
বৰ্তমান বক্স অফিচত তীব্ৰ প্ৰতিদ্বন্দ্বিতাত সন্মুখীন হৈছে ছানী দেউলৰ বৰ্ডাৰ ২ আৰু ৰাণী মুখাৰ্জীৰ মৰ্দানী ৩। শক্তিশালী উইকেণ্ডৰ পিছত সপ্তাহৰ দিনকেইটাত বৰ্ডাৰ ২ৰ গতি কিছু লেহেমীয়া হৈছে যদিও ছবিখন শক্তিশালী হৈয়ে আছে। আনহাতে মৰ্দানী ৩ য়েও নিজৰ দখল বজাই ৰাখিবলৈ চেষ্টা কৰিছে আৰু লাহে লাহে আগবাঢ়িছে।
খবৰ অনুসৰি, বৰ্ডাৰ ২ মুক্তিৰ ১২ তাৰিখে অৰ্থাৎ দ্বিতীয় মঙলবাৰে ৬.৬৯ কোটি টকা উপাৰ্জন কৰে। আমোদজনকভাৱে ছবিখনৰ উপাৰ্জন ১১ সংখ্যক দিনতো একেই আছিল, যিয়ে ছুটিৰ দিনটোত এক স্থিৰ প্ৰদৰ্শনৰ ইংগিত দিয়ে। ইয়াৰ লগে লগে ছানী দেউল আৰু বৰুণ ধাৱনে অভিনীত এই যুদ্ধ নাটকখনৰ ঘৰুৱা বক্স অফিচ সংগ্ৰহ ₹৩১৫.১০ কোটি টকা হৈছেগৈ। এই ছবিখনে ১২ দিনত বিশ্বজুৰি প্ৰায় ৩৯২.৫ কোটি টকা উপাৰ্জন কৰিছে।
আনহাতে, ৰাণী মুখাৰ্জীৰ মৰ্দানী ৩ ছবিখনে আৰম্ভণিৰে পৰা বক্স অফিচত সংগ্ৰাম কৰি আহিছে। ছবিখনে পঞ্চম দিনত ২.৫০ কোটি ₹ উপাৰ্জন কৰিছিল, যিটো চতুৰ্থ দিনত ২.২৫ কোটি ₹ৰ উপাৰ্জনতকৈ অলপ বেছি। কিন্তু সামান্য বৃদ্ধিৰ পিছতো ছবিখনৰ মুঠ উপাৰ্জন পাঁচ দিনৰ অন্তত মাত্ৰ ২২.২৫ কোটি ₹হে হৈছেগৈ। ইয়াৰ পৰা স্পষ্টকৈ দেখা যায় যে ইয়াৰ শক্তিশালী চৰিত্ৰ আৰু ফ্ৰেঞ্চাইজি পৰিচয় থকাৰ পিছতো মৰ্দানী ৩ এতিয়াও বৃহৎ দৰ্শকক আকৰ্ষণ কৰাত সফল হোৱা নাই।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া