নাগৰিকসকলক ভোটদান প্ৰক্ৰিয়াৰ প্ৰত্যক্ষ অভিজ্ঞতা প্ৰদানৰ অৰ্থে বিধানসভা সমষ্টি ভিত্তিক ইভিএম সজাগতা কাৰ্যসূচী
শোণিতপুৰ, ০৪ ফেব্ৰুৱাৰী (হি.স.)। অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন, ২০২৬ৰ পূৰ্বে, নাগৰিকসকলক ভোটদান প্ৰক্ৰিয়াৰ প্ৰত্যক্ষ অভিজ্ঞতা আৰু ইভিএমসমূহৰ সৈতে পৰিচিতি কৰাৰ উদ্দেশ্যে ০৫.০২.২০২৬ তাৰিখৰ পৰা ইভিএম প্ৰদৰ্শন কেন্দ্ৰ (EVM Demonstration Centre – EDC)
নাগৰিকসকলক ভোটদান প্ৰক্ৰিয়াৰ প্ৰত্যক্ষ অভিজ্ঞতা প্ৰদানৰ অৰ্থে বিধানসভা সমষ্টি ভিত্তিক ইভিএম সজাগতা কাৰ্যসূচী


শোণিতপুৰ, ০৪ ফেব্ৰুৱাৰী (হি.স.)। অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন, ২০২৬ৰ পূৰ্বে, নাগৰিকসকলক ভোটদান প্ৰক্ৰিয়াৰ প্ৰত্যক্ষ অভিজ্ঞতা আৰু ইভিএমসমূহৰ সৈতে পৰিচিতি কৰাৰ উদ্দেশ্যে ০৫.০২.২০২৬ তাৰিখৰ পৰা ইভিএম প্ৰদৰ্শন কেন্দ্ৰ (EVM Demonstration Centre – EDC) আৰু ভ্ৰাম্যমাণ প্ৰদৰ্শন বাহন (Mobile Demonstration Van – MDV)ৰ জৰিয়তে বিধানসভা সমষ্টি ভিত্তিক ইভিএম সজাগতা কাৰ্যসূচীৰ ব্যৱস্থা গ্ৰহণ হৈছে। ৰাজ্যিক বিধানসভালৈ প্ৰতিটো সাধাৰণ নিৰ্বাচনৰ পূৰ্বে আয়োজন কৰা এই সজাগতা কাৰ্যসূচীয়ে ইভিএম আৰু ভিভিপিএটিৰ মৌলিক বৈশিষ্ট্যসমূহৰ বিষয়ে ভোটাৰসকলক অৱগত কৰা, ভোটদানৰ প্ৰতিটো পদক্ষেপৰ সম্পূৰ্ণ প্ৰক্ৰিয়া বুজাই দিয়া, আৰু ভিভিপিএটি শ্লিপৰ জৰিয়তে নিজৰ ভোট কেনেকৈ পৰীক্ষা কৰিব পাৰি সেই বিষয়ে শিক্ষিত কৰাত গুৰুত্ব আৰোপ কৰে।

এই ইভিএম আৰু ভিভিপিএটি'ৰ প্ৰত্যক্ষ প্ৰদৰ্শনৰ জৰিয়তে সজাগতা বৃদ্ধি কৰাৰ ফলত ইভিএম আৰু ভিভিপিএটি'ৰ কাৰ্য্যপ্ৰণালীৰ বিষয়ে ভোটাৰ সকল অৱগত হৈ উঠে, ভুল ধাৰণা দূৰ হয়, ভোটাৰৰ আত্মবিশ্বাস বৃদ্ধি পায় আৰু অধিক জ্ঞাত তথা ভোটদানৰ বাবে অংশগ্ৰহণত ভোটাৰ সকল নিশ্চিত হয়। এই কাৰ্যসূচীৰ অধীনত শোণিতপুৰ জিলাৰ অন্তৰ্গত পাঁচখন বিধানসভা সমষ্টি ক্ৰমে ঢেকিয়াজুলি বিধানসভা সমষ্টি, বৰছলা বিধানসভা সমষ্টি, তেজপুৰ বিধানসভা সমষ্টি, ৰঙাপৰা বিধানসভা সমষ্টি আৰু নদুৱাৰ বিধানসভা সমষ্টিত প্ৰচাৰ আৰু সজাগতামূলক কাৰ্যকলাপ অনুষ্ঠিত কৰা হ’ব।

জনসাধাৰণৰ মাজত ইভিএম আৰু ভিভিপিএটিৰ কাৰ্য্যক্ষমতা প্ৰদৰ্শন কৰিবলৈ মুঠ পাঁচটা ইভিএম প্ৰদৰ্শন কেন্দ্ৰ স্থাপন কৰা হৈছে—ঢেকিয়াজুলি, বৰছলা, ৰঙাপৰা আৰু নদুৱাৰৰ সম-জিলা কাৰ্যালয়সমূহত চাৰিটা আৰু শোণিতপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত এটা । তদুপৰি, প্ৰতিটো বিধানসভা সমষ্টিৰ বাবে এখনকৈ ভ্ৰাম্যমাণ প্ৰদৰ্শন বাহন (ম’বাইল ডেম’ষ্ট্ৰেচন ভ্যান)ৰ ব্যৱস্থা কৰা হৈছে। ৰাইজৰ জ্ঞাতাৰ্থে তথা এই সজাগতা কাৰ্যসূচীৰ প্ৰসাৰৰ উদ্দেশ্যে জিলা নিৰ্বাচনী বিষয়া (DEO)য়ে সামাজিক মাধ্যমৰ জৰিয়তে (ছ’চিয়েল মিডিয়া) নিয়মিতভাৱে আপডেটসমূহ উপলব্ধ কৰিব।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande