স্পেচএক্স আৰু এক্সএআই একত্ৰিত, মাস্কে কয়, এয়া কেৱল পৰৱৰ্তী অধ্যায় নহয়, কিন্তু যাত্ৰাৰ পৰৱৰ্তী অধ্যায়
ৱাশ্বিংটন, ০৩ ফেব্ৰুৱাৰী (হি.স.)। বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি তথা বিখ্যাত টেক উদ্যোগী ইলন মাস্কৰ মালিকানাধীন স্পেচএক্স আৰু এক্সএআই নামৰ দুটা কোম্পানী একত্ৰিত হৈছে। সোমবাৰে স্পেচএক্সে ঘোষণা কৰে যে তেওঁলোকে এক্সএআইক অধিগ্ৰহণ কৰিছে, যাৰ ফলত ই বিশ্বৰ আ
सांकेतिक।


ৱাশ্বিংটন, ০৩ ফেব্ৰুৱাৰী (হি.স.)। বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি তথা বিখ্যাত টেক উদ্যোগী ইলন মাস্কৰ মালিকানাধীন স্পেচএক্স আৰু এক্সএআই নামৰ দুটা কোম্পানী একত্ৰিত হৈছে। সোমবাৰে স্পেচএক্সে ঘোষণা কৰে যে তেওঁলোকে এক্সএআইক অধিগ্ৰহণ কৰিছে, যাৰ ফলত ই বিশ্বৰ আটাইতকৈ মূল্যৱান ব্যক্তিগত সত্ত্বা হিচাপে পৰিগণিত হৈছে। স্পেচএক্সৰ ৱেবছাইটত প্ৰকাশ কৰা এক বিবৃতিত মাস্কে কয় যে, “এয়া কেৱল পৰৱৰ্তী অধ্যায় নহয়, স্পেচএক্স আৰু এক্সএআইৰ অভিযানৰ যাত্ৰাৰ পৰৱৰ্তী গ্ৰন্থ।”

এই একত্ৰীকৰণৰ বিশদ বিৱৰণ দিয়া চিএনএনৰ প্ৰতিবেদনত কোৱা হৈছে যে এই একত্ৰীকৰণে এক্সএআইক কৃত্ৰিম বুদ্ধিমত্তা (এআই)ৰ দ্ৰুতগতিত বৃদ্ধি পোৱা ক্ষেত্ৰখনত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ প্ৰয়োজনীয় নগদ ধনৰ যোগান ধৰাৰ লগতে মহাকাশ অন্বেষণৰ ভৱিষ্যতৰ বাবে এই প্ৰযুক্তিৰ গুৰুত্বৰ চিন হিচাপেও চাব পাৰি।

এই পদক্ষেপে মাস্কৰ দৰে টেক বিদ্বান সমূহে এআইত অগ্ৰগতি লাভৰ বাবে কৰা কঠোৰ প্ৰচেষ্টাকো প্ৰদৰ্শন কৰে। মাস্কে লিখিছে, এআইৰ বৰ্তমানৰ অগ্ৰগতি বৃহৎ ভূমিভিত্তিক ডাটা চেণ্টাৰৰ ওপৰত নিৰ্ভৰশীল, যাৰ বাবে বহু শক্তি আৰু শীতলতাৰ প্ৰয়োজন। সেয়েহে আমি এই ক্ষেত্ৰখনক অধিক শক্তি আৰু স্থান থকা ঠাইলৈ লৈ যাব লাগিব।

শুকুৰবাৰে স্পেচএক্সে ফেডাৰেল কমিউনিকেচন কমিছনৰ পৰা ১০ লাখ উপগ্ৰহৰ নক্ষত্ৰমণ্ডল কক্ষপথলৈ প্ৰেৰণৰ অনুমতি বিচাৰিছিল। অনুৰোধত উল্লেখ কৰা হৈছে যে লক্ষ্য হৈছে এআইৰ বাবে ডাটাৰ ক্ৰমবৰ্ধমান চাহিদা পূৰণ কৰিবলৈ সৌৰশক্তিচালিত ডাটা চেণ্টাৰৰ নেটৱৰ্ক প্ৰদান কৰা। মাস্কে অনুমান কৰিছে যে দুবছৰৰ পৰা তিনি বছৰৰ ভিতৰত এআই কম্পিউট সৃষ্টিৰ মহাকাশতেই আটাইতকৈ কম খৰচী উপায় হ’ব ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande