তেজপুৰত মাল্টিলেভেল কাৰ পাৰ্কিং'নিৰ্মাণৰ দাবীত স্মাৰক পত্ৰ
Assam, 04 ফেব্ৰুৱাৰী তেজপুৰতমাল্টিলেভেল কাৰ পাৰ্কিং''নিৰ্মাণৰ দাবী তেজপুৰ নাগৰিক সমাজৰঃপৌৰ কৰ্তৃপক্ষক নাগৰিক সমাজৰ স্মাৰকপত্ৰ শোণিতপুৰ, ০৪ ফেব্ৰুৱাৰী (হি.স.)। ৰাজ্যৰ এখন চহৰ তেজপুৰৰ প্ৰধান সমস্যা হৈ পৰা আহুকলীয়া যাতায়ত ব্যৱস্থাত গভীৰ উদ্বেগ
তেজপুৰত মাল্টিলেভেল কাৰ পাৰ্কিং'নিৰ্মাণৰ দাবীত স্মাৰক পত্ৰ


Assam, 04 ফেব্ৰুৱাৰী

তেজপুৰতমাল্টিলেভেল কাৰ পাৰ্কিং'নিৰ্মাণৰ দাবী তেজপুৰ নাগৰিক সমাজৰঃপৌৰ কৰ্তৃপক্ষক নাগৰিক সমাজৰ স্মাৰকপত্ৰ

শোণিতপুৰ, ০৪ ফেব্ৰুৱাৰী (হি.স.)। ৰাজ্যৰ এখন চহৰ তেজপুৰৰ প্ৰধান সমস্যা হৈ পৰা আহুকলীয়া যাতায়ত ব্যৱস্থাত গভীৰ উদ্বেগ প্ৰকাশ কৰি চহৰখনত আধুনিক ধাৰণাৰে এক মাল্টিলেভেল কাৰ পাৰ্কিং নিৰ্মাণৰ দাবী তুলিলে তেজপুৰ নাগৰিক সমাজে। চহৰখনৰ স্বাভাৱিক জীৱনযাত্ৰাত বিশেষভাৱে প্ৰভাৱ পেলোৱা এই সমস্যাৰ আশু সমাধানৰ বাবে তেজপুৰ নাগৰিক সমাজৰ তৰফৰ পৰা জিলা আয়ুক্তক সম্বোধি তেজপুৰ পৌৰসভাৰ কাৰ্যবাহী বিষয়াৰ জৰিয়তে প্ৰেৰণ কৰা এক স্মাৰকপত্ৰৰ জৰিয়তে এই দাবী তুলিছে তেজপুৰ নাগৰিক সমাজে ।

পৌৰসভাৰ কাৰ্যবাহী বিষয়াৰ হাতত যোৱা তিনি ফেব্ৰুৱাৰীত প্ৰদান কৰা এই স্মাৰকপত্ৰত কোৱা হৈছে যে, আধুনিক যুগত যিকোনো চহৰৰ আন্তঃগাঁথনিৰ প্ৰাথমিক প্ৰয়োজনসমূহৰ অন্যতম হৈছে নিৰ্দিষ্ট স্থানত যথাযোগ্য স্থায়ী ‘কাৰ পাৰ্কিঙ'ৰ ব্যৱস্থা । কিন্তু, তেজপুৰৰ দৰে এখন জনবহুল আৰু গুৰুত্বপূৰ্ণ চহৰত দশক দশক ধৰি ‘কাৰ পাৰ্কিঙ’ৰ তেনে কোনো নিৰ্দিষ্ট স্থান গঢ়ি তোলা হোৱা নাই ৷ কম পৰিসৰত ২০১৩ চনত এটা 'পাৰ্কিং' গঢ়ি তোলা হৈছিল যদিও ২০২৩ চনত ইয়াৰ সিংহভাগ এলেকা বজাৰলৈ ৰূপান্তৰিত কৰি নামমাত্ৰ ঠাইহে 'পাৰ্কিঙ'ৰ বাবে ৰখা হ'ল । যাৰ পৰিণতিত সময়ৰ লগে লগে বৃদ্ধি হৈ অহা যান-বাহন আৰু জনঘনত্বৰ বাবে সম্প্ৰতি চহৰখনৰ মূল পথ আৰু এন বি ৰোড নামৰ প্ৰৱেশ-প্ৰস্থানৰ দুয়োটা পথৰ দুয়োকাষ অঘোষিত কাৰ 'পাৰ্কিঙ'লৈ পৰ্যবসিত হৈছে।

গুৰুত্বপূৰ্ণ দুয়োটা পথৰে সিংহভাগ এনেদৰে ‘কাৰ পাৰ্কিং’ ৰূপে ব্যৱহৃত হোৱাৰ লগতে দৰং কলেজৰ পৰা তেজপুৰ সদৰ থানালৈকে থকা পদপথৰো বৃহৎ অংশ ব্যৱসায়ৰ থলি হৈ পৰাৰ ফলত পদপথো সংকুচিত হৈ চহৰখনৰ এই গুৰুত্বপূৰ্ণ পথ দুটাৰে যাতায়ত কৰাটো অত্যন্ত আহুকলীয়া হৈ পৰিছে। মূল পথ সংযোগী উপপথসমূহো অঘোষিত 'কাৰ পাৰ্কিঙ'ত পৰিণত হৈ পৰাৰ লগতে একাংশ উপপথৰ পদপথো অনুৰূপধৰণে ব্যৱসায়ৰ থলী হৈ পৰাৰ ফলত এনে উপপথসমূহৰেও যাতায়ত অসুচল হৈ পৰিছে। সময়ৰ লগে লগে চহৰখনৰ আয়তন বৃদ্ধি হৈছে আৰু ইয়াৰ সমান্তৰালভাৱে চহৰখনত জনঘনত্ব আৰু যানবাহনৰ সংখ্যাও বৃদ্ধি পাইছে ৷

উল্লেখ্য যে চৰকাৰী তথ্য অনুসৰিয়েই জিলাখনত সম্প্ৰতি পথত চলি থকা কেৱল চাৰিচকীয়া আৰু দুচকীয়া বাহনৰ সংখ্যাই ক্ৰমে ৩০হেজাৰ আৰু ১৮হেজাৰতকৈ অধিক । ইয়াৰ উপৰিও ছয় হেজাৰোধিক ই-ৰিক্সা, অটোৰিক্সাৰ লগতে বৃহৎ আকাৰৰ বাহনসমূহ আছেই।আনহাতে ২০১১ৰ লোকপিয়ল অনুসৰি তেজপুৰ চহৰৰ জনসংখ্যা আছিল প্ৰায় ৫৯ হেজাৰ । বৰ্তমান বৃহত্তৰ তেজপুৰৰ জনসংখ্যা প্ৰায় ডেৰলাখ বুলি অনুমান কৰা হৈছে । ২০১১ৰ পিয়ল অনুসৰি চহৰখনৰ জনঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত এহেজাৰ আঠশ ৮৮জন । যোৱা ডেৰ দশকত এই জনঘনত্বও লক্ষ্যণীয়ভাবে বৃদ্ধি হৈছে । স্মাৰকপত্ৰত কোৱা হৈছে-- ১৯৮৭চনত 'কলিয়া ভোমোৰা সেতু' আৰু ২০২৩-২৪চনত চৌকিঘাট দলং নিৰ্মাণৰ সময়ত ইয়াৰ পৰা চহৰখনত পৰিব পৰা প্ৰভাৱলৈ লক্ষ্য কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ দূৰদৰ্শী বিবেচনাও সময়ত কৰা নহ'ল। যাৰ পৰিণতিত শেহতীয়াকৈ 'চৌকিঘাট' দলং মুকলি কৰাৰ পিছত কম সময়ৰ ভিতৰতে চহৰখনলৈ দৈনিক অহাযোৱা কৰা সৰু-বৰ যানবাহন আৰু মানুহৰ সংখ্যাও অভাৱনীয় হাৰত বৃদ্ধি পাইছে। পৰিণতিত আহুকলীয়া যাতায়ত ব্যৱস্থা চহৰখনৰ প্ৰধান সমস্যা হৈ পৰিছে।

চহৰখনত পৰ্যাপ্ত সুবিধা থকা স্বত্ত্বেও চহৰখনৰ নিদ্দিৰ্ষ্ট স্থানত ‘কাৰ পাৰ্কিঙ'ৰ যথাযোগ্য ব্যৱস্থা সময়মতে গঢ়ি নোতোলাটোৱেই আজিৰ তাৰিখত তেজপুৰ চহৰৰ প্ৰধান সমস্যাৰূপে দেখা দিয়া এই সমস্যাৰ মূল কাৰক বুলি অভিহিত কৰা হৈছে স্মাৰকপত্ৰ খন। ইয়াৰ যোগে এই গুৰুতৰ সমস্যাৰ সমাধানকল্পে চহৰখনৰ নিদ্দিৰ্ষ্ট স্থানত শীঘ্ৰেই আধুনিক ধাৰণাৰে কমেও এটা ‘মাল্টিলেভেল কাৰ পাৰ্কিং’ নিৰ্মাণৰ ব্যৱস্থা কৰাৰ দাবী জনাইছে নাগৰিক সমাজে।স্থায়ী কাৰ পাৰ্কিঙৰ এই ব্যৱস্থা নোহোৱা পৰ্যন্ত বৰ্তমানৰ সমস্যাৰ সাময়িক সমাধানৰ ৰূপত নিৰ্দিষ্ট স্থানত এক অস্থায়ী 'কাৰ পাৰ্কিঙ'ৰ ব্যৱস্থা কৰিবৰ বাবেও স্মাৰকপত্ৰযোগে দাবী তোলা হৈছে।

তেজপুৰ নাগৰিক সমাজৰ সভাপতি পূৰ্ণেশ্বৰ নাথ আৰু সম্পাদক অঞ্জন গোস্বামী স্বাক্ষৰিত এই স্মাৰকপত্ৰৰ জৰিয়তে তেজপুৰ পৌৰসভা আৰু জিলা প্ৰশাসনৰ যুটীয়া তত্বাৱধানত তেজপুৰৰ বালিচাপৰিত থকা ‘চলিদ ৱেষ্ট মেনেজমেণ্ট' প্ৰকল্প সম্প্ৰতি বন্ধ হৈ পৰাটোতো গভীৰ উদ্বেগ প্ৰকাশ কৰি নাগৰিক সমাজে কয় যে এই প্ৰকল্প বন্ধ হৈ থকাৰ ফলত অঞ্চলটোত স্বাভাৱিকতেই জাবৰৰ এক বিশাল পাহাৰ গঢ়ি উঠিব - য’ৰপৰা চহৰখন প্ৰদূষিত হোৱাৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি । জনস্বাস্থ্যৰ প্ৰতি অত্যন্ত ভাবুকি স্বৰূপ এই সম্ভাব্য বিপদৰ প্ৰতি লক্ষ্য কৰি জাবৰৰ পৰা জৈৱিক সাৰ উৎপাদনৰ সুবিধাযুক্ত এই প্ৰকল্প শীঘ্ৰেই সচল কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈকো নাগৰিক সমাজৰ তৰফৰ পৰা প্ৰশাসন আৰু পৌৰ কৰ্তৃপক্ষক দাবী জনোৱা হয়।

একেখন স্মাৰকপত্ৰত, ৰাজ্যিক ভাষা আইনৰ প্ৰতি যথাযোগ্য সন্মান জনাই তেজপুৰৰ একাংশ ব্যৱসায়ী প্ৰতিষ্ঠানে নাম ফলকত অসমীয়া ভাষা ব্যৱহাৰৰ পৰা বিৰত হৈ ৰোৱা বিষয়লৈ আঙুলিয়াই, পৌৰ কৰ্তৃপক্ষৰ জৰিয়তে ৰাজ্যিক ভাষা আইনৰ প্ৰতি সন্মান জনাই এক নিদ্দিৰ্ষ্ট সময়ৰ ভিতৰত পৌৰ এলেকাৰ সকলো ব্যৱসায়ীক প্ৰতিষ্ঠানৰ নাম ফলকত অসমীয়া ভাষাৰ ব্যৱহাৰ নিশ্চিত কৰিবলৈ আৰু ইয়াৰ অন্যথাই ৰাজ্যিক ভাষা আইন অমান্যকাৰীৰ ওপৰত নীতিগতভাৱে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰো দাবী জনোৱা হয় ৷ চহৰখনৰ ঐতিহ্য, পাৰিপাশ্বিৰ্কতা, সামাজিক জীৱনযাত্ৰা, ভৌগোলিক অৱস্থান আৰু ভৱিষ্যতৰ সম্ভাৱনীয়তা,এই সকলো দিশৰ প্ৰতি লক্ষ্য কৰি প্ৰশাসন তথা পৌৰ কৰ্তৃপক্ষই শীঘ্ৰে এই দাবীসমূহ পূৰণৰ যথাযোগ্য ব্যৱস্থা গ্ৰহণ কৰিব বুলি তেজপুৰ নাগৰিক সমাজে আশা প্ৰকাশ কৰিছে।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande