
কুৱেটা (বেলুচিস্তান), ০৪ ফেব্ৰুৱাৰী (হি.স.)। পাকিস্তানৰ অশান্ত বেলুচিস্তান প্ৰদেশত যুদ্ধৰ সময়ত স্থাপন কৰা পাকিস্তানী সেনাৰ কেইবাটাও শিবিৰ আৰু আউটপোষ্ট দখল কৰিছে বেলুচ লিবাৰেচন আৰ্মীৰ যোদ্ধাসকলে। ইফালে ৩১ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা বিএলএৰ অপাৰেচন হিৰোৰ পৰিপ্ৰেক্ষিতত প্ৰদেশখনৰ যোগাযোগ সেৱা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে। ৰে’ল আৰু বাছ সেৱাও বন্ধ কৰি দিছে চৰকাৰে।
দ্য বেলুচিস্তান পোষ্টৰ মতে, বেলুচিস্তান লিবাৰেচন আৰ্মীয়ে আজি নুস্কি জিলাৰ আহমেদৱাল অঞ্চলত পাকিস্তানী সেনাৰ শিবিৰকে ধৰি কেইবাটাও আউটপোষ্ট দখল কৰে। নুস্কি চহৰৰ পৰা ২০ কিলোমিটাৰ নিলগত আহমেদৱাল। নুস্কিৰ পৰা ৩৪ কিলোমিটাৰ দূৰত্বত থকা গুলগুৰত থকা পাকিস্তানী সেনাৰ আউটপোষ্টটোও দখল কৰে। বিএলএ যোদ্ধাই জব্দ কৰে সেনাবাহিনীৰ সকলো অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ।
বিএলএই নুস্কিকে ধৰি ১২খন চহৰৰ পাকিস্তান সেনাৰ শিবিৰ আৰু আউটপোষ্টত একেলগে আক্ৰমণ চলায়। নুস্কিৰ উপকণ্ঠত বিএলএ আৰু সেনাৰ মাজত গুলীচালনা অব্যাহত আছে। পাকিস্তানৰ ৰে’লৱেই কুৱেটাৰ পৰা চামানলৈ ঘৰুৱা ৰে’ল সেৱা বন্ধ কৰাৰ কথা ঘোষণা কৰে। বিভাগটোৱে জনোৱা মতে, কৰাচীৰ পৰা কুৱেটালৈ বোলান মেইল সেৱা ১২ ফেব্ৰুৱাৰীলৈকে বন্ধ থাকিব । ৰে’লৱেৰ বিষয়াসকলৰ মতে, বেলুচিস্তানৰ পৰা ইন্দোৰ মালিক আৰু চামানলৈ ৰে’ল সেৱা বন্ধ কৰাৰ ফলত ৩০ লাখ টকাৰো অধিক লোকচান হৈছে।
ইফালে পঞ্জাৱক বেলুচিস্তানৰ সৈতে সংযোগ কৰা ডি আই খান ল’ৰালাই ৰাষ্ট্ৰীয় ঘাইপথ আৰু কুৱেটাৰ পৰা টাফটানলৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথটোও পাঁচ দিন ধৰি বন্ধ কৰি দিয়া হৈছে। আন এটা প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে মঙলবাৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্যসকলে বেলুচিস্তানত শেহতীয়াকৈ সংঘটিত আক্ৰমণক তীব্ৰ গৰিহণা দি এই জঘন্য সন্ত্ৰাসবাদী কাৰ্য্যৰ দোষী, পৰিকল্পনাকাৰী, বিত্তীয় আৰু পৃষ্ঠপোষকসকলক জবাবদিহি কৰি ন্যায়ৰ ওচৰলৈ অনাৰ আহ্বান জনাইছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া