আয়ে ফাইনেন্সৰ আই পি অ’ ৯ ফেব্ৰুৱাৰীত মুকলি, প্ৰতি শ্বেয়াৰৰ মূল্য বেণ্ড ₹১২২–১২৯
নতুন দিল্লী, ০৪ ফেব্ৰুৱাৰী (হি.স.)। আয়ে ফাইনেন্স লিমিটেডৰ প্ৰাৰম্ভিক পাব্লিক অফাৰিং (আই পি অ’) ৯ ফেব্ৰুৱাৰীত মুকলি হ’ব। বিনিয়োগকাৰীয়ে ১১ ফেব্ৰুৱাৰীলৈকে নিবিদা দিব পাৰিব। কোম্পানীটোৱে প্ৰতি শ্বেয়াৰত ₹১২২–১২৯ ৰ মূল্যৰ বেণ্ড নিৰ্ধাৰণ কৰিছে। বুধব
कंपनी के लोगो का प्रतीकात्‍मक चित्र


নতুন দিল্লী, ০৪ ফেব্ৰুৱাৰী (হি.স.)। আয়ে ফাইনেন্স লিমিটেডৰ প্ৰাৰম্ভিক পাব্লিক অফাৰিং (আই পি অ’) ৯ ফেব্ৰুৱাৰীত মুকলি হ’ব। বিনিয়োগকাৰীয়ে ১১ ফেব্ৰুৱাৰীলৈকে নিবিদা দিব পাৰিব। কোম্পানীটোৱে প্ৰতি শ্বেয়াৰত ₹১২২–১২৯ ৰ মূল্যৰ বেণ্ড নিৰ্ধাৰণ কৰিছে।

বুধবাৰে কোম্পানীটোৱে এক বিবৃতিত কয় যে ₹২ ৰ ফেচ ভেলু ৯ ফেব্ৰুৱাৰীত মুকলি হ’ব আৰু ১১ ফেব্ৰুৱাৰীত বন্ধ হ’ব, আনহাতে বৃহৎ (এংকৰ) বিনিয়োগকাৰীয়ে ৬ ফেব্ৰুৱাৰীত নিবিদা দিব পাৰিব। মূল্যৰ বেণ্ড প্ৰতি শ্বেয়াৰত ₹১২২–১২৯ নিৰ্ধাৰণ কৰা হৈছে। ১৬ ফেব্ৰুৱাৰীত বম্বে ষ্টক এক্সচেঞ্জ (বিএছই) আৰু নেশ্যনেল ষ্টক এক্সচেঞ্জ (এনএছই)ত তালিকাভুক্ত হ’ব কোম্পানীটোৰ শ্বেয়াৰ।

আয়ে ফাইনেন্স লিমিটেডৰ ১০১০ কোটি টকাৰ আই পি অ’ত ৭১০ কোটি টকা পৰ্যন্ত শ্বেয়াৰৰ নতুনকৈ ইছ্যু আৰু ৩০০ কোটি টকা পৰ্যন্ত মূল্যৰ বৰ্তমানৰ শ্বেয়াৰহোল্ডাৰসকলে বিক্ৰীৰ বাবে অফাৰ (অ’ এফ এছ) দিয়া হৈছে। বিনিয়োগকাৰীয়ে নূন্যতম ১১৬টা ইকুইটি শ্বেয়াৰৰ বাবে আৰু তাৰ পিছত ১১৬টা ইকুইটি শ্বেয়াৰৰ বহুগুণত নিবিদা দিব পাৰে। নন-বেংকিং বিত্তীয় কোম্পানী আয়ে ফাইনেন্স লিমিটেডৰ আই পি অ’ৰ লক্ষ্য হৈছে ভৱিষ্যতৰ ব্যৱসায়িক বৃদ্ধি আৰু সম্পত্তি খণ্ডৰ সম্প্ৰসাৰণৰ বাবে মূলধনৰ ভিত্তি শক্তিশালী কৰা।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande