
শোণিতপুৰ, ০৪ ফেব্ৰুৱাৰী (হি.স.)। জনস্বাস্থ্য সজাগতাৰ এক বলিষ্ঠ পদক্ষেপ স্বৰূপে, অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যন (ACCF)আৰু শোণিতপুৰ জিলা এনচিডি চেলৰ যুটীয়া উদ্যোগত আজি বুধবাৰে বিশ্ব কৰ্কট দিৱস পালন কৰা হয়। কৰ্কট ৰোগৰ প্ৰতি সজাগতা বৃদ্ধি, আগতীয়া চিনাক্তকৰণ আৰু সুস্থ অসম,কৰ্কট মুক্ত অসম ৰ লক্ষ্যৰে এই অনুষ্ঠানত কেবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কাৰ্যসূচীৰ আৰম্ভণিতে এক উৎসাহ জনক পদযাত্ৰা উলিওৱা হয়,য’ত স্বাস্থ্যকৰ্মী, ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় নাগৰিকে অংশ গ্ৰহণ কৰে।
আইডিএছপি(IDSP)ৰ জিলা নডেল বিষয়া ডাঃ তিলক ভট্টাচাৰ্যই এই পদযাত্ৰাৰ ফ্লেগ-অফ কৰে। প্ৰতিৰোধৰ ক্ষেত্ৰত শাৰীৰিক ব্যায়ামৰ গুৰুত্বৰ বাৰ্তালৈ উলিওৱা এই পদযাত্ৰাৰ পিছতে অংশগ্ৰহণকাৰীসকলে এক যোগাসন অনুষ্ঠানত অংশ লয়। ইয়াৰোপৰি,তেজপুৰবিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে জৰায়ুৰ কৰ্কটৰোগ আৰু এইচপিভি ভেকচিন সম্পৰ্কীয় অন্ধবিশ্বাস আৰু সত্যসমূহ দাঙি ধৰি এখন বাটৰ নাট প্ৰদৰ্শনকৰে।
চিকিৎসা বিজ্ঞানৰ দৃষ্টিভংগী: জৰায়ুত হোৱা কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ
তেজপুৰ কেন্সাৰ কেন্দ্ৰৰ জ্যেষ্ঠ কেন্সাৰ বিশেষজ্ঞ ডাঃসঞ্জীৱ কুমাৰ গুপ্তাই জৰায়ুৰ কৰ্কট ৰোগৰ (Cervical Cancer) ওপৰত এক সবিশেষ তথ্যচিত্ৰ উপস্থাপন কৰে। তেওঁ উল্লেখ কৰে, আগতীয়া পৰীক্ষণ আৰু ভেকচিনেই আমাৰ আটাইতকৈ শক্তিশালী অস্ত্ৰ। মহিলাৰ স্বাস্থ্যক লৈ থকা নীৰৱতা আমি ভাঙিবই লাগিব। ইয়াৰ উপৰিও জৰায়ুৰ কৰ্কট ৰোগ নিৰ্মূলকৰণৰ বাবে গোলকীয় ৯০-৭০-৯০ লক্ষ্যৰ বিষয়েও আলোচনা কৰা হয়: ১৫ বছৰ বয়সৰ ভিতৰত ৯০% ছোৱালীক সম্পূৰ্ণৰূপে এইচপিভি ভেকচিন প্ৰদান কৰা হয়। একেদৰে ৭০% মহিলাক ৩৫ আৰু ৪৫ বছৰ বয়সত উচ্চমানৰ পৰীক্ষণ কৰা আৰু চিনাক্ত হোৱা ৯০% আক্ৰান্ত মহিলাক সঠিক চিকিৎসা প্ৰদান।
অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে জিলাখনত কৰ্কট নিয়ন্ত্ৰণৰ পৰিকল্পনা আগবঢ়ায়: এছডিএমএইচঅ’ই কেৱল চিকিৎসাৰ পৰিৱৰ্তে প্ৰতিৰোধমূলক ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনায়। জিলা কাৰ্যসূচী সমন্বয়ক (DPC) গৰাকীয়ে ধঁপাত আৰু অস্বাস্থ্যকৰ খাদ্যভ্যাসৰ দৰে কাৰকসমূহে কেনেকৈ কেন্সাৰৰসম্ভাৱনা বৃদ্ধি কৰে সেই বিষয়ে আলোচনা কৰে। ব্লক কাৰ্যসূচী মেনেজাৰ(BPM): তৃণমূল পৰ্যায়লৈ স্বাস্থ্য সজাগতালৈ যোৱাৰ পৰিকল্পনাৰ বিষয়ে ব্যাখ্যা কৰে।
সৃজনীমূলক সজাগতা: কলাৰ জৰিয়তে প্ৰচাৰ নতুন প্ৰজন্মক উৎসাহিত কৰিবলৈ সুস্থ অসম, কৰ্কট মুক্ত অসম বিষয়ত এক চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । ইয়াৰ পিছতে বিজয়ী সকলক বঁটা প্ৰদান কৰা হয়। এচিচিএফ আৰুজিলা এনচিডি চেলৰ এই যুটীয়া প্ৰচেষ্টাই বিশ্ব কৰ্কট দিৱসৰ মূল উদ্দেশ্যক স্থানীয় পৰ্যায়লৈ লৈ যোৱাত সফল হৈছে।সামূহিক অংশগ্ৰহণ আৰু জীৱন শৈলীৰ পৰিৱৰ্তনৰ জৰিয়তে যে এক সুস্থ অসম গঢ়া সম্ভৱ, সেইবাৰ্তাই এইঅনুষ্ঠানৰজৰিয়তে প্ৰসাৰিত হয় ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ