ডিচিয়ে ফাইনেলত প্ৰৱেশ কৰাৰ পিছত চিনেল হেনৰীয়ে কয়, “স্পষ্ট চিন্তা আৰু স্থিৰতা আছিল আমাৰ শক্তি”
বদোদৰা, ০৪ ফেব্ৰুৱাৰী (হি.স.)। মহিলা প্ৰিমিয়াৰ লীগ ২০২৬ৰ এলিমিনেটৰত গুজৰাট জায়েন্টছক ৭ উইকেটত পৰাস্ত কৰি দিল্লী কেপিটেলছ (ডি চি)য়ে একেৰাহে চতুৰ্থবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰে। বিচিএ ষ্টেডিয়ামত ১৬৯ ৰানৰ লক্ষ্য খেদি খেদি দিল্লীয়ে ২৬টা বল বাকী থকা
दिल्ली कैपिटल्स की ऑलराउंडर चिनेल हेनरी


বদোদৰা, ০৪ ফেব্ৰুৱাৰী (হি.স.)। মহিলা প্ৰিমিয়াৰ লীগ ২০২৬ৰ এলিমিনেটৰত গুজৰাট জায়েন্টছক ৭ উইকেটত পৰাস্ত কৰি দিল্লী কেপিটেলছ (ডি চি)য়ে একেৰাহে চতুৰ্থবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰে। বিচিএ ষ্টেডিয়ামত ১৬৯ ৰানৰ লক্ষ্য খেদি খেদি দিল্লীয়ে ২৬টা বল বাকী থকা অৱস্থাত জয়লাভ কৰি ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰচিবি)ৰ বিৰুদ্ধে খিতাপ দখলৰ খেলখনত স্থান নিশ্চিত কৰে।

খেলখনৰ অন্তত দিল্লী কেপিটেলছৰ অল-ৰাউণ্ডাৰ চিনেলে হেনৰীয়ে দলটোৰ চিন্তা-চৰ্চা আৰু কৌশলৰ বিষয়ে মুকলিকৈ কয়।

মেচৰ পূৰ্বে আমি কেনেকৈ খেলিব লাগে সেই বিষয়ে আলোচনা কৰিছিলো। পূৰ্বৰ মেচবোৰত গুজৰাটৰ বিৰুদ্ধে ঘনিষ্ঠ মেচত পৰাস্ত হৈছিলো যদিও এইবাৰ আমাৰ মনোযোগ আছিল স্পষ্ট মন আৰু স্থিৰতা বজাই ৰখাত।

১৬৯ ৰানৰ লক্ষ্য খেদি ডিচিৰ বিস্ফোৰক ৮৯ ৰানৰ আৰম্ভণিৰ অংশীদাৰিত্বই দিল্লীৰ জয়ৰ ভেটি স্থাপন কৰে। ইয়াৰ পিছত মিডল অৰ্ডাৰে কোনো ধৰণৰ হেঁচা নোহোৱাকৈ দলটোক লক্ষ্যস্থানলৈ লৈ যায়।

হেনৰীয়ে কয়, আমাৰ পৰিকল্পনা স্পষ্ট আছিল আৰু আমি আমাৰ শক্তিৰ ওপৰত আত্মবিশ্বাসী আছিলো। আমি জানো যে শ্বেফালি আৰু লিজেল কিমান বিপজ্জনক হ'ব পাৰে। যিয়েই নহওক কিয়, আমি মাত্ৰ আমাৰ খেল খেলিব লাগিছিল।

ইয়াৰ পূৰ্বে দিল্লীৰ বলাৰসকলে গুজৰাট জায়েন্টছক অহৰহ হেঁচাত ৰাখিছিল। চিনেলে হেনৰীয়ে তিনিটা উইকেট দখল কৰাৰ বিপৰীতে নন্দিনী শৰ্মাই দুটা গুৰুত্বপূৰ্ণ উইকেট দখল কৰি গুজৰাটৰ ৰানৰ হাৰ মন্থৰ কৰে।

নন্দিনী শৰ্মাইও এই অভিনয়েৰে এক ডাঙৰ মাইলৰ খুঁটি অৰ্জন কৰে। ডব্লিউ পি এলৰ এটা ছিজনত ভাৰতৰ হৈ সৰ্বাধিক উইকেট দখলকাৰী হিচাপে পৰিগণিত হয়। ২০২৬ চনৰ ছিজনত এতিয়া ১৬টা উইকেট দখল কৰি পাৰ্পল কেপৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰি আছে।

দলটোৰ ভিতৰৰ পৰিৱেশৰ বিষয়ে কোৱাৰ সময়ত হেনৰীয়ে কয়, আমাৰ ইজনে সিজনৰ ওপৰত সম্পূৰ্ণ আস্থা আছে। বেটিঙত লিজেল, শ্বাফালি, জেমিমাহ আৰু ল'ৰা হওক, বা আমি বলাৰ হওক— সকলোৱে জানে যে তেওঁলোকে কি কৰিব লাগিব।

নেতৃত্বৰ সন্দৰ্ভত তাই কয় যে বলিং ইউনিটৰ ভিতৰত অহৰহ যোগাযোগ চলি থাকে।

তেখেতে কয়, জেমিমা ৰড্ৰিগেছ সদায় আলোচনাৰ বাবে মুকলি। মাৰিজান কেপৰ সৈতে পাৱাৰপ্লে' শ্বেয়াৰ কৰাটো বিশেষ। আমি পৰিকল্পনাৰ বিষয়ে অহৰহ আলোচনা কৰোঁ।

তেওঁৰ অল-ৰাউণ্ড অৱদানৰ সন্দৰ্ভত হেনৰীয়ে কয় যে দলটোক সহায় কৰিবলৈ তেওঁ যি ভূমিকা ল’ব পাৰে, সেয়া তেওঁৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ।

গুজৰাটৰ বিৰুদ্ধে আমি জয়ী হৈছিলো যদিও আটাইতকৈ ডাঙৰ মেচখন এতিয়াও আহিবলগীয়া আছে, এতিয়া আমাৰ গুৰুত্ব ফাইনেলত আৰু আমি ডব্লিউ পি এল চেম্পিয়ন হোৱাৰ দিশত চূড়ান্ত পদক্ষেপ ল’বলৈ বিচাৰিছো।

২০২৬ চনৰ ৫ ফেব্ৰুৱাৰী বৃহস্পতিবাৰে দিল্লী কেপিটেলছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ মাজত অনুষ্ঠিত হ’ব ডব্লিউ পি এল ২০২৬ৰ ফাইনেল।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande