
গুৱাহাটী, ০৪ ফেব্ৰুৱাৰী (হি.স.)। ইউনিছ তামুলী নামৰ শিৱসাগৰৰ এজন ব্যক্তিৰ দিয়া মন্তব্যৰ প্ৰতিক্রিয়া দি ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক মুখপাত্র কল্যাণ গগৈয়ে কয় যে, প্রকৃততে কোন এই ইউনিছ তামুলী, সাংবাদিকতাৰ ভূৱা পৰিচয় দি বজাৰে বজাৰে গৰু ব্যৱসায়ৰ লগত জড়িত ক্ষুদ্ৰ গাঁৱৰ চহা লোকৰ পৰা বলপূর্বক টকা সংগ্রহ কৰাৰ দৰে ঘটনাৰ লগত জড়িত এই ইউনিছ তামুলী।
২০২১ চনৰ নিৰ্বাচনৰ সময় আৰু পৰৱৰ্তী সময়তো সংবাদ মাধ্যমত বিভিন্ন সময়ত দেখা ফটোৰ জৰিয়তে বুজিব পাৰি যে শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ অতি নিকটৱৰ্তী এই ইউনিছ তামুলী। শিৱসাগৰৰ বিধায়কৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাতেই শিৱসাগৰৰ দৰে ঐতিহ্যমণ্ডিত স্থানত মিঞাৰ সংস্থাপন কৰিব বুলি দিয়া হুংকাৰ প্ৰকৃততে অসমীয়া জাতিৰ অশনি সংকেত। মিঞাৰ লোকৰ আন্তঃসমষ্টি প্ৰবজনৰ জৰিয়তে শিৱসাগৰৰ পৰা পুনৰবাৰ অখিল গগৈক বিজয় কৰি অনাৰ যি ষড়যন্ত্র ইয়াৰ অংশীদাৰ হিচাপে ইউনিছ তামুলীৰ দৰে কিছু লোকে অসমীয়া সত্বাৰ বিৰুদ্ধে কাম কৰি থকা প্রত্যক্ষ হৈছে বুলি এই প্রেছ বিজ্ঞপ্তি জৰিয়তে জানিবলৈ দিয়ে।
তথাকথিত মিঞা লোকৰ চৰ্দাৰ বুলি অভিহিত কৰি গগৈয়ে কয় যে, মিঞা ভোটৰ অবিহনে অখিল গগৈৰ আগন্তুক নিৰ্বাচনৰ ফলাফলৰ পূর্বানুমান পাই অখিল গগৈয়ে এনেধৰণৰ ষড়যন্ত্ৰৰ জৰিয়তে নির্বাচনী বৈতৰণী পাৰ হোৱাৰ যি অলিক কল্পনা কৰিছে, এই কল্পনা কোনো কাৰণতে শিৱসাগৰ বাসীয়ে পুৰা হ'বলৈ নিদিয়ে। যোৱা ৫ টা বছৰত শিৱসাগৰৰ বিধায়ক হিচাপে অখিল গগৈৰ কৰ্মসূচীৰ বৃহৎ শূণ্যতাৰ বিপৰীতে কেৱল মিঞা অধ্যুষিত সমষ্টিত ঢাক-ঢোল বজাই তেওঁ যে ৰাজনৈতিক ভাবে আজিও সক্রিয় সেই কথা প্রতীয়মান নিয়াবলৈ চেষ্টা অব্যাহত থকাৰ সময়তে অসমীয়া খিলঞ্জীয়া ৰাইজে অখিল গগৈ আৰু তেওঁৰ বাহিনীৰ প্ৰকৃত ষড়যন্ত্ৰ আৰু প্ৰকৃত চৰিত্ৰ ভালদৰে বুজি উঠিছে, নহ'লেনো ইউনিছ তামুলীৰ দৰে গৰু বজাৰৰ পৰা বলপূর্বক ধন সংগ্ৰহ কৰা ব্যক্তিৰ সহায়ৰ প্রয়োজন হয় নে? শিৱসাগৰৰ দৰে ঐতিহ্যমণ্ডিত চহৰ আৰু উজনি অসমৰ পৰা মিঞাৰ পৃষ্ঠপোষকতা কৰাৰ দৰে ঘটনাৰ বাবে দুখ প্রকাশ কৰি গগৈয়ে মুখ্যমন্ত্ৰীৰ যোৱাকালিৰ বক্তব্যৰ উদ্ধৃতি দি ইউনিছ তামুলীৰ দৰে লোকৰ প্ৰকৃত স্থান কাৰাগাৰৰ ভিতৰত বুলি উল্লেখ কৰে। বৰ্তমান সময়ত কংগ্ৰেছ ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ একেলগ হৈ অসমীয়া খিলঞ্জীয়া লোকৰ সত্বাৰ বিপৰীত স্থিতিত অৱস্থান কৰা মিঞা সভ্যতা আৰু মিঞা লোকৰ তোষামোদৰ ৰাজনীতি কৰিবলৈ গৈ ইউনিছ তামুলীৰ দৰে ব্যক্তিৰ জৰিয়তে মিঞা লোকৰ সংস্থাপনৰ দৰে অনাকাংশিত ঘটনাৰ বাবে আগন্তুক সময়ত যি অসমীয়া সমাজ আৰু অসমীয়া সত্বা ধ্বংশৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ বাবে অখিল গগৈ, গৌৰৱ গগৈ আৰু লুৰীণজ্যোতি গগৈক অসমৰ আধুনিক বদন আখ্যা দিয়ে ৰাজ্যিক বিজেপিয়ে।
এনেধৰণৰ ষড়যন্ত্ৰৰ পৰা ভৱিষ্যত অসমক বচোৱাৰ দায়িত্ব প্রতিজন অসমীয়াক লোৱাৰ আহ্বান কৰি এওঁলোকৰ কৰ্মৰাজিৰ প্রতি সদা সজাগ হৈ থাকিবলৈ কাতৰ আহ্বান জনায় আৰু এনে ষড়যন্ত্রক কোনো কাৰণতে সফল হ'বলৈ নিদিও বুলি প্রকাশ কৰে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী