তিনিচুকীয়া চহৰত দিন দুপৰতে ডকাইতিৰ ঘটনা
ব্যৱসায়িক প্ৰতিষ্ঠানৰ দিন ডকাইতে লৈ যায়- লক্ষাধিক টকা।
তিনিচুকীয়া চহৰত দিন দুপৰতে ডকাইতিৰ ঘটনা


তিনিচুকীয়া, ০৪ ফেব্ৰুৱাৰী (হি.স.): তিনিচুকীয়া চহৰৰ ব্যস্ত অঞ্চলত যোৱা কালি মঙলবাৰে সংঘটিত হয় এক ডকাইতিৰ ঘটনা। চহৰৰ সদা ব্যস্ত চাইডিং বজাৰৰ ৰাণী সতি পথস্থিত আগৰৱালা প্ৰভিচন ষ্ট'ৰৰ পৰা ডকাইতে প্ৰায় তিনি লাখ টকা কাঢ়ি নিয়ে।

জানিব পৰা মতে ব্যৱসায়িক প্ৰতিষ্ঠানটিৰ কৰ্মচাৰীয়ে ধনৰাশি লৈ ওচৰতে থকা তেওঁলোকৰ আন এখন ব্যৱসায়িক প্ৰতিষ্ঠানলৈ যাবলৈ লোৱাৰ সময়তে ঘটনাটো সংঘটিত হয়। তিনিচুকীয়া সদৰ থানাৰ পৰা এক কিলোমিটাৰ দূৰত্বত অৱস্থিত ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা দিনৰ পোহৰত এনেদৰে টকা লৈ যোৱা ঘটনাই আৰক্ষীৰ নিৰাপত্তাৰ ফোপোলা স্বৰূপকে উদঙাইছে বুলি জনসাধাৰণে মন্তব্য কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande