নৱনিৰ্মিত শিৱসাগৰ নাট্য মন্দিৰৰ শুভ উদ্বোধন মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ
শিৱসাগৰৰ নাট্য যাত্ৰা অসমৰ সাংস্কৃতিক ইতিহাসৰ এক গৌৰৱময় অধ্যায়: মুখ্যমন্ত্রী গুৱাহাটী, ০৪ ফেব্ৰুৱাৰী (হি.স.)। অসমৰ বৌদ্ধিক আৰুসাংস্কৃতিক চিন্তা-চৰ্চাৰ অন্যতম পীঠস্থান ঐতিহাসিক শিৱসাগৰ নাট্য মন্দিৰৰ নৱনির্মিত আৰু আধুনিক ৰূপটো আজি আনুষ্ঠানিকভাৱে ৰাই
নৱনিৰ্মিত শিৱসাগৰ নাট্য মন্দিৰৰ শুভ উদ্বোধন মুখ্যমন্ত্রী ড°হিমন্ত বিশ্ব শৰ্মাৰ


শিৱসাগৰৰ নাট্য যাত্ৰা অসমৰ সাংস্কৃতিক ইতিহাসৰ এক গৌৰৱময় অধ্যায়: মুখ্যমন্ত্রী

গুৱাহাটী, ০৪ ফেব্ৰুৱাৰী (হি.স.)। অসমৰ বৌদ্ধিক আৰুসাংস্কৃতিক চিন্তা-চৰ্চাৰ অন্যতম পীঠস্থান ঐতিহাসিক শিৱসাগৰ নাট্য মন্দিৰৰ নৱনির্মিত আৰু আধুনিক ৰূপটো আজি আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে মুকলি কৰা হয়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত ২.২৪ কোটিৰো অধিক পুঁজি ব্যয়ৰে অত্যাধুনিক আৰু বিজ্ঞান সন্মতভাৱে পুনৰ নিৰ্মাণ কৰা এই ঐতিহ্যমণ্ডিত নাট্য মন্দিৰটোৰ শুভ উদ্বোধন কৰে।

১২৫ বছৰীয়া ঐতিহ্যমণ্ডিত এই অনুষ্ঠানটো মুকলি কৰি মুখ্যমন্ত্রী ড° শমাই ১৮৯৯ চনতে স্থাপিত এই মহান অনুষ্ঠানটোৰ ভেটি গঢ়া শিৱসাগৰ নাট্য মন্দিৰৰ প্ৰথমগৰাকী সভাপতি ফণীধৰ চলিহা আৰু সম্পাদক বেণুধৰ ৰাজখোৱা তথা এই নাট্য মন্দিৰক নতুন ৰূপেৰে উদ্ভাষিত কৰা সেউজ কোঁৱৰ পৰাগধৰ চলিহাৰ প্ৰতি গভীৰ শ্রদ্ধাঞ্জলি নিবেদন কৰে।

মুখ্যমন্ত্রীয়ে তেওঁৰ ভাষণত আহোম স্বৰ্গদেউসকলৰ দিনৰে পৰা বৰ্তমানলৈকে চলি অহা অবিৰত নাট্যযাত্ৰাৰ এক চমু আভাষ দাঙি ধৰে। তেওঁ উল্লেখ কৰে যে ১৮৯৯ চনত জন্ম লাভকৰা এই নাট্য সমাজ তথা নাট্য মন্দিৰটো সেই সময়ত শিৱসাগৰৰ সাংস্কৃতিক ক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তিসকলৰ মিলনভূমি আছিল, য'ত অসমীয়া ভাষাৰ মৌলিক প্রসাৰ আৰু জাতীয় চিন্তা-চেতনাৰ লগতে থলুৱা ঠাঁচৰ নাটকমঞ্চস্থ কৰাত অগ্রাধিকাৰ দিয়া হৈছিল। ১৯৫৭ চনত ইয়াত ঘূৰণ ৰংগমঞ্চৰ প্রতিষ্ঠা কৰা হয় আৰু পৰৱৰ্তী সময়ত পৰাগধৰ চলিহাৰ নেতৃত্বত ১৯৯৬ চনত ইয়াক ন-ৰূপ দিয়া হয়। তেওঁ কয় যে এইনাট্য মন্দিৰতে ১৯৪৫ চনত 'সেউজীয়া সমাজ সংগীত বিদ্যালয়'ৰ জন্ম হৈছিল, যি পিছলৈ মহাবিদ্যালয়লৈ উন্নীত হয়।

ভাষণ প্রসংগত মুখ্যমন্ত্রীয়ে অসমৰ নাট্য বুৰঞ্জীত ঐতিহাসিক ৰংপুৰৰ গুৰুত্ব ব্যাখ্যা কৰি কয় যে আহোম স্বর্গদেউ সকলৰ দিনৰে পৰা এই অঞ্চলটো সাংস্কৃতিক চর্চাৰ প্রাণকেন্দ্র আছিল। বিশেষকৈ ৰাজধানী গড়গাঁৱৰ পৰা ৰংপুৰলৈ স্থানান্তৰ হোৱাৰ পিছত নাট্য আৰু ভাওনা চর্চাই এক সুকীয়া গতি লাভ কৰিছিল। স্বৰ্গদেউ কদ্রসিংহৰ ৰাজচ'ৰাত সত্রীয়া বাজনা, নটুৱা আৰু বহুৱা নাচে বিশেষ সমাদৰ পাইছিল আৰু বাজেশ্বৰ সিংহৰ দিনত ৭০০ ভাৱৰীয়াৰ জৰিয়তে 'ৰাৱণ বধ'ভাওনা পতাৰ ঐতিহাসিক উদাহৰণ আছে। স্বর্গদেউ ৰাজেশ্বৰ সিংহই 'কীচক বধ'নাটক লিখি 'কবিচূড়ামণি' উপাধি লাভ কৰিছিল বুলি উল্লেখ কৰি তেওঁ কয় যে ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ পাছত অহা স্থবিৰতাৰ অন্ত পেলাই ১৮৮৩ চনত শিৱসাগৰ চৰকাৰী উচ্চমাধ্যমিক বিদ্যালয়ত 'জুলিয়াচ চিজাৰ'আৰু ১৮৯০ চনত 'ভ্রমৰঙ্গ'ৰমঞ্চস্থকৰণেৰে আধুনিক নাট্যৰীতিৰ পুনৰ আৰগুণি ঘটিছিল।

মুখ্যমন্ত্রীয়ে কয় যে বিংশ শতিকাৰ আৰম্ভণিতে পার্বতিপ্রসাদ বৰুৱাই অসমীয়া নাটকত শুদ্ধ অসমীয়া পৰম্পৰা প্ৰৱৰ্তনত ভূমিকা লৈছিল আৰু ১৯২৮ চনত 'শোণিত কুঁৱৰী' তথা ১৯৪১ চনত 'চক্রধ্বজ সিংহ'ৰ মঞ্চস্থকৰণে শিৱসাগৰৰ অভিনয় শৈলীলৈ এক সুকীয়া জাতীয় মাত্রা আনি দিছিল। কাৰিকৰী দিশতো শিৱসাগৰ সদায় আগবঢ়া আছিল বুলিমন্তব্য কৰিতেওঁ কয় যে ভগৱতীপ্ৰসাদ বৰুৱাৰ স্মৃতিতনির্মিত ঘূৰণ ৰঙ্গমঞ্চ ইয়াৰ এক বিৰল নিদর্শন। তেওঁ কয় যে স্বাধীনতাৰ পৰৱৰ্তী কালত পৰাগধৰ চলিহাৰ নেতৃত্বত 'সেউজীয়া সমাজ' আৰু শিৱপ্রসাদ ভট্টাচাৰ্যৰ 'ৰংপুৰজ্যোতি সংঘ'ই আধুনিক নাট্যকলাক নতুন মাত্রা দিছিল, যাক পিছলৈ 'নাট্যপীঠ', 'নাটকথা', 'সংকল্প'আদি অনুষ্ঠানে আগুৱাই লৈ গৈছে।

মুখ্যমন্ত্রীয়ে শিবসাগৰ জিলাৰ নাট্যকাৰসকলৰ অৱদানৰ কথা শ্ৰদ্ধাৰে স্মৰণ কৰি কয় যে গীতিকবি পাৰ্বতি প্রসাদ বৰুৱা, পৰাগধৰ চলিহা আৰু অধ্যাপক যোগেন চেতিয়াৰ দৰে ব্যক্তিসকলে নাট্য জগতক আধুনিকতাৰে চহকী কৰিছে। সেইদৰে প্রফুল্ল কুমাৰ বৰুৱা, ড° অনিল শইকীয়া, দেরব্ৰত বৰঠাকুৰ, বীণা বৰুৱা, হিৰন্ময়ী দত্তৰ দৰে নাট্যকাৰৰ লগতে ডাঃ প্রদীপ বৰদলৈ, অভিনেতা বিষ্ণু খাৰঘৰীয়া আৰু প্রশান্ত শৰ্মাৰ দৰে ব্যক্তিসকলে এই ধাৰাটো জীৱন্ত কৰি ৰাখিছে। বিশেষকৈ ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ নাট্যদলটিয়ে কলকাতাৰ ৰাষ্ট্ৰীয় বিজ্ঞান নাট সমাৰোহত উত্তৰ পূৰ্বাঞ্চলক প্রতিনিধিত্ব কৰাটো অসমৰ বাবে এক বিৰল প্রাপ্তি বুলি তেওঁ অভিহিত কৰে। পেছাদাৰী নাটকৰ ক্ষেত্ৰতো নাজিৰাৰ 'অল আসাম ষ্টাৰথিয়েটাৰ', নিতাইপুখুৰীৰ 'জ্যোতিৰূপা থিয়েটাৰ', 'ভাগ্যশ্রী থিয়েটাৰ', 'শংকৰদেৱ থিয়েটাৰ' আৰু চাহ জনগোষ্ঠীয় ভাষাৰ 'স্বৰাজ বিনন্দিনী থিয়েটাৰ'ৰ অবদানৰ কথা তেওঁ বিস্তৃতভাবে উল্লেখ কৰে।

মুখ্যমন্ত্রী ড° শর্মাই কয় যে ৰাজ্যৰ সমৃদ্ধ নাট্য আন্দোলনক নতুন গতি প্রদান কৰিবলৈ ৰাজ্য চৰকাৰে আধুনিকআন্তঃগাঁথনিৰ ওপৰত বিশেষ গুৰুত্ব দিছে। এই প্রসংগত তেওঁ গুৱাহাটীত শেহতীয়াকৈ মুকলি কৰা বিশ্বমানৰ জ্যোতি-বিষ্ণু আন্তর্জাতিক প্রেক্ষাগৃহ, শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র চৌহদত শ্রীশ্ৰী দামোদৰদেব আন্তর্জাতিক প্রেক্ষাগৃহ, বিহপৰীয়াৰ নাৰায়ণপুৰত শ্রীশ্রীমাধৱদেৱ কলাক্ষেত্ৰৰ চৌহদত নির্মিত আটকধুনীয়া প্রেক্ষাগৃহ 'শ্রীশ্রীবদলা পদ্ম আতাকলাতীর্থ', লখিমপুৰত নৱনিৰ্মিত ১০০০ আসনযুক্ত অত্যাধুনিক প্রেক্ষাগৃহ আদিৰ কথা উল্লেখ কৰে।

তেওঁ কয় যে এনে নৱ-সংযোজনে আমাৰ শিল্পীসকলক এক উন্নত কাৰিকৰী মঞ্চ প্রদান কৰাই নহয়, বৰঞ্চ ৰাজ্যৰ নাট্য পৰম্পৰাক গোলকীয় মঞ্চত প্রতিষ্ঠা কৰাত সহায় কৰিছে। একেদৰে চৰকাৰে জিলাভিত্তিত নিৰ্মাণ কৰি থকা টাউন হল, সাংস্কৃতিক কেন্দ্র আৰু প্রেক্ষাগৃহসমূহে তৃণমূল পৰ্যায়ৰ নাট্য প্রতিভাক বিকশিত হ'বলৈ এক নতুন সুযোগ প্রদান কৰিছে বুলি তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্রীয়ে কয় যে কেৱল আন্তঃগাঁথনি নির্মাণতে আবদ্ধ নাথাকি ৰাজ্য চৰকাৰে শিল্পীসকলৰ সামাজিক সুৰক্ষাৰ বাবেও অগ্রাধিকাৰ দিছে। নাট্যশিল্পী সকলক এককালীন আর্থিক সাহায্য প্রদান কৰা, শিল্পী পেঞ্চনৰ পৰিসৰ বৃদ্ধি কৰা আৰু বিভিন্ন নাট্য মহোৎসৱবা কৰ্মশালাৰ বাবে চৰকাৰী অনুদান আগবঢ়োৱা কার্যই নাট্য সমাজখনক যথেষ্ট উৎসাহিত কৰিছে। শিল্পীসকলৰ বাবে চৰকাৰে এখন স্বাস্থ্য বীমা আঁচনি মুকলি কৰাৰ কথাও তেওঁ উল্লেখ কৰে।

শিৱসাগৰ নাট্য মন্দিৰ বন্ধ হৈ থকাৰ ফলত জিলাখনত যি বিৰূপ প্রভাৱ পৰিছিল, এই নৱনির্মিত ৰূপে তাক দূৰ কৰিব আৰু অসমৰ নাট্য জগতত এক সোণালী যুগৰ সূচনা কৰিব বুলি তেওঁ আশা প্রকাশ কৰে। শিৱসাগৰৰ নাট্য যাত্ৰা অসমৰ সাংস্কৃতিক ইতিহাসৰ এক গৌৰৱময় অধ্যায় বুলি মন্তব্য কৰি তেওঁ কয় যে কেৱল এচাম নিষ্ঠাৱান নাট্যকৰ্মীৰ ত্যাগৰ বাবেই নহয়, বৰঞ্চ নতুন প্রজন্মৰ বৌদ্ধিক আৰু কলাত্মক উত্তৰণৰ বাবেও ৰংপুৰৰ এই মঞ্চসমূহ সদায় জীয়াই থকাটো প্রয়োজন। মঞ্চই কেৱল মনোৰঞ্জন নিদিয়ে, ই সমাজক আলোকৰ সন্ধান আৰু নতুন চিন্তাৰ খোৰাক দিয়ে বুলি মন্তব্য কৰি তেওঁ কয় যে বংপুৰৰ মঞ্চৰ পোহৰ কেতিয়াও নুনুমায়। অসম চৰকাৰে অনাগত দিনতো শিৱসাগৰ নাট্য সমাজৰ উত্তৰণত সকলোধৰণৰ সহযোগিতা আগবঢ়াইযাব বুলি তেওঁ আশ্বাস প্রদান কৰে।

আজিৰ অনুষ্ঠানত ৰাজ্য চৰকাৰৰ শিক্ষা আদি বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু, খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি আদি বিভাগৰ মন্ত্রী যোগেন মহন,বিধায়ক সুশান্ত বৰগোঁহাই, শিৱসাগৰ নাট্য সমাজৰ সভানেত্রী দীপালী চলিহা, শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উপ-সভাপতি প্রাঞ্জল শইকীয়াকে ধৰি আন বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande