
নতুন দিল্লী, ০৪ ফেব্ৰুৱাৰী (হি.স.)। পদ্মশ্ৰী শ্যাম লাল মেম’ৰিয়েল হকী প্ৰতিযোগিতাৰ পুৰুষৰ শাখাত আয়োজক শ্যাম লাল কলেজে (মৰ্নিং) বুধবাৰে শক্তিশালী প্ৰদৰ্শন অব্যাহত ৰাখি কিৰোৰী মাল কলেজক ৫-০ গ’লত পৰাস্ত কৰে। এই জয়েৰে শ্যাম লাল কলেজে (মৰ্নিং) প্ৰতিযোগিতাখনত একেৰাহে তৃতীয়বাৰৰ বাবে জয় পঞ্জীয়ন কৰি নিজৰ দৃঢ় দাবী প্ৰতিষ্ঠা কৰে।
আয়োজক দলৰ হৈ নন্দকিশোৰে উজ্জ্বল খেল প্ৰদৰ্শন কৰি দুটা গ’ল দিয়াৰ বিপৰীতে শ্লোক, পংকজ, হৰ্ষে এটাকৈ গ’ল যোগ কৰি আকৰ্ষণীয় জয় লাভ কৰে। নন্দকিশোৰে তেওঁৰ অসাধাৰণ প্ৰদৰ্শনৰ বাবে প্লেয়াৰ অৱ দ্য মেচৰ সন্মান লাভ কৰে।
মহিলা শাখাত শ্যামা প্ৰসাদ মুখাৰ্জী মহাবিদ্যালয়ক ১–০ গ’লত পৰাস্ত কৰি জানকী দেৱী মহাবিদ্যালয়ে এক উল্লেখযোগ্য জয় লাভ কৰে। খেলখনৰ একমাত্ৰ গ’লটো কোমালে দিয়াৰ বিপৰীতে অঞ্জলিয়ে তেওঁৰ আকৰ্ষণীয় প্ৰদৰ্শনৰ বাবে প্লেয়াৰ অৱ দ্য মেচৰ সন্মান লাভ কৰে।
দিনটোৰ আন আন মেচত শ্ৰী ৰাম কলেজ অৱ কমাৰ্চে (এছ আৰ চি চি) হন্সৰাজ কলেজক ৪-২ গ’লত পৰাস্ত কৰে। বিজয়ী দলৰ হৈ সমকিত, মনসামৰ, ইন্দৰপাল, আৰু আয়ুছে এটাকৈ গ’ল দিয়ে। হন্সৰাজ কলেজৰ হৈ সাগৰ যাদৱ আৰু গুৰশিশে গ’ল দিয়ে। তেওঁৰ অসাধাৰণ প্ৰদৰ্শনৰ বাবে সমকিতক খেলৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হয়।
আন এখন খেলত শ্যাম লাল কলেজে (ইভিনিং) কিৰোৰী মাল কলেজ (কেএমচি)ক ৩–১ গ’লত পৰাস্ত কৰে। ৰাঘৱে দুটা গ’ল দিয়াৰ বিপৰীতে হৰ্ষে এটা গ’ল দিয়ে। কেএমচিৰ হৈ একমাত্ৰ গ’লটো দিয়ে সাগৰে। অসাধাৰণ প্ৰদৰ্শনৰ বাবে ৰোহিতে লাভ কৰে প্লেয়াৰ অৱ দ্য মেচৰ বঁটা।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া