লিবিয়াৰ প্ৰাক্তন একনায়কত্ববাদী গাদ্দাফিৰ পুত্ৰক জিনটানত গুলীয়াই হত্যা
ট্ৰিপলি (লিবিয়া), ০৪ ফেব্ৰুৱাৰী (হি.স.)। লিবিয়াৰ প্ৰাক্তন একনায়কত্ববাদী কৰ্ণেল মোৱাম্মৰ গাদ্দাফিৰ পুত্ৰ ছাইফ আল ইছলাম গাদ্দাফি (৫৩)ক জিনটান চহৰত গুলীয়াই হত্যা কৰা হয়। মঙলবাৰে গাদ্দাফিৰ উপদেষ্টা আব্দুল্লা ওচমান আব্দুৰাহিমে এই কথা ঘোষণা কৰে যদি
d62aac22212aa9f2c378814f826ec671_2110725390.jpg


ট্ৰিপলি (লিবিয়া), ০৪ ফেব্ৰুৱাৰী (হি.স.)। লিবিয়াৰ প্ৰাক্তন একনায়কত্ববাদী কৰ্ণেল মোৱাম্মৰ গাদ্দাফিৰ পুত্ৰ ছাইফ আল ইছলাম গাদ্দাফি (৫৩)ক জিনটান চহৰত গুলীয়াই হত্যা কৰা হয়। মঙলবাৰে গাদ্দাফিৰ উপদেষ্টা আব্দুল্লা ওচমান আব্দুৰাহিমে এই কথা ঘোষণা কৰে যদিও ছাইফৰ মৃত্যুৰ কোনো সবিশেষ তথ্য প্ৰদান কৰা নাই ছাইফৰ আত্মীয়ই।

প্ৰায় ৪২ বছৰ ধৰি লিবিয়াত শাসন কৰা কৰ্ণেল গাদ্দাফিৰ পুত্ৰৰ মৃত্যুৰ খবৰটো পেৰিছস্থিত নিউজ চেনেল ফ্ৰান্স ২৪ৰ এক প্ৰতিবেদনত বিতংভাৱে উল্লেখ কৰা হৈছে । ফ্ৰান্স ২৪ৰ মতে, সম্পৰ্কীয় ভাতৃৰ মৃত্যুত শোকাহত হামিদ গাদ্দাফীয়ে লিবিয়াৰ নিউজ নেটৱৰ্ক চেনেল আল-আহৰাৰক জনাইছে যে, ছৈফ আল ইছলাম শ্বহীদ হৈছে। পৰিয়ালটোৰ হাতত আৰু কোনো তথ্য নাই।

ছ’চিয়েল মিডিয়াত ছৈফৰ উপদেষ্টা আব্দুৰ্ৰহিমে তেওঁৰ মৃত্যুৰ কথা নিশ্চিত কৰিছে। তেওঁ আল-আহৰাৰ টিভি চেনেলক জনোৱা মতে, চাৰিজন অচিনাক্ত অস্ত্ৰধাৰীয়ে ছাইফ আল ইছলামৰ ঘৰত প্ৰৱেশ কৰি নিৰীক্ষণ কেমেৰা বন্ধ কৰি দিয়ে আৰু তাৰ পিছত ছাইফ আল ইছলাম গাদ্দাফিক গুলীয়াই হত্যা কৰে। আল-আহৰাৰে নিজৰ সূত্ৰৰ উদ্ধৃতি দি কয় যে তেওঁৰ মৃত্যু হৈছে উত্তৰ-পশ্চিম লিবিয়াৰ জিনটান চহৰত। অৱশ্যে দীৰ্ঘদিন ধৰি তেওঁৰ অৱস্থাৰ বিষয়ে জানিব পৰা হোৱা নাছিল।

ছাইফ আল ইছলামক তেওঁৰ পিতৃৰ উত্তৰাধিকাৰী হিচাপে গণ্য কৰা হৈছিল। ২০২১ চনত তেওঁ ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰিছিল, তাৰ পিছত নিৰ্বাচন অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছিল। কিন্তু পিতৃৰ শাসনকালত তেওঁ উত্তৰ আফ্ৰিকাৰ দেশখনত কোনো চৰকাৰী পদবীত অধিষ্ঠিত নাছিল। ২০১১ চনৰ আৰব বসন্ত বিদ্ৰোহৰ পূৰ্বে তেওঁ উদাৰ ভাবমূৰ্তি গঢ়ি তুলিছিল। কিন্তু এই প্ৰতিচ্ছবি ছিন্নভিন্ন হৈ পৰিল যেতিয়া তেওঁ ঘোষণা কৰিলে যে বিদ্ৰোহক মষিমূৰ কৰিবলৈ তেজৰ নদী বোৱাই দিয়া হ'ব।

আন্তঃৰাষ্ট্ৰীয় ফৌজদাৰী আদালতৰ ৱাৰেণ্টৰ পিছত ২০১১ চনৰ নৱেম্বৰ মাহত দক্ষিণ লিবিয়াত গ্ৰেপ্তাৰ কৰা হৈছিল ছাইফক। ২০১৫ চনত তেওঁক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছিল । দেশজুৰি প্ৰতিবাদৰ অন্তত তেওঁক ক্ষমা কৰা হৈছিল। লিবিয়াৰ মন্তব্যকাৰী ইমাদেডিন বাডিয়ে কয় যে ছাইফ আল ইছলামৰ মৃত্যুক জনসাধাৰণৰ এক বৃহৎ অংশই শ্বহীদ হিচাপে গণ্য কৰিব আৰু ইয়াৰ ফলত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ গতিশীলতাও সলনি হ’ব। বেডিয়ে টুইটাৰত লিখিছে, “তেওঁৰ প্ৰাৰ্থীত্ব আৰু সম্ভাৱ্য সফলতাই এই হত্যাকাণ্ডৰ কাৰণ হ’ব পাৰে।”

কৰ্ণেল গাদ্দাফিৰ শেষৰজন মুখপাত্ৰ মুছা ইব্ৰাহিমেও ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছিল, তেওঁলোকে তেওঁক বিশ্বাসঘাতকতাৰে হত্যা কৰিছিল। তেওঁ বিচাৰিছিল এখন ঐক্যবদ্ধ, সাৰ্বভৌম লিবিয়া। তেওঁ বিচাৰিছিল সকলোৱে সুৰক্ষিত হওক। কৰ্ণেল গাদ্দাফিক আটাইতকৈ দীৰ্ঘদিনীয়া একনায়কত্ববাদী হিচাপে পৰিচিত আছিল।

ছৈফ আল ইছলামৰ ফ্ৰান্সৰ অধিবক্তা মাৰ্চেল চেকাল্ডিয়ে এটা সংবাদ সংস্থাক জনোৱা মতে, উত্তৰ-পশ্চিম লিবিয়াৰ জিনটানত থকা তেওঁৰ ঘৰত আক্ৰমণ কৰা হৈছে। ছাইফ আল ইছলামক জিনটানত থকা ঘৰত চাৰিজন কমাণ্ডোৱে হত্যা কৰে। ছেকালদীয়ে কয় যে ছাইফ আল ইছলামৰ এজন ঘনিষ্ঠ সহযোগীয়ে কিছুদিন পূৰ্বে তেওঁক নিৰাপত্তাজনিত চিন্তাৰ কথা অৱগত কৰিছিল।

তেওঁ কয় যে জনজাতি প্ৰধানজনে ছাইফক ফোন কৰি কৈছিল, আপোনাক ৰক্ষা কৰিবলৈ মানুহ পঠাম কিন্তু ছাইফে নাকচ কৰিলে। অধিবক্তা চেকালডিয়ে কয় যে তেওঁ কেতিয়াও এটা ঠাইত নাথাকে আৰু স্থান সলনি কৰি থাকিল। ২০১১ চনত নাটোৰ সমৰ্থিত বিদ্ৰোহৰ পিছত একনায়কত্ববাদী গাদ্দাফীয়ে ক্ষমতা ত্যাগ কৰিবলগীয়া হোৱা বিশৃংখলতাৰ পৰা উদ্ধাৰৰ বাবে লিবিয়াই সংগ্ৰাম কৰি আছে।

লিবিয়া ট্ৰিপলিৰ ৰাষ্ট্ৰসংঘৰ সমৰ্থিত চৰকাৰ আৰু ২০১৭ চনৰ পৰা লিবিয়াৰ ৰাষ্ট্ৰীয় সেনাবাহিনীৰ নেতৃত্ব দিয়া খলিফা হাফটাৰৰ সমৰ্থিত পূব প্ৰশাসনৰ মাজত বিভক্ত হৈ আছে।গাদ্দাফিৰ পতনৰ পিছৰে পৰা হাফটাৰ এজন শক্তিশালী সামৰিক একনায়কত্ববাদী হিচাপে আত্মপ্ৰকাশ কৰিছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande