আধুনিক চিনাক্তকৰণ প্ৰযুক্তিৰ জৰিয়তে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ দ্বাৰা ৰেলৰ সুৰক্ষা আৰু দক্ষতাৰ শক্তিশালীকৰণ
গুৱাহাটী, ০৪ ফেব্ৰুৱাৰী (হি.স.)। উত্তৰ-পূব সীমান্ত ৰেলৱেই ইয়াৰ নেটৱৰ্কৰ সমগ্ৰতে ৰেলৰ সুৰক্ষা বৃদ্ধি কৰাৰ অৰ্থে আৰু পৰিচালন দক্ষতা উন্নত কৰাৰ বাবে অত্যাধুনিক নিৰীক্ষণ আৰু পৰিদৰ্শন পদ্ধতিৰ কমিছনিঙৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। ৰোলিং ষ্টকৰ সুৰক
আধুনিক চিনাক্তকৰণ প্ৰযুক্তিৰ জৰিয়তে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ দ্বাৰা ৰেলৰ সুৰক্ষা আৰু দক্ষতাৰ  শক্তিশালীকৰণ


গুৱাহাটী, ০৪ ফেব্ৰুৱাৰী (হি.স.)। উত্তৰ-পূব সীমান্ত ৰেলৱেই ইয়াৰ নেটৱৰ্কৰ সমগ্ৰতে ৰেলৰ সুৰক্ষা বৃদ্ধি কৰাৰ অৰ্থে আৰু পৰিচালন দক্ষতা উন্নত কৰাৰ বাবে অত্যাধুনিক নিৰীক্ষণ আৰু পৰিদৰ্শন পদ্ধতিৰ কমিছনিঙৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। ৰোলিং ষ্টকৰ সুৰক্ষা শক্তিশালী কৰিবলৈ উত্তৰ-পূব সীমান্ত ৰেলৱেৰ নেটৱৰ্কৰ কৌশলগত স্থানসমূহত মুঠ ৩০টা হট বক্স ডিটেক্টৰ সফলতাৰে কমিচন কৰা হৈছে।

এই ডিটেক্টৰসমূহে চলন্ত ৰেলৰ এক্সেল বক্স বিয়াৰিংসমূহৰ উষ্ণতা অবিৰতভাৱে নিৰীক্ষণ কৰি অত্যাধিক উষ্ণতাৰ স্থিতিৰ প্ৰাৰম্ভিক চিনাক্তকৰণত সহায় কৰে, যি সাধাৰণতে “হট বক্স” ঘটনা বুলি জনা যায়, যাৰ ফলত সম্ভাৱ্য ৰেলচ্যুতি আৰু সেৱা বিঘিনি প্ৰতিৰোধ কৰিব পৰা যায়। ইয়াৰ উপৰিও আৰু ৪৩টা হট বক্স ডিটেক্টৰ বৰ্তমান সংগ্ৰহৰ প্ৰক্ৰিয়াধীন অৱস্থাত আছে, যি উত্তৰ-পূব সীমান্ত ৰেলৱেৰ সুৰক্ষা নিৰীক্ষণ গাঁথনিক আৰু শক্তিশালী কৰিব।

মালবাহী ৰেলৰ নিৰ্ভৰযোগ্যতা অধিক উন্নত কৰাৰ অৰ্থে, নিউ জলপাইগুড়ীত তিনিটা স্বয়ংক্ৰিয় ৰেল পৰীক্ষণ প্ৰণালী (এটিইএছ) স্থাপন কৰা হৈছে। এই পদ্ধতিসমূহে হুইল ডিফেক্ট, এক্সলে বক্সৰ ত্ৰুটি, খুলি পৰি যোৱা বা ক্ষতিগ্ৰস্ত ৱাগনসমূহৰ দুৱাৰ আৰু অন্যান্য অস্বাভাৱিকতাসমূহ স্বয়ংক্ৰিয়ভাৱে চিনাক্ত কৰে। ৰেলসমূহে পৰীক্ষণ ডিপোত প্ৰৱেশ কৰাৰ পূৰ্বে গুৰুত্বপূৰ্ণ তথ্য ৰেকৰ্ড কৰাৰ লগতে এটিইএছে ৰক্ষণাবেক্ষণ ষ্টাফক সময়মতে মেৰামতি আৰু সংশোধন পৰিকল্পনা কৰিবলৈ সক্ষম কৰি তোলে, যাৰ ফলত পৰিদৰ্শন সময় যথেষ্ট হ্ৰাস পায় আৰু মালবাহী ৰেলৰ পৰিচালন অধিক সুগম আৰু নিৰ্ভৰযোগ্য হৈ উঠে।

আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে, ইলেক্ট্ৰনিক ইন-মোশন ৱে ব্ৰিজৰ পৰীক্ষণ আৰু কেলিব্ৰেচনৰ বাবে ৰঙিয়া মণ্ডলত টেষ্ট ৱেটৰে সজ্জিত পাঁচটা ৱাগনৰ এখন টেষ্ট ৰেক মুকলি কৰা হৈছে। বৰ্তমান উত্তৰ-পূব সীমান্ত ৰেলৱেত ১৫ খন ইন-মোচন ৱেইব্ৰিজ কাৰ্য্যক্ষম হৈ থকাৰ লগতে পৰীক্ষণ ৱাগনে ৰেল পৰিচালনৰ সময়ত ওজন পৰিমাপৰ সঠিকতা আৰু নিৰ্ভৰযোগ্যতা নিশ্চিত কৰাত সহায় কৰিব।

এই পদক্ষেপসমূহে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ দ্বাৰা অঞ্চলটোত উন্নত সুৰক্ষা, সুদক্ষ তত্বাৱধানৰ অনুশীলন আৰু নিৰ্ভৰযোগ্য ৰেল পৰিচালনৰ বাবে আধুনিক প্ৰযুক্তি গ্ৰহণ কৰাৰ অবিৰত প্ৰতিশ্ৰুতিকেই প্ৰতিফলিত কৰিছে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande