
নতুন দিল্লী,০৪ ফেব্ৰুৱাৰী (হি.স.)। অহা ২৪ ফেব্ৰুৱাৰীত ভাৰত মণ্ডপমত অনুষ্ঠিত হ’ব নিৰ্বাচন আয়োগে ৰাজ্যিক নিৰ্বাচন আয়ুক্ত (এছইচি)ৰ ৰাষ্ট্ৰীয় সন্মিলন।
ৰাষ্ট্ৰীয় এছ ই চি সন্মিলনখন ২৫ বছৰতকৈ অধিক সময়ৰ ব্যৱধানৰ অন্তত অনুষ্ঠিত কৰাৰ যো-জা চলোৱা হৈছে আৰু ইয়াত ৩৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰাজ্যিক নিৰ্বাচন আয়ুক্ত আৰু মুখ্য নিৰ্বাচনী বিষয়া (চি ই অ’) উপস্থিত থাকিব। শেষবাৰৰ বাবে এনে সন্মিলন অনুষ্ঠিত হৈছিল ১৯৯৯ চনত।
নিৰ্বাচন আয়োগে এক বিবৃতি জাৰি কৰি কয় যে নিৰ্বাচন আয়ুক্ত ড০ সুখবীৰ সিং সন্ধু আৰু ড০ বিবেক যোশীৰ সৈতে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে সন্মিলনৰ অধ্যক্ষতা কৰিব আৰু উদ্বোধনী অনুষ্ঠানত ৰাজ্যিক নিৰ্বাচন আয়ুক্তসকলক ভাষণ দিব। ৰাজ্যিক নিৰ্বাচন আয়ুক্তসকলে তেওঁলোকৰ আইনী বিশেষজ্ঞ আৰু কাৰিকৰী বিশেষজ্ঞসকলৰ সৈতে অংশগ্ৰহণ কৰি তেওঁলোকৰ মতামত দাঙি ধৰিব।
এই সন্মিলনৰ প্ৰধান উদ্দেশ্য হৈছে নিৰ্বাচন আয়োগ আৰু ৰাজ্যিক নিৰ্বাচন আয়োগ (এছইচি)ৰ নিজ নিজ আইনী কাঠামোৰ ভিতৰত নিৰ্বাচনী প্ৰক্ৰিয়া আৰু ব্যৱস্থাৰ ক্ষেত্ৰত সহযোগিতা স্থাপন কৰা। অংশগ্ৰহণকাৰীসকলে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ভোটাৰৰ যোগ্যতাৰ সৈতে জড়িত নিৰ্বাচনী আইন, নিৰ্বাচন আয়োগে প্ৰৱৰ্তন কৰা প্ৰযুক্তিগত হস্তক্ষেপ, যেনে শেহতীয়াকৈ মুকলি কৰা ইচিনেট ডিজিটেল প্লেটফৰ্ম আৰু ইভিএমৰ ওপৰত চৰ্চা অধিবেশনত অংশগ্ৰহণ কৰিব।
নিৰ্বাচন আয়োগে ভাৰতৰ সংবিধান আৰু দেশৰ আইনী কাঠামো অনুসৰি নিৰ্বাচনী তালিকা প্ৰস্তুত আৰু নিৰ্বাচন অনুষ্ঠিত কৰাৰ অভিজ্ঞতাৰ পৰাও বিশেষজ্ঞতা প্ৰদান কৰিব।
৭৩ আৰু ৭৪ নং সাংবিধানিক সংশোধনীৰ দ্বাৰা প্ৰদান কৰা ক্ষমতাৰ অধীনত নিজ নিজ ৰাজ্যৰ আইন অনুসৰি ৰাজ্যিক নিৰ্বাচন আয়োগ গঠন কৰা হয়। পঞ্চায়ত আৰু পৌৰসভাৰ সংস্থাসমূহৰ ওপৰত নিৰ্বাচনী তালিকা প্ৰস্তুত কৰা আৰু সকলো নিৰ্বাচন অনুষ্ঠিত কৰাৰ তত্বাৱধান, নিৰ্দেশনা আৰু নিয়ন্ত্ৰণ এছ ই চিৰ দায়িত্ব অৰ্পণ কৰা হয়।
हिन्दुस्थान समाचार / অৰৱিন্দ