেহ কৰিছে যে অধিকাংশ লোক অসমৰ শ্ৰমিক আছিল।

গুৱাহাটীস্থিত ১ম বেটেলিয়ন এন ডি আৰ এফৰ মুখ্য কাৰ্যালয়ৰ বিষয়াসকলে জনোৱা মতে, দুৰ্ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে মেঘালয়ত নিয়োজিত এন ডি আৰ এফৰ এটা দল সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে স্থানলৈ প্ৰেৰণ কৰা হয়। গুৱাহাটীৰ পৰা মেঘালয়লৈও দুটা দল প্ৰেৰণ কৰা হয়। দুয়োটা দলৰ নেতৃত্বত আছিল ১ম বেটেলিয়নৰ চি অ’, বেটেলিয়নৰ ডাক্তৰ আৰু অন্যান্য বিষয়া।

সূত্ৰ অনুসৰি, এই ঘটনাৰ পিছতে মেঘালয় আৰক্ষীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰে, আৰু অঞ্চলটোলৈ দল প্ৰেৰণ কৰা হয়। খনিটোৰ পৰা ক’লা ধোঁৱা ওলোৱা দেখা গৈছিল, আৰু ঠাইখনৰ চাৰিওফালে শ্ৰমিক দেখা গৈছিল। বাহিৰত থকা শ্ৰমিকসকল ঘটনাস্থলীত সমবেত হৈছিল। একাংশ মহিলা আৰু শিশুৱেও কান্দি কান্দি চিঞৰি থকা দেখা গৈছে।

প্ৰাৰম্ভিক তথ্য অনুসৰি অবৈধভাৱে চলি থকা খনিটোৰ ভিতৰত ডাইনামাইট ব্যৱহাৰ কৰা হ’ব পাৰে। ইফালে চিনাক্ত হৈছে নিহত শ্ৰমিক তিনিজন। এই ঘটনাক লৈ অসমৰ কাটিগৰাৰ বিহাৰা গাঁৱৰ ফাৰুক আহমেদ আৰু শৰীশা কুৰি গাঁৱৰ বাসিন্দা দিলদাৰ হুছেইন আৰু আনোৱাৰ হুছেইনক আটক কৰিছে।

সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এছ পি বিকাশ কুমাৰে উল্লেখ কৰে যে এতিয়ালৈকে ১৬টা মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু যুদ্ধৰ ভিত্তিত উদ্ধাৰ অভিযান চলি আছে। খনিটোৰ ভিতৰত আৰু অধিক মৃতদেহ আবদ্ধ হৈ থাকিব পাৰে বুলি আশংকা কৰিছে বিষয়াসকলে।

কয়লা খনিটোত এক শক্তিশালী বিস্ফোৰণৰ পিছত এই ঘটনা সংঘটিত হয়, যাৰ ফলত ব্যাপক জৰুৰীকালীন সঁহাৰিৰ সূচনা হয়। ঘটনাস্থলীত আৰক্ষী আৰু উদ্ধাৰকাৰী কৰ্মী উপস্থিত, আৰু অনুসন্ধান অভিযান অব্যাহত আছে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande