পুনৰ ধিং আৰক্ষীৰ আন এক বৃহৎ সাফল্য, দুখনকৈ চোৰাং গৰু ভৰ্তি ট্ৰাক জব্দ
নগাঁও, ০৪ ফেব্ৰুৱাৰী (হি.স.)। পুনৰ ধিং আৰক্ষীৰ আন এক বৃহৎ সাফল্য। ধিং থানাৰ আৰক্ষী বিষয়া বিৰেন কুমাৰ কলিতাৰ নেতৃত্বত চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে অব্যাহত আছে ধাৰাবাহিক অভিযান। এটাৰ পাছত আনটো সফল অভিযানত আৰক্ষীয়ে এটা মাহৰ ভিতৰতে শতাধিক গৰুসহ কেইবা
পুনৰ ধিং আৰক্ষীৰ আন এক বৃহৎ সাফল্য, দুখনকৈ চোৰাং গৰু ভৰ্তি ট্ৰাক জব্দ


নগাঁও, ০৪ ফেব্ৰুৱাৰী (হি.স.)। পুনৰ ধিং আৰক্ষীৰ আন এক বৃহৎ সাফল্য। ধিং থানাৰ আৰক্ষী বিষয়া বিৰেন কুমাৰ কলিতাৰ নেতৃত্বত চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে অব্যাহত আছে ধাৰাবাহিক অভিযান।

এটাৰ পাছত আনটো সফল অভিযানত আৰক্ষীয়ে এটা মাহৰ ভিতৰতে শতাধিক গৰুসহ কেইবাখনো বাহন জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে এই চোৰাং গৰু সৰবৰাহৰ লগত জড়িত কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে।

যোৱা নিশা ধিং আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত চলোৱা অভিযানত দুখনকৈ চোৰাং গৰু ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়। ধিঙৰ ১ নং কান্দুলিমাৰীৰ মাজেৰে চোৰাং গৰু ভৰ্তি দুখনকৈ বাহন নগাঁও অভিমুখে গৈ থকাৰ সময়তে আৰক্ষীয়ে খেদি খেদি বাহন দুখন জব্দ কৰে। এই অভিযানত মুঠ ১৩টা গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয়থ আৰক্ষীয়ে।

অৱশ্যে বাহন দুখন ত্যাগ কৰি চালকসহ গৰু সৰবৰাহত জড়িত লোকসকল এন্ধাৰৰ সুযোগ লৈ মাকৈ খেতিৰ মাজেৰে পলায়ন কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে জব্দ কৰা বাহন দুখনৰ নাম্বাৰ হৈছে -ক্ৰমে এএছ ০২ ডিচি ৯৭০৭ আৰু এ এছ ০২ ডি চি ৯৭২৯। এই চোৰাং গৰু সৰবৰাহৰ লগত আচলতে কোন কোন জড়িত আছে তাৰ অনুসন্ধানত ইতিমধ্যে ধিং আৰক্ষীয়ে প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande