তেজপুৰৰ দৰং মহাবিদ্যালয়ৰ বাৰ্ষিক মহাবিদ্যালয় সপ্তাহ
–২৬ টা বিভাগৰ শিক্ষাৰ্থীৰ দৃষ্টিনন্দন শোভাযাত্ৰাত অসমৰ সমৃদ্ধ সংস্কৃতি আৰু ইতিহাসৰ প্ৰতিফলন –বিশেষ বিশেষ বাৰ্তাৰে শিক্ষাৰ্থীৰ শৈল্পিক নিপুণতাৰ পৰিচয় –এই শোভাযাত্ৰাই একতা আৰু সাংস্কৃতিক সমন্বয়ৰ বাৰ্তা দিবলৈ সক্ষম হৈছে --জিলা আয়ুক্ত আনন্দ কুমা
তেজপুৰৰ দৰংমহাবিদ্যালয়ৰ বাৰ্ষিক মহাবিদ্যালয় সপ্তাহ


–২৬ টা বিভাগৰ শিক্ষাৰ্থীৰ দৃষ্টিনন্দন শোভাযাত্ৰাত অসমৰ সমৃদ্ধ সংস্কৃতি আৰু ইতিহাসৰ প্ৰতিফলন

–বিশেষ বিশেষ বাৰ্তাৰে শিক্ষাৰ্থীৰ শৈল্পিক নিপুণতাৰ পৰিচয়

–এই শোভাযাত্ৰাই একতা আৰু সাংস্কৃতিক সমন্বয়ৰ বাৰ্তা দিবলৈ সক্ষম হৈছে --জিলা আয়ুক্ত আনন্দ কুমাৰ দাস

–সাংস্কৃতিক শোভাযাত্ৰাত শিক্ষাৰ্থী সকলৰ অসমীয়া সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধা আৰু শৈল্পিক নিপুণতা প্ৰতিপন্ন হৈছে --বংকিম শৰ্মা

শোণিতপুৰ, ০৪ ফেব্ৰুৱাৰী (হি.স.)। ৰাজ্যখনৰ অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়ৰ ৮১ সংখ্যক মহাবিদ্যালয় সপ্তাহ উপলক্ষে আজি মহাবিদ্যালয়খনৰ পৰা তেজপুৰ চহৰত উলিওৱা শিক্ষাৰ্থী সকলৰ দৃষ্টিনন্দন সাংস্কৃতিক শোভাযাত্ৰাত অসমক সমৃদ্ধ কৰা চহকী কৃষ্টি -সংস্কৃতিৰ প্ৰতিফলন ঘটে । উল্লেখ্য যে ৩ ফেব্ৰুৱাৰীৰ পৰা ৭ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হোৱা ছাত্ৰ একতা সভাৰ মহাবিদ্যালয় সপ্তাহৰ আজিৰ দিনটোত অনান্য কাৰ্যসূচীৰ লগতে মূল কাৰ্যসূচী শিক্ষানুষ্ঠানখনৰ প্ৰত্যেকটো বিভাগে পৃথকে -পৃথকে সুন্দৰ আৰু বাৰ্তাবাহক বিষয়বস্তুৰে উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাই তেজপুৰৰ সচেতন মহলৰ দৃষ্টি আকৰ্ষণ কৰা পৰিলক্ষিত হয় ।

বিগত বছৰ স্বায়ত্ব শাসিত মহাবিদ্যালয়ৰ মৰ্য্যদা পোৱা মহাবিদ্যালয়খনৰ মহাবিদ্যালয় সপ্তাহৰ লগত সংগতি ৰাখি আজি অনুষ্ঠিত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা বাণ থিয়েটাৰৰ সভাপতি বঙ্কিম শৰ্মা, মহাবিদ্যালয়খনৰ অধ্যক্ষ ড: পলাশমনি শইকীয়া, শৈক্ষিক উপাধ্যক্ষ প্ৰণৱজ্যোতি দাস ,একাংশ অধ্যাপক -অধ্যাপিকা আৰু ছাত্ৰ একতা সভাৰ সাংস্কৃতিক সম্পাদক প্ৰান্তিক কৃষ্ণণ দাসৰ লগতে আন বিষয়ববীয়া সকলৰ উপস্থিতিত আনুষ্ঠানিকভাৱে মুকলি কৰে শোণিতপুৰৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে। শোভাযাত্ৰা মুকলি কৰি জিলা আয়ুক্ত গৰাকীয়ে দৰং মহাবিদ্যালয়ৰ সাংস্কৃতিক শোভাযাত্ৰাই একতা আৰু সাংস্কৃতিক সমন্বয়ৰ বাৰ্তা প্ৰেৰণ কৰিব বুলি ব্যক্ত কৰে।

বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মাই শিক্ষাৰ্থী সকলে নিৰ্দিষ্ট বিষয় -বস্তুৰে উলিওৱা এই শোভাযাত্ৰাত শিক্ষাৰ্থী সকলৰ নিজা কৃষ্টিৰ প্ৰতি থকা শ্ৰদ্ধাৰ লগতে শৈল্পিক মনৰ উমান পাবলৈ সক্ষম হোৱাৰ কথা উল্লেখ কৰে ।মহাবিদ্যালয়খনৰ কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ ২৬টা বিভাগৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা বৰ্নাঢ্য সাংস্কৃতিক শোভাযাত্ৰাত অসমৰ সাংস্কৃতিক ঐতিহ্যৰ পৰা আৰম্ভ কৰি বিভিন্ন উৎসৱ, বিবাহ ব্যৱস্থা, বিভিন্ন জনগোষ্ঠীৰ চহকী সংস্কৃতিক পৰম্পৰা,অসমৰ সত্ৰ সংস্কৃতি, গ্ৰাম্য জীৱনৰ পৰা আৰম্ভ কৰি স্বাধীনতা সংগ্ৰামত ছহীদ কনকলতা বৰুৱাৰ পৰা আৰম্ভ কৰি অসমৰ অৱদান সুন্দৰ ৰূপে উপস্থাপন কৰিবলৈ ছাত্ৰ ছাত্ৰী সকল সক্ষম হয় ।

শোভাযাত্ৰাটোত অসমীয়া বিভাগে পদ্মনাথ গোহাঞি বৰুৱাৰ ঐতিহাসিক নাটকত এভুমুকি শীৰ্ষক বিষয়, ইংৰাজী বিভাগে bollywood adoption of timeless literary masterpieces শীর্ষক বিষয় ,হিন্দী বিভাগে অসমীয়া বিবাহ প্ৰথা , বাংলা বিভাগে বিভিন্ন জাতি আৰু ভাষাৰ মাজত ঐক্য , সংস্কৃত বিভাগে সামবেদত সাংস্কৃতিক স্বৰূপ ,ৰাজনীতি বিজ্ঞান বিভাগে আন্দোলন আৰু ইতিহাস ,অৰ্থনীতি বিজ্ঞান বিভাগে অগ্নিসূত্ৰে গাথা নাৰী , শিক্ষা বিভাগে ভাৰতীয় সংস্কৃতিত নাৰী শক্তি , বুৰঞ্জী বিভাগে যুগে যুগে অসম , দৰ্শন বিভাগে প্ৰকৃতি আৰু মানুহৰ জীৱন দৰ্শন , মনোবিজ্ঞান বিভাগে আহোম সাম্ৰাজ্য , সমাজ বিজ্ঞান বিভাগে অম্বিকাগিৰি ৰায়চৌধুৰী , কমিউনিটি চেন্টাৰে ৰুক্মিণী হৰণ , বায় টেকনলজি বিভাগে হৰি হৰৰ যুদ্ধ , পদাৰ্থ বিজ্ঞান বিভাগে দশাৱতাৰ , ৰসায়ন বিজ্ঞান বিভাগে ৰসৰাজৰ অমৰ সৃষ্টি , প্ৰাণী বিজ্ঞান বিভাগে নৱ -ভক্তি , উদ্ভিদ বিজ্ঞান বিভাগে মাজুলী আপোন হৈও অৱহেলিত , ভূগোল বিজ্ঞান বিভাগে য'ত ভূগোলে যাদুৰ কথা কয় , পৰিসংখ্যা বিভাগে প্ৰাক শংকৰী যুগৰ পৰা বিৱৰ্তন , গণিত বিভাগে মায়াঙৰ ক'লা যাদু , বাণিজ্য বিভাগে বৈচিত্ৰৰ দুৱৰিত সংস্কৃতিৰ শেৱালি , পৰ্যটন বিভাগে জুবিনদাৰ সুৰে সুৰে জীৱন ছাত্ৰ -ছাত্ৰী নিবাসে আকৌ যদি যাব লাগে শৰাইঘাটলৈ আৰু উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ শিক্ষাৰ্থী সকলে অসমীয়া সংস্কৃতিত অলৌকিক শক্তিৰ লোকবিশ্বাস শীৰ্ষক গুৰুত্বপূৰ্ণ তথা বিশেষ বাৰ্তা থকা বিষয়েৰে তেজপুৰৰ সকলো শ্ৰেণীৰ জনসাধাৰণক আকৰ্ষণ কৰিবলৈ সক্ষম হয় ।

দৰং মহাবিদ্যালয়ৰ পৰা আৰম্ভ হোৱা সাংস্কৃতিক শোভাযাত্ৰাতি তেজপুৰ চহৰৰ মাজেদি পৰিক্ৰমণ কৰি পুনৰ মহাবিদ্যালয় চৌহদত মিলিত হয়।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande